নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বৃদ্ধি নাৰীজনিত অপৰাধ: ২০১৬ চনৰ পৰা যোৱা ফেব্রুৱাৰীলৈ ১,৬০৬টা নাৰীজনিত হত্যাকাণ্ড

  •  ২০১৬ চনৰ পৰা যোৱা ফেব্রুৱাৰীলৈ ১,৬০৬টা নাৰীজনিত হত্যাকাণ্ড, ১,০৩৪টা যৌতুকজনিত মৃত্যু, ১২,৩৩১টা ধর্ষণ, ডাইনীৰ সন্দেহত ৭৪ হত্যাকাণ্ড– সদনত মুখ্যমন্ত্রীৰ তথ্য

 

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ:  ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ৷ ২০১৬ চনৰ পৰা চলিত বর্ষৰ ২৮ ফেব্রুৱাৰীলৈ ৰাজ্যখনত মুঠ ১,৭০,১৭৪টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত এই সময়ছোৱাত ১,৬০৬টা নাৰীজনিত হত্যাকাণ্ড, ১,০৩৪টা যৌতুকজনিত মৃত্যু, ১২,৩৩১টা ধর্ষণ, ৭৪টা ডাইনীৰ সন্দেহত হত্যাকাণ্ড সংঘটিত হৈছে৷ আজি বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত এই তথ্য সদৰী কৰে৷ বছৰ অনুসৰি সংঘটিত নাৰীজনিত হত্যাকাণ্ডৰ সংখ্যা এনেধৰণৰ– ২০১৬ চনত ১৮১টা, ২০১৭ চনত ১৯৭টা, ২০১৮ চনত ২৮১টা, ২০১৯ চনত ২৫৯টা, ২০২০ চনত ১৭২টা, ২০২১ চনত ২৩০টা, ২০২২ চনত ২৪৬টা আৰু চলিত বর্ষৰ যোৱা দুমাহত ৪০টা৷ সেইদৰে যৌতুকজনিত কাৰণত এই সময়ছোৱাত মৃত্যুমুখত পৰা মহিলাৰ সংখ্যা এনেধৰণৰ– ২০১৬ চনত ১৫৭টা, ২০১৭ চনত ১৫০টা, ২০১৮ চনত ১৬৬টা, ২০১৯ চনত ১৬৫টা, ২০২০ চনত ১২৪টা, ২০২১ চনত ১১৯টা, ২০২২ চনত ১৩০টা আৰু চলিত বর্ষৰ যোৱা দুমাহত ২৩টা৷ একেদৰে যৌতুকজনিত কাৰণত আহত মহিলাৰ সংখ্যা এনেধৰণৰ – ২০১৬ত ২৩৩টা, ২০১৭ত ২,৫৯৯টা, ২০১৮ত ২,৭০১টা, ২০১৯ত ৩,১৩৯টা, ২০২০ত ২,৯৮৬টা, ২০২১ত ৩,১৪৬টা, ২০২২ত ৯০১টা আৰু চলিত বর্ষৰ যোৱা দুমাহত ৭৯টা৷ অনুৰূপ ধৰণে উক্ত সময়ছোৱাত বছৰ অনুসৰি ৰাজ্যখনত সংঘটিত ধর্ষণৰ সংখ্যা এনেধৰণৰ– ২০১৬ত ১,৭৭৯টা, ২০১৭ত ১,৭০৮টা, ২০১৮ত ১,৯০৯টা, ২০১৯ত ১,৯৫২টা, ২০২০ত ১,৭৩৬টা, ২০২১ত ১,৯২২টা, ২০২২ত ১,১৭০টা আৰু চলিত বর্ষৰ যোৱা দুমাহত ১৫৫টা৷ একেদৰে উক্ত বছৰকেইটাত ডাইনীৰ সন্দেহত সংঘটিত হত্যাৰ সংখ্যা এনেধৰণৰ– ২০১৬ত ১০টা, ২০১৭ত ৯টা, ২০১৮ত ১২টা, ২০১৯ত ১৩টা, ২০২০ত ১৪টা, ২০২১ত ৬টা আৰু ২০২২ত ১০টা৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত নাৰীজনিত অপৰাধ ৰোধৰ বাবে আৰক্ষীয়ে এক বহুমুখী দৃষ্টিভংগী গ্রহণ কৰিছে, য’ত প্রতিৰোধমূলক আৰু নিৰাময়মূলক দুয়োটা ব্যৱস্থা অন্তর্ভুক্ত কৰা হৈছে৷ নাৰীক সন্মান জনোৱাৰ লগতে লিংগভিত্তিক হিংসা ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে কেইবাটাও সজাগতামূলক কার্যসূচী হাতত লৈছে৷ আৰক্ষী থানাসমূহত বিশেষ মহিলা হেল্প ডেস্ক স্থাপন কৰা হৈছে৷ তদুপৰি যৌতুকজনিত হিংসা আৰু ডাইনী হত্যাৰ বিৰুদ্ধেও অভিযান চলাই আছে৷ ধর্ষণ আৰু হত্যাৰ দৰে জঘন্য ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশেষ তদন্তকাৰী দলো গঠন কৰিছে৷ এই দলসমূহক বিশেষ প্রশিক্ষণ প্রদান কৰা হয়, যাতে তেওঁলোকে অতি সাৱধানতা আৰু পেছাদাৰী মনোভাবেৰে স্পর্শকাতৰ ঘটনাসমূহ পৰিচালনা কৰিব পাৰে৷ নাৰীজনিত অপৰাধ ৰোধৰ ক্ষেত্রত মহিলা আৰক্ষীৰ দ্বাৰা মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বীৰাংগনা নামেৰে এটা বিশেষ মহিলা কমাণ্ডো ইউনিট স্থাপন কৰিছে৷ এই মহিলা কমাণ্ডো ইউনিটে অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্রী আৰু মহিলাসকলক আত্মৰক্ষাৰ বাবে প্রশিক্ষণ প্রদান কৰি আহিছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাৰীজনিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্রহণ কৰা প্রচেষ্টা ফলপ্রসূ হোৱাৰ লগতে বিগত বছৰবোৰত এনেধৰণৰ ঘটনাৰ সংখ্যা হ্রাস পাইছে৷ ২০১৬ চনত ৰাজ্যত ২০,৮৬৯টা নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছিল যদিও ২০২২ চনৰ ভিতৰত এই সংখ্যা মাত্র ১২,০৮৮লৈ হ্রাস পায়৷ অর্থাৎ ৪৪ শতাংশতকৈও অধিক অপৰাধ হ্রাস পাইছে৷ অৱশ্যে এই অগ্রগতিৰ পাছতো ৰাজ্যখনক মহিলাৰ বাবে সুৰক্ষিত কৰাৰ বাবে এতিয়াও বহু কাম বাকী আছে আৰু অসম আৰক্ষীয়ে এইক্ষেত্রত তেওঁলোকৰ প্রচেষ্টা অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ৷ আনহাতে, বিধায়ক আশ্রাফুল হুছেইনৰ আন এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিশু আৰু নাৰী সৰবৰাহ ৰোধ কৰাৰ বাবে চৰকাৰে অসমৰ প্রতিখন জিলাতে মানৱ সৰবৰাহবিৰোধী গোট গঠন কৰি কার্যকৰী কৰা হৈছে৷ এই গোটসমূহে এনজি’, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্রম বিভাগ, ভিডিপি আদিৰ লগতে শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চোৰাংচোৱাৰ তথ্য সংগ্রহ আৰু গোচৰসমূহ তদন্ত কৰাৰ বাবে এটা দল হিচাপে কাম কৰে৷ তদুপৰি ১৯৯৪ চনত অপৰাধ অনুসন্ধান সংস্থা মহিলাৰ বিৰুদ্ধে অপৰাধ কোষ গঠন কৰা হয় আৰু ২০২২ চনত আৰক্ষী অধীক্ষক নিযুক্তি দিয়া হয়৷ শিশু সৰবৰাহৰ ঘটনাৰ তদন্ত তথা অভিযানৰ সৈতে জড়িত চৰকাৰী বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিগত তিনিটা বছৰত বিভিন্ন প্রশিক্ষণৰ ব্যৱস্থা হাতত লোৱা হৈছে৷

You might also like