নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত লবী পলিটিক্স : মিত্ৰজোঁটত কৌতূহল

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সমান্তৰালকৈ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপে শাসকীয় মিত্ৰজোঁট আৰু বিৰোধী মহাজোঁটৰ সম্ভাব্য প্ৰাৰ্থীক লৈ আৰম্ভ হৈছে গুণাগঁথা। অৱশ্যে এইবেলিও ধুবুৰী লোকসভা সমষ্টিত স্থানীয় সাংসদ তথা এআইইউডিএফ ছুপ্ৰিমো বদৰুদ্দিন আজমলে চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো খাটাং। আনহাতে, ধুবুৰীত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে অগপ নে বিজেপিৰ পৰা প্ৰক্ষেপ কৰা হ’ব সেয়া এতিয়ালৈ নিশ্চিত নহয় যদিও সম্প্ৰতি ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ ধুবুৰী চফৰৰ সময় প্ৰাক্তন আছু নেতা তথা বিজেপিত যোগদান কৰা দীপাংক কুমাৰ নাথে সংগ দিয়াৰ ঘটনাটো তাৎপৰ্যবাহী বুলিয়েই কিন্তু বিবেচিত হৈছে। ইপিনে, ২নং ধুবুৰী লোকসভা সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থীক লৈ কংগ্ৰেছৰ ভিতৰচোৱাত তীব্ৰ ল’বী পলিটিক্স আৰম্ভ হোৱা বুলি মত প্ৰকাশ কৰা পোৱা গৈছে ভু ৰখাসকলে। বিষয়টো উদঙাই দি দলটোৰ তৃণমূল পৰ্যায়ৰ একাংশ কৰ্মীয়ে ধুবুৰীত স্থানীয় নেতাক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ দাবী জনাই এখন সংবাদমেলো অনুষ্ঠিত কৰা দেখা গৈছে। উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী ৰূপে তিনিগৰাকীৰ নাম উচ্চাৰিত হৈছে – বৰপেটাৰ সাংসদ আব্দুল খালেক, দক্ষিণ শালমাৰাৰ ৱাজেদ আলী চৌধুৰী আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন। শেহতীয়াকৈ তিনিওৰে ভিতৰত ৰকিবুল হুছেইন বৰ্তমানে প্ৰাৰ্থীত্বৰ দৌৰত আগবাঢ়ি থকা বুলি এক চৰ্চাও শুনিবলৈ পোৱা গৈছে যদিও আগলৈ গৈ প্ৰকৃত সত্য কি সেয়া স্পষ্ট হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like