নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত শ্ৰদ্ধাঞ্জলি কাননত ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ’ল ৭২ সংখ্যক গণতন্ত্ৰ দিৱস ৷ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷

আজি ৭২তম গণৰাজ্য দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত বীৰ ছহীদ আৰু স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি উপস্থিত সকলোকে সম্বোধন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। দেশৰ স্বাৰ্থত যিসকল বীৰবিৰংগনাই আত্ম বলিদান দিলে সেইসকল বীৰ ছহীদলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো।”

You might also like