নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসমসহ উত্তৰ–পূর্বাঞ্চল অভিমুখে যাত্রা ভাৰত গৌৰৱ ৰে’লৰ

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: দেশৰ পর্যটন ক্ষেত্রখনক এক নতুন মাত্রা দিয়াৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিছে ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’ল৷ এই বিশেষ পর্যটক ৰে’লখন ২১ মার্চত দিল্লীৰ চফদৰজং ৰে’ল ষ্টেচনৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চল অভিমুখে যাত্রা আৰম্ভ কৰিব৷ ৰে’লখনে উত্তৰ–পূবত মুঠ ১৫ দিন ভ্রমণ কৰিব৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’হ জানিবলৈ দিয়া মতে, ভ্রমণকালত এই বিশেষ ৰে’লখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, ফৰকাটিং আৰু কাজিৰঙা, ত্রিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা, মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী, অৰুণাচল প্রদেশৰ হটানগৰক সামৰি ল’ব৷ তেনেদৰে ০০৪১২নং ভাৰত গৌৰৱ ডিলাক্স এচি পর্যটক ৰে’লখন ২১ মার্চত দিল্লীৰ পৰা বিয়লি ৩.২০ বজাত ৰাওনা হোৱাৰ পাছত গাজিয়াবাদ, আলিগড, টুণ্ডলা, হটাৱা, কানপুৰ আৰু লক্ষ্ণৌ ষ্টেচনত ৰ’ব৷ তাত পর্যটকসকলে ৰে’লখনত উঠিব আৰু নামিব পাৰিব৷ ১৪টা নিশা আৰু ১৫টা দিনৰ বিস্তৃত সময়সূচীৰে সামৰি লোৱা এই ৰে’লখন ২৩ মার্চত আহি গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হ’ব৷ ইয়াত দুটা নিশা ৰে’লখন থাকিব৷ সেই দুটা দিনত পর্যটকসকলে কামাখ্যা মন্দিৰ দর্শন কৰিব আৰু তাৰ পাছত উমানন্দ মন্দিৰ দর্শন কৰি নৌকা ভ্রমণেৰে ব্রহ্মপুত্রত সূর্যাস্ত উপভোগ কৰিব৷

তাৰ পাছত ২৫ মার্চৰ নিশা ৰে’লখনে অৰুণাচলৰ নাহৰলগুন ৰে’ল ষ্টেচন অভিমুখে যাত্রা আৰম্ভ কৰিব৷ ২৬ মার্চৰ পুৱা পর্যটকসকলে তাৰ পৰা ইটানগৰ চহৰ চাব৷ অৰুণাচল প্রদেশৰ পৰা ৰে’লখন শিৱসাগৰলৈ আহিব৷ হয়াৰ পাছত যোৰহাট চাহ বাগিচা আৰু কাজিৰঙাত নিশাটো থকাৰ পাছত কাজিৰঙা ৰাষ্ট্রীয় ডদ্যানত পুৱা জাংগল ছাফাৰি পর্যটকসকলে উপভোগ কৰিব পাৰিব৷ পৰৱর্তী ২৭ মার্চত ডিলাক্স এচি টুৰিষ্ট ৰে’লখন ফৰকাটিং ৰে’ল ষ্টেচনৰ পৰা ত্রিপুৰালৈ ৰাওনা হ’ব৷ তাত দুটা দিন থকাৰ পাছত ২৯ মার্চত ৰে’লখন নাগালেও ভ্রমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হ’ব৷ ডিমাপুৰ ষ্টেচনৰ পৰা পর্যটকসকলক স্থানীয় পর্যটন স্থানসমূহ পৰিদর্শন কৰাৰ বাবে বাছযোগে কোহিমালৈ লৈ যোৱা হ’ব৷ পুনৰ পহিলা এপ্রিলত ৰে’লখন আহি গুৱাহাটীত উপস্থিত হ’ব৷ গুৱাহাটীত এটা নিশা কটোৱাৰ পাছত পর্যটকসকলক বাছযোগে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ’ব আৰু যাত্রা পথত বৰাপানীৰ উমিয়াম হ্রদ দর্শনৰ বাবে অলপ সময় বাছখন ৰখোৱা হ’ব৷ সিদিনা নিশাটো শ্বিলঙত থকাৰ পাছত পিছদিনা পর্যটকসকলক চেৰাপুঞ্জীলৈ নিয়া হ’ব৷ তাত বিভিন্ন পর্যটনথলী দর্শন কৰাৰ পাছত সন্ধিয়া গুৱাহাটীলৈ উভতি আহিব৷ ২ এপ্রিলৰ নিশা ৰে’লখন দিল্লী অভিমুখে যাত্রা আৰম্ভ কৰিব আৰু ৪ এপ্রিলত বিয়লি ১.৩০ বজাত গৈ দিল্লীৰ চফদৰজং ষ্টেচনত গৈ উপস্থিত হ’ব৷ উল্লেখ্য যে আধুনিক ডিলাক্স এচি টুৰিষ্ট ট্ৰেইন দুখন সুন্দৰ ডাইনিং ৰেষ্টুৰেণ্ট আৰু এটা অত্যাধুনিক পাকঘৰ আছে৷ সম্পূর্ণ শীত–তাপ নিয়ন্ত্রিত ৰে’লখনে তিনি প্রকাৰৰ সুবিধা প্রদান কৰে, যেনে– এটি ১, এটি ২ আৰু এটি ৩৷ ৰে’লখনত চিচি টিভি কেমেৰা, ইলেক্ট্রনিক চেষ্ট আৰু প্রতিটো দবাৰ বাবে নিযুক্ত সমর্পিত নিৰাপত্তাৰক্ষীৰ দৰে সুৰক্ষা সুবিধা বৃদ্ধি কৰা হৈছে৷

You might also like