নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালালৰাজৰ ক’লা অধ্যায়

চৰকাৰী বিভাগসমূহ দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে বিগত সময়ছোৱাত গ্রহণ কৰা পদক্ষেপসমূহ যে ফলদায়ক হোৱা নাই, সেয়া সর্বসাধাৰণ ৰাইজে ভালদৰে উপলব্ধি কৰিছে৷ ৰাজ্যখনৰ চৰকাৰী বিভাগসমূহত চলি থকা দুনীতি–নিয়মৰ প্রতিৰোধ নোহোৱাৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে সর্বসাধাৰণ ৰাইজ৷ চৰকাৰী প্রশাসন ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰিবলৈ বিগত সময়ছোৱাত চৰকাৰসমূহে পদক্ষেপ গ্রহণ নকৰা নহয়৷ কিন্তু এনে পদক্ষেপ সত্ত্বেও চৰকাৰী বিভাগসমূহত দুর্নীতি–নিয়মৰ দৈত্যটোক পৰাভূত কৰিব পৰা নাই৷ চৰকাৰ এখনে যিমানেই জনকল্যাণমূলক আঁচনি গ্রহণ নকৰক কিয়, তাৰ সফলতা নির্ভৰ কৰে চৰকাৰী বিভাগসমূহৰ বিষয়া–কর্মচাৰীৰ কার্যদক্ষতাৰ ওপৰত৷ দায়িত্ববাহী বিষয়া–কর্মচাৰীসক কর্মদক্ষতা আৰু সততা অবিহনে কোনো এখন আঁচনিৰ সফল ৰূপায়ণ নহয়৷ এখন স্বচ্ছ আৰু নিকা চৰকাৰ প্রতিষ্ঠা কৰিবলৈ গ’লে বিষয়া–কর্মচাৰীসক কর্মদক্ষই নহয়, তেওঁলোকৰ সততাও থাকিব লাগিব৷ দুর্ভাগ্যজনকভাৱে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত এচাম অসাধু বিষয়া–কর্মচাৰীৰ ছত্রছায়াত দুর্নীতি–নিয়মৰ যি সাম্রাজ্যখন দিনকদিনে সম্প্রসাৰিত হোৱাহে দেখা গৈছে৷ ফলত ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজেই নহয়, চৰকাৰী বিভাগসমূহৰ সিংহভাগ বিষয়া–কর্মচাৰী নিঃসহায়ভাৱে চাই থকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে৷ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীসক দপ্দপনি যিমানেই বাঢ়িছে সিমানেই হতাশাত ভুগিছে বিভাগীয় নিষ্ঠাৱান বিষয়া–কর্মচাৰীসক৷ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ চক্রটোৰ পৃষ্ঠপোষকতাতেই বিভাগে বিভাগে চলি আছে দালালৰাজ৷ এই চক্রটোৱে নিৰূপণ কৰে বিভাগীয় কাম–কাজ৷ ৰাজ্যখনৰ উপায়ুক্ত আৰু ৰাজহ চক্র বিষয়াৰ কার্যালয়ত চলি থকা দালালৰাজ শীঘ্রে বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাত ছেপ্ঢেম্বৰত কঠোৰভাৱে সকীয়নি দিছে৷ ঘৰ–মাটি ক্রয়–বিক্রয়, ভূমিৰ নথি–পত্র আদিক লৈ ৰাজ্যখনৰ ৰাজহ চক্র বিষয়া আৰু উপায়ুক্ত কার্যালয়ত বছৰ বছৰ ধৰি চলি থকা দুর্নীতি–নিয়ম ইমানেই বৃদ্ধি পাইছে যে সর্বসাধাৰণ লোকসকলে নিজৰ ভূমিৰ প্রয়োজনীয় নথি–পত্র সময়মতে আহৰণ কৰাটো কষ্টসাধ্য হৈছে৷ নিজ ভূমিৰ প্রয়োজনীয় নথি–পত্র নথকাৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হৈছে ৰাজ্যখনৰ দুখীয়া খিলঞ্জীয়া লোকসকল৷ চৰকাৰৰ দুর্নীতিগ্রস্ত চক্রটোৰ বাবে পৈতৃক ভূমি সম্পত্তিৰ প্রয়োজনীয় নথি–পত্র নথকাৰ ফলত ভূমি ক্রয়–বিক্রয়ৰ ক্ষেত্রতো সন্মুখীন হৈছে সীমাহীন সমস্যাৰ৷ আনকি ভূমিৰ উপযুক্ত নথি–পত্র নথকাৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, অইল ইণ্ডিয়া, অ’এনজিচি, ৰে’লৱে আদিয়ে অধিগ্রহণ কৰা ভূমিৰ ক্ষতিপূৰণ লাভ কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে দুখীয়া খিলঞ্জীয়া লোকসকল৷
ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ হ’লে প্রথমে তেওঁলোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিব লাগিব৷ খিলঞ্জীয়া লোকসকলে যাতে তেওঁলোকৰ ভূমিৰ প্রয়োজনীয় নথি–পত্র লাভ কৰে, সেয়া নিশ্চিত কৰিব লাগিব৷ এইক্ষেত্রত অহা ২ অক্টোবৰৰ পৰা ‘মিছন বসুন্ধৰা’ৰ অধীনত ভূমি সম্পর্কীয় সকলো নথি–পত্র অনলাইনযোগে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপ আদৰণীয়৷ ৰাজ্যখনৰ ৪ লাখ বিঘা ভূমি একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ উন্নীত কৰিবলৈ আৰু ২০২৩ চনৰ ভিতৰত ভূমি সম্পর্কীয় নথি–পত্রসমূহ ডিজিটেইলেচনৰ পদক্ষেপত নিশ্চিতভাৱে সকাহ লাভ কৰিব খিলঞ্জীয়া লোকসকলে৷ কিন্তু উপায়ুক্ত আৰু ৰাজহ চক্র বিষয়াৰ কার্যালয়ত চলি থকা দালালৰাজৰ সাম্রাজ্যখনৰ কব্জাত যাতে ‘মিছন বসুন্ধৰা’ৰ সফলতাৰ পৰা সর্বসাধাৰণ ৰাইজ বঞ্চিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব লাগিব৷ বিশেষকৈ বিভিন্ন অজুহাত দেখুৱাই মাটি–বাৰীৰ ক্রয়–বিক্রয়ৰ অনুমতি তথা অন্যান্য নথি–পত্রৰ ফাইল অসাধু চক্রটোৱে ৰঙাফিটাৰ মেৰপেঁচত সোমাই ৰাখিব নোৱাৰে, তাৰ বাবে সময়সীমা নির্ধাৰণ কৰা উচিত৷ উপায়ুক্ত আৰু ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ লেখীয়া ৰাজ্যখনৰ জিলাই জিলাই পৰিবহণ বিষয়াৰ কার্যালয়, শিক্ষা বিভাগৰ কার্যালয়কে ধৰি বিভিন্ন বিভাগত বছৰ বছৰ ধৰি চলি থকা দালালৰাজ বন্ধ কৰাৰ ক্ষেত্রতো ৰাজ্য চৰকাৰখনে এলানি কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত৷ চৰকাৰী বিভাগসমূহত চলি থকা দালালৰাজ, দুর্নীতি–নিয়ম প্রতিহত হ’ব বুলি সর্বসাধাৰণ ৰাইজৰ এতিয়াও সম্পূর্ণ পতিয়ন যোৱা নাই৷ কিয়নো বিগত সময়ছোৱাত দুর্নীতি–নিয়মত অভিযুক্ত বহুসংখ্যক বিষয়া–কর্মচাৰী জালত পৰিছে, বহুসংখ্যক বিষয়া–কর্মচাৰীক নিলম্বন কৰাই নহয়, চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে যদিও দুর্নীতি–নিয়মৰ দৈত্যটোৰ কৰালগ্রাসৰ পৰা মুক্ত হ’ব পৰা নাই সর্বসাধাৰণ ৰাইজ৷ এনে অৱস্থাত এই চক্রটোক নির্মূল কৰিবলৈ কঠোৰতম পদক্ষেপ গ্রহণ কৰাই নহয়, দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে কঠোৰ আইন প্রণয়ন কৰাটো প্রয়োজন হৈছে৷

You might also like