নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিকৰ প্রশ্নকাকত ফাদিল ঘটনাৰ তদন্ত অব্যাহতঃ চিআইডি কার্যালয়ত ছেবাৰ পৰীক্ষা নিয়ন্ত্রকসহ তিনি কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: মেট্রিকৰ প্রশ্নকাকত ফাদিলৰ তদন্তই নিতৌ নতুন নতুন মোৰ লৈছে৷ ইতিমধ্যে এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা প্রণৱ দত্ত, কুমুদ ৰাজখোৱা, প্রসন্ন দাসক জেৰা অব্যাহত ৰখা চিআইডিয়ে এইবাৰ ছেবাৰ বিষয়া–কর্মচাৰীকো জেৰাৰ বাবে তলব কৰিছে৷ তদন্তকাৰী সংস্থাটোৰ নির্দেশৰ পাছতে আজি চিআইডি কার্যালয়ত হাজিৰ হয় ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাৰ লগতে উচ্চবর্গৰ সহায়ক কুশল দাস আৰু এজন নিৰাপত্তাৰক্ষী৷ উল্লেখ্য যে মেট্রিকৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ পাছৰ পৰাই ছেবাৰ কোনো বিষয়া–কর্মচাৰী এই কর্মকাণ্ডত জড়িত নহয় বুলি দাবী কৰি আহিছিল ছেবা কর্তৃপক্ষই৷ আনকি পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মায়ো এই ঘটনাত ছেবাৰ কর্মচাৰী জড়িত নথকাৰ নিশ্চয়তা প্রদান কৰিছিল৷ ইয়াৰ পাছতেই আজি চিআইডিয়ে পৰীক্ষা নিয়ন্ত্রকসহ দুজন কর্মচাৰীক জেৰাৰ বাবে কৰা তলবে সমগ্র বিষয়টো অধিক স্পর্শকাতৰ কৰি তুলিছে৷

চিআইডি কার্যালয়ত তিনিওজনকে আজি দীঘলীয়া সময় মূল অভিযুক্ত প্রণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্রসন্ন দাসৰ সৈতে জেৰা চলায়৷ উল্লেখ্য যে ইতিপূর্বে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত গ্রেপ্তাৰ হোৱা গুৱাহাটীৰ কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁই আৰু শিক্ষক হেৰম্ব কুমাৰ দাসক আৰক্ষী জিম্মা শেষ হোৱা হেতুকে আজি পুনৰ আদলতত হাজিৰ কৰা হয়৷ আদলতে দুয়োজনকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ ইফালে, সমগ্র ঘটনাৰ মূল অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা লখিমপুৰ–ধেমাজি জিলাত চিআইডিৰ অভিযান তীব্র গতিত চলিছে৷ লোহিত খাবলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ কাম্বোং গাঁৱত প্রণৱ দত্তৰ ভাৰাঘৰৰ মালিক অৱৰাম পেগুৰ ঘৰত আঠজনীয়া চিআইডিৰ দলে অভিযান চলায়৷ প্রায় তিনি ঘণ্টাজোৰা অভিযানৰ অন্তত প্রণৱ দত্তৰ ভাৰাঘৰৰ পৰা বিভিন্ন তথ্য–পাতি সংগ্রহ কৰিছে চিআইডিৰ দলে৷

উল্লেখ্য যে যোৱা ১৮ মার্চতো চিআইডিৰ দলটোৱে প্রশ্ণকাকত ফাদিল হোৱা অন্যতম অভিযুক্ত প্রণৱ দত্তৰ লোহিত খাবলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাটাও কোঠাত তালাচী চলাইছিল৷ এই তালাচীত প্রণৱ দত্তই চলিত বর্ষৰ মেট্রিকৰ ইংৰাজী প্রশ্ণকাকত ভাজ কৰি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল৷ মন কৰিবলগীয়া যে প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ পিছদিনা আৰক্ষীয়ে কাম্বোং গাঁৱৰ প্রণৱ দত্তৰ ভাৰাঘৰৰ মালিক অৱৰাম পেগুৰ ঘৰত এক দীঘলীয়া অভিযান চলাইছিল৷ আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত প্রণৱ দত্তই এই ভাৰাঘৰতেই বিজ্ঞান আৰু অসমীয়াৰ প্রশ্ণকাকত জ্বলাই দিয়াৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ ইফালে, আজি কটকটীয়া নিৰাপত্তাৰ মাজেদি লোহিত খাবলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূগোল বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়৷ পৰীক্ষা কেন্দ্রটোত লখিমপুৰ শিক্ষা বিভাগে যাদৱ বৰা নামৰ এগৰাকী শিক্ষকক নিয়ন্ত্রক হিচাপে নিয়োজিত কৰিছে৷

You might also like