নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশেই উদযাপন কৰিছে ৭২ সংখ্যক গণৰাজ্য দিৱস।

৭২তম গণৰাজ্য দিৱস উদযাপন উপলক্ষে গুৱাহাটীত আয়োজিত ৰাজ্যিক অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

ৰাজ্যপাল জগদীশ মুখীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰে আৰু ৰাজ্যবাসীৰ উদ্দেশ্যে সম্বোধন কৰে।

এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক অতীন দাসক সংবাদসেৱাৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যপালৰ উপস্থিতিত মুখ্যমন্ত্ৰী সোণোৱালে ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা, ২০২১’ প্ৰদান কৰে।

You might also like