নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ চহী জালঃ গুৱাহাটীলৈ আনিলে অভিযুক্ত ইমৰান হুছেইনক

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রীৰ চহী জাল কৰি জল জীৱনত ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহক কালি অসম আৰক্ষীয়ে দিল্লীত গ্রেপ্তাৰ কৰাৰ পিছত সোমবাৰে বিয়লি গুৱাহাটীলৈ অনা হয়৷ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰা ইমৰান শ্বাহক দিল্লীৰ পৰা নিশা প্রায় ১০ বজাত গুৱাহাটীলৈ অনাৰ পিছত পোনে পোনে দিছপুৰ আৰক্ষী থানালৈ জেৰাৰ বাবে অনা হয়৷

উল্লেখ্য যে মুখ্যমন্ত্রীৰ জাল চহীৰে ইমৰান শ্বাহ হুছেইনে শিৱসাগৰৰ ডিমৌত চাৰিজন ঠিকাদাৰক জল জীৱন আঁচনিত তিনি কোটি টকাৰ ঠিকাৰ ভুৱা ৱর্ক অর্ডাৰ দিছিল৷ এই ঘটনা সন্দর্ভত যোৱা ৯ ছেপ্টেম্বৰত দিছপুৰ আৰক্ষীয়ে ডিমৌৰ পৰা যামিনী মোহন, দীপ দত্ত, বিনীত পোদ্দাৰ আৰু পংকজ গগৈক গ্রেপ্তাৰ কৰিছিল৷ লুইত কনষ্ট্রাকচন নামৰ প্রতিষ্ঠানটোক মুখ্যমন্ত্রীৰ জাল চহীৰে ৱর্ক অর্ডাৰ দিয়াৰ ঘটনা ফাদিল হোৱাৰ পিছতে দিল্লীলৈ পলায়ন কৰা ইমৰান শ্বাহে দিল্লীৰ বিভিন্ন ঠাইত আত্মগোপন কৰি আছিল যদিও দিল্লী আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে কালি এই দালালজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

You might also like