বিশেষ বাৰ্তা, ২ অক্টোবৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত ক্ষিপ্ৰ গতিত আগবঢ়াইছে এছ আই টিয়ে। ইয়াৰ মাজতে কালি সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ পিছত চলোৱা জেৰাৰ পিছত ইতিমধ্যে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ সৈতে নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ এটা ধাৰা সংযোজন কৰা হৈছে। জানিব পৰা মতে এই গোচৰৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। হত্যাকাণ্ডৰ গোচৰত সংযোজন কৰা হয় ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা।
উল্লেখ্য যে নতুনকৈ হত্যাৰ এই নতুন ধাৰা সংযোজন কৰাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো ১৯ ছেপ্টেম্বৰৰ শোকাৱহ ঘটনাৰ পিছতে জুবিনৰ মৃত্যু এক দুৰ্ঘটনা বুলি প্ৰচাৰ কৰা হৈছিল যদিও ছিংগাপুৰত সংঘটিত সমগ্ৰ ঘটনাৰ কেইবাটাও ভিডিঅ’ জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ পিছত শোকত ম্ৰিয়মাণ জুবিনপ্ৰেমী তথা অসমৰ সৰ্বস্তৰৰ ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছিল।
লক্ষণীয় যে ১ অক্টোবৰত শ্যামকানু মহন্তক দিল্লীত আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱত গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মাত লোৱা চি আই ডিয়ে প্ৰথম নিশাই শ্যামকানু আৰু সিদ্ধাৰ্থক পৃথকে পৃথকে জেৰা চলায়। প্ৰথম নিশা জেৰা আৰম্ভ কৰাৰ পাছত ইতিমধ্যে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ সৈতে নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰা হৈছে। হত্যাৰ অভিযোগত সংযোজন কৰা হয় এই ধাৰা।