নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনৰ অস্ত্ৰ ডিপোত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ

বিশেষ বাৰ্তা, ১৪ মেঃ ইউক্ৰেইনৰ অস্ত্ৰ ডিপোত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ। ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ প্ৰায় ৫০ কোটি মূল্যৰ গোলা-বাৰুদ অপচয় হয়। ৰাছিয়াই ইউক্ৰেইনৰ খমেলনিটস্কিৰ আৰ্মছ ডিপোত আক্ৰমণ কৰে। এই সময়ত ৰাছিয়াই দুবাৰকৈ আক্ৰমণ চলাইছিল। শেহতীয়াকৈ কেইবাটাও বৃহৎ আক্ৰমণৰ পিছত ৰাছিয়াই এই আক্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰাৰ উদ্দেশ্যেৰে ড্ৰ’ন আক্ৰমণ চলাইছিল, তাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত চলি থকা এই যুদ্ধ সময়ৰ লগে লগে ক্ৰমান্বয়ে বিপজ্জনক হৈ পৰিছে। ৰাছিয়াৰ আৰ্মছ ডিপোত আক্ৰমণ কৰা ভিডিঅ’ও মুকলি কৰা হৈছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে আক্ৰমণৰ পিছত দূৰৰ পৰা ক’লা ধোঁৱাৰ ঢৌ দেখা গৈছিল। বিস্ফোৰণৰ তীব্ৰতা ইমানেই আছিল যে দূৰ-দূৰণিৰ শব্দ শুনা গৈছিল। এই আক্ৰমণৰ বাবে ইউক্ৰেইনো বহু ক্ষতিগ্ৰস্ত হৈছিল। আনহাতে, এদিন আগতে অৰ্থাৎ ১৩ মে’ত ইউক্ৰেইনে দুখন ৰাছিয়াৰ যুঁজাৰু বিমান আৰু হেলিকপ্টাৰত গুলীয়াইছিল। ৰাছিয়াৰ যুদ্ধ বিমান আৰু হেলিকপ্টাৰ দুয়োখনেই উত্তৰ-পূব ইউক্ৰেইনৰ গাতে লাগি থকা ব্ৰাইয়ানস্ক অঞ্চলত উৰি আছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ ১৪ মাহতকৈও অধিক হ’ল। ইফালে দুয়োখন দেশৰ সেনাবাহিনীৰ প্ৰায় লাখ লাখ জোৱানৰ মৃত্যু হৈছে। শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ বাখমুট অঞ্চল দখল কৰিবলৈ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ইউক্ৰেইনৰ বাবে ৰাজনৈতিকভাৱে বাখমুট অতি বিশেষ, গতিকে ৰাছিয়াৰ সেনাই বিশ্বাস কৰে যে যদি তেওঁলোকে বাখমুটক দখল কৰে তেন্তে যুদ্ধত নিজৰ দখল শক্তিশালী কৰিব।

You might also like