নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ২৪ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। গোপন সূত্ৰৰ পম খেদি যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে ঔতলাবড়ী আৰু মহামাৰী পথাৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ’ল হজৰত আলী আৰু জাকিৰ হুছেইন। ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ৯টা ড্ৰাগছভৰ্তি কন্টেইনাৰ, এটা ম’বাইল আৰু নগদ ৩৮০০ টকা জব্দ কৰে। ইয়াৰ পূৰ্বে ধৃত সৰবৰাহকাৰী দুটা ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ গৈছিল। জেলৰ পৰা ওলাই পুনৰ সৰবৰাহকাৰী দুটাই পুনৰ নিজৰ ঘৰত ড্ৰাগছ বিক্ৰী কৰি আহিছিল। সম্প্রতি দুয়োকে লাহৰীঘাট আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like