নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ তিনিটা ফোন, লেপটপ–ডায়েৰী চমজি ল’লে চিবিআয়ে

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বলীউডৰ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে চিবিআয়ে৷ উচ্চতম ন্যায়ালয়ে বহুচর্চিত অভিনেতা সুশান্ত সিং ৰাজপুতৰ গোচৰ চিবিআইক অর্পণ কৰাৰ পিছত কালি মুম্বাইত উপস্থিত হয় তদন্তকাৰী
সংস্থাটোৰ ১৫জনীয়া দল৷

বিএমচিয়ে চিবিআইৰ দলক কোৱাৰেণ্টাইন কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰিলেও মুম্বাইত উপস্থিত হোৱা দলটোক কোৱাৰেণ্টাইনৰ পৰা ৰেহাই দিয়াৰ পিছতে তদন্তকাৰী দলটোৱে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ লগত জড়িত তথ্য যুগুতোৱাৰ বাবে অভিযান আৰম্ভ কৰে৷ চিবিআইৰ দলটোৱে প্রথমতে মুম্বাই আৰক্ষীৰ পৰা কেচ ডায়েৰীৰ লগতে অভিনেতাগৰাকীৰ ফোন আৰু লেপটপো চমজি লয়৷ তথ্য মতে চিবিআয়ে মুম্বাই আৰক্ষীৰ পৰা সুশান্ত সিং ৰাজপুতৰ তিনিটা ম’বাইল, লেপটপ আৰু ডায়েৰী চমজি লয়৷

তদুপৰি মুম্বাই আৰক্ষীয়ে অভিনেতা সুশান্তৰ মৃত্যু সন্দর্ভত গ্রহণ কৰা ৫৬জনৰ ভাষ্যও চিবিআয়ে চমজি লয়৷ চিবিআইৰ সূত্রত প্রকাশ পোৱা মতে তদন্তকাৰী দলটোৱে অভিনেতা সুশান্তৰ ৰান্ধনীজনকো জেৰা কৰিছে৷ তদন্তৰ বাবেই চিবিআয়ে অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসালয়ৰ পাঁচগৰাকী চিকিৎসককো সোধা–পোছা কৰিব৷ অভিনেতাজনৰ মৃত্যুৰ পিছত গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীৰ চালচলন সন্দর্ভতো চিকিৎসকৰ পৰা তথ্য সংগ্রহ কৰিব৷

তদুপৰি অভিনেতা সুশান্তৰ কোঠাৰ পৰা সংগ্রহ কৰা তেজৰ নমুনাকে ধৰি বিভিন্ন সামগ্রী ফৰেনছিক তথ্য সন্দর্ভতো চিকিৎসকক সোধা–পোছা কৰিব চিবিআয়ে৷ আনপিনে সুশান্ত সিঙৰ এপার্টমেণ্টৰ পৰা মুম্বাই আৰক্ষীয়ে সংগ্রহ কৰা ১৩ আৰু ১৪ জুনৰ চিচি টিভি ফুটেজ চিবিআয়ে মুম্বাই আৰক্ষীৰ পৰা চমজি লয় আৰু এই চিচি টিভি ফুটেজ টেম্পাৰিঙক লৈয়ো চিবিআয়ে অনুসন্ধান চলাব৷

বান্দ্রা আৰক্ষীৰ পৰা কেচ ডায়েৰী চমজি লোৱা চিবিআয়ে আজিয়েই অভিনেতাগৰাকীয়ে বাস কৰা এপার্টমেণ্টত উপস্থিত হয়৷ যিটো এপার্টমেণ্টত যোৱা ১৪ জুনত অভিনেতাগৰাকীয়ে ৰহস্যজনক আত্মহননৰ বলি হৈছিল৷ ইপিনে অভিনেতা সুশান্তৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলা মুম্বাইৰ জ’ন–৯ৰ ডিচিপি পৰমজিৎ দাহিয়াৰ ভাষ্যও চিবিআয়ে গ্রহণ কৰিব বুলি প্রকাশ পাইছে৷ অভিনেতাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সময়তে আজি নতুন দিল্লীত এনফ’চমেণ্ট ডিৰেক্টৰেটে অভিনেতা সুশান্তৰ ভগ্ণী প্রিয়ংকাৰ ভাষ্যও গ্রহণ কৰিছে৷

অভিনেতাজনৰ পিতৃ কে কে সিঙৰ ভাষ্যও গ্রহণ কৰিছে ইডিয়ে৷ আনপিনে চিবিআয়ে অভিনেতা সুশান্তৰ গোচৰৰ তদন্ত আৰম্ভ কৰাৰ সময়তে সুশান্ত সিং গোচৰৰ অধিবক্তা বিকাশ সিঙে গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীক চিবিআয়ে জিম্মাত ল’ব লাগে বুলি মত প্রকাশ কৰিছে৷ লক্ষণীয় যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহননৰ পিছতেই এই ঘটনাৰ লগত চর্চিত হৈ পৰা প্রযোজক–পৰিচালক মহেশ ভাটৰ সৈতে সুশান্তৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীৰ মাজত হোৱাটছএপ বার্তাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷

ইতিমধ্যে মহেশ ভাট আৰু ৰিয়া চক্রৱর্তীৰ মাজত টেলিফোনিক বার্তালাপৰ বিষয়টোৱে চর্চাৰ মাজত থকাৰ সময়তে আজি দুয়োজনৰ মাজত হোৱাটছএপ বার্তা পোহৰলৈ অহাত ঘটনাই নতুন মোৰ লৈছে৷ চলচ্চিত্র নির্মাতা মহেশ ভাট আৰু ৰিয়া চক্রৱর্তীৰ মাজত হোৱা বার্তালাপত চক্রৱর্তীয়ে বয়ফ্রেণ্ড সুশান্তৰ সৈতে সম্পর্ক ছেদ হোৱা বিষয়টো উল্লেখ কৰি ৰিয়াই নির্মাতা ভাটক অভিনেতা সুশান্তৰ পিতৃয়ে তেওঁলোকৰ সম্পর্কক লৈ সুখী নহয় বুলি বার্তাত প্রকাশ কৰিছে৷

You might also like