নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্ণাটকত মুখ্যমন্ত্ৰিত্বকেন্দ্ৰিক পোষ্টাৰ যুদ্ধ

বিশেষ বাৰ্তা, ১৪ মেঃ কালি কৰ্ণাটক বিধানসভা নিৰ্বাচনত চমকপ্ৰদ জয়লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী কোন হব, সেই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আজি সন্ধিয়া কংগ্ৰেছে বিধায়কসকলৰ বৈঠক আহ্বান কৰিছে। কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে সন্ধিয়া বেংগালুৰুৰ শ্বাংগ্ৰী-লা হোটেলত অনুষ্ঠিত হ’ব বুলি কোৱা এই বৈঠকত কংগ্ৰেছ বিধায়িনী দলে মুখ্যমন্ত্ৰী বাছনিৰ সিদ্ধান্ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ ওপৰত এৰি দি প্ৰস্তাৱ গৃহীত কৰাৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱা মতে, আজি কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নহ’ব যদিও সকলো বিধায়কৰ মতামত নিশ্চিত হ’ব। কৰ্ণাটক চিএলপিৰ বৈঠকৰ বাবে কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল কুমাৰ শিণ্ডে, দীপক বাবাৰিয়া আৰু জিতেন্দ্ৰ সিং আলৱাৰক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ডি কে শিৱকুমাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা সিদ্দাৰামাইয়া দুয়োজনে শীৰ্ষ পদৰ বাবে নিজৰ আকাংক্ষাক লৈ কণ্ঠস্বৰ প্ৰকাশ কৰি বিষয়টো সমাধান নকৰিলে দলৰ ভিতৰত অসন্তুষ্টি হোৱাৰ আশংকা সৃষ্টি হৈছে। আজি শিৱকুমাৰে কয় যে, “কিছুমানে কয় যে মোৰ সিদ্দাৰমাইয়াৰ সৈতে মতানৈক্য আছে, কিন্তু মই স্পষ্ট কৰিব বিচাৰো যে আমাৰ মাজত কোনো পাৰ্থক্য নাই। বহুবাৰ মই দলৰ বাবে ত্যাগ কৰিছো আৰু সিদ্দাৰমাইয়াজীৰ সৈতে থিয় দিছো। মই সিদ্দাৰমাইয়াক সহযোগিতা কৰিছোঁ।” বেংগালুৰুত থকা তেওঁৰ বাসগৃহৰ বাহিৰত সিদ্দাৰামাইয়াৰ সমৰ্থকসকলে তেওঁক “কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী” বুলি উল্লেখ কৰি এখন পোষ্টাৰ লগাইছে। দেওবাৰে বেংগালুৰুস্থিত ডি কে শিৱকুমাৰৰ ঘৰৰ বাহিৰতো পোষ্টাৰ লগোৱা হয়, য’ত ১৫ মে’ত ডি কে শিৱকুমাৰৰ ঘৰৰ আগত জন্মদিনৰ শুভেচ্ছা জনোৱা হয়, য’ত “কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা” লিখা আছিল। উল্লেখ্য যে যোৱা সন্ধিয়া ৰাজ্যৰ দুই শীৰ্ষ নেতাৰ সৈতে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যবাসীৰ বাবে বিজয় উৎসৰ্গা কৰি দলৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া কল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিয়লি পুনৰ দিল্লীলৈ ৰাওনা হৈছে ছোনিয়া গান্ধীক লগ কৰিবলৈ। আজি বেংগালুৰুত চিএলপিৰ সভাত তেওঁ উপস্থিত নাথাকিব।

You might also like