নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ আর্থ–সামাজিক পৰিৱর্তনত পর্যটন ক্ষেত্র হ’ব ‘গেম চেঞ্জাৰ’

উত্তৰ–পূর্বাঞ্চলৰ পর্যটন–সাংস্কৃতিক মন্ত্রীৰ সন্মিলনত কেন্দ্রীয় পর্যটন মন্ত্রী

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰৰ পর্যটন মন্ত্রালয়ৰ সৌজন্যত সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আৰম্ভ হৈছে উত্তৰ–পূর্বাঞ্চলৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীসকলৰ সন্মিলন৷ আজিৰ এই সন্মিলনতে দেশীয় পর্যটনৰ প্রসাৰৰ বাবে পর্যটন মন্ত্রালয় আৰু ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কর্প’ৰেচন (আই আৰ চি টি চি)ৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ সম্প্রতি গুৱাহাটীৰ পৰা হাফলঙলৈ চলা ভিষ্টাডমৰ দৰে অঞ্চলটোৰ অন্যান্য পর্যটন খণ্ডসমূহলৈ তেনে সেৱা আৰম্ভ কৰাৰ বাবেই সেই বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷

কেন্দ্রীয় পর্যটন, সাংস্কৃতিক, ড’নাৰ দপ্তৰৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় সাংস্কৃতিক, সংসদীয় পৰিক্রমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱাল, কেন্দ্রীয় পর্যটন আৰু প্রতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় ভাটৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনৰ প্রথম পূর্ণ অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে উত্তৰ–পূর্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে সংস্কৃতি আৰু পর্যটন– এই দুই ক্ষেত্র হৈছে বিশেষ গুৰুত্ব প্রদান কৰিবলগীয়া বিষয়৷ প্রথমবাৰৰ বাবে কেন্দ্রীয় মন্ত্রীসভাত উত্তৰ–পূব উন্নয়ন মন্ত্রালয়ৰ দায়িত্ব লাভ কৰা মন্ত্রীগৰাকীয়ে পর্যটন আৰু সংস্কৃতি মন্ত্রালয়ৰো দায়িত্ব লাভ কৰাটো এইক্ষেত্রত অঞ্চলটোৰ বাবে এক সুবর্ণ সুযোগ বুলি অভিহিত কৰি কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ সুদক্ষ নেতৃত্বত উত্তৰ–পূর্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্র আৰু পর্যটন উদ্যোগটোৱে বিকাশৰ এক নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে৷

উত্তৰ–পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যই যাতায়াত–যোগাযোগৰ দিশৰ পৰা পাৰস্পৰিকভাৱে সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যদিও আমাৰ প্রতিখন ৰাজ্যই সুকীয়া সুকীয়া সাংস্কৃতিক বৈভৱেৰে চহকী, তথাপি প্রায়বোৰ ক্ষেত্রতেই আমাৰ সাদৃশ্য আছে৷ স্বাধীনতাৰ পাছত সুদীর্ঘ কাল ধৰি দেশৰ অন্যান্য অংশৰ তুলনাত অৱহেলিত হৈ থকা এই অঞ্চলটোৰ উন্নয়নে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কার্যকালতহে পোনপ্রথমবাৰৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ উত্তৰ–পূব উন্নয়ন মন্ত্রালয় গঠনেৰে অঞ্চলটোলৈ ৯০ঃ১০ অনুপাতত পুঁজি আবণ্টনৰ ব্যৱস্থাৰ সূচনা কৰি প্রাক্তন প্রধানমন্ত্রীগৰাকীয়্ আৰম্ভ কৰা এই প্রক্রিয়াটোক নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে৷ অতুলনীয় প্রাকৃতিক সৌন্দর্যৰ আকৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ দৰে স্থানৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উত্তৰ–পূর্বাঞ্চলত এনেধৰণৰ বহু অতুলনীয় পর্যটনস্থলী আছে যদিও উপযুক্ত যাতায়াত–যোগাযোগ ব্যৱস্থাৰ অভাৱত সেইবোৰে পর্যাপ্ত প্রচাৰ আৰু প্রসাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অঞ্চলটোৰ পর্যটন খণ্ডৰ বিকাশৰ বাবে সেয়ে এনে অঞ্চলসমূহক সামৰি পথ নেটৱর্কৰ বিকাশ সাধনৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰি উত্তৰ–পূবৰ পথ আন্তঃগাঁথনিৰ বিকাশৰ বাবে অধিক বিনিয়োগত অগ্রাধিকাৰ প্রদান কৰিবলৈ তেওঁ কেন্দ্রীয় মন্ত্রী ৰেড্ডীৰ প্রতি আহ্বান জনায়৷ উত্তৰ–পূর্বাঞ্চলত থকা ঐতিহাসিক, ধর্মীয় আৰু প্রাকৃতিক পর্যটনস্থলীসমূহ অধিকসংখ্যক পর্যটকক আকর্ষণ কৰা তথা উপযুক্ত বিপণনৰ স্বার্থত ‘ব্রেণ্ড নর্থ–ইষ্ট’ ধাৰণাৰ প্রসাৰৰ ওপৰত মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰে৷

অঞ্চলটোৰ কেউখন ৰাজ্যই একেলগে কাম কৰিলে পৰৱর্তী পাঁচ বছৰৰ ভিতৰত এই খণ্ডত আকাংক্ষিত পৰিৱর্তন আনিবলৈ সক্ষম হ’ম বুলি তেওঁ আশা প্রকাশ কৰে৷ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীসকল তথা বিভাগ দুটাৰ শীর্ষ বিষয়াসকলক দুদিনীয়া এই সন্মিলনলৈ আদৰণি জনাই অঞ্চলটোৰ বিকাশৰ স্বার্থত এনে গুৰুত্বপূর্ণ পদক্ষেপ হাতত লোৱাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পর্যটন মন্ত্রালয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইপিনে, কেন্দ্রীয় পর্যটন, সাংস্কৃতিক, ড’নাৰ দপ্তৰৰ মন্ত্রী ৰেড্ডীয়ে ভাষণত কয় যে উত্তৰ–পূর্বাঞ্চলৰ আর্থ–সামাজিক পৰিৱর্তনত পর্যটন খণ্ড ‘গেম চেঞ্জাৰ’ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সেৱাখণ্ডৰ ১২টা চেম্পিয়নৰ ভিতৰত পর্যটন খণ্ড অন্যতম হিচাপে চিহ্ণিত হৈছে৷ পর্যটন মন্ত্রালয়ৰ সচিব অৰবিন্দ সিঙে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় সাংস্কৃতিক আৰু সংসদীয় পৰিক্রমা বিভাগৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱাল, কেন্দ্রীয় পর্যটন আৰু প্রতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় ভাটেও ভাষণ দিয়ে৷

অনুষ্ঠানত পর্যটন মন্ত্রালয়ৰ সঞ্চালকপ্রধান গাঞ্জি কমলা বর্ধনা ৰাও, অতিৰিক্ত সঞ্চালকপ্রধান ৰূপিন্দৰ ব্রাৰৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্রালয়ৰ শীর্ষ বিষয়াসকল, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি অসম চৰকাৰৰ শীর্ষ বিষয়াসকল আৰু উত্তৰ–পূবৰ আঠোখন ৰাজ্যৰ পর্যটন আৰু সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰে৷

আজি অন্ত পৰিবলগীয়া এই সন্মিলনত উত্তৰ–পূর্বাঞ্চলৰ পর্যটন আন্তঃগাঁথনিৰ বিকাশ, বিপণন, প্রসাৰ আৰু দক্ষতা উন্নয়ন, স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু উত্তৰ–পূব সপ্তাহ, পর্যটনৰ প্রসাৰৰ বাবে উত্তৰ–পূবৰ ম’বাইল আৰু ইণ্টাৰনেট সংযোগ উন্নীতকৰণ, দেশৰ বাকী অংশৰ লগত উত্তৰ–পূবৰ আকাশী পথ, স্থলপথ আৰু ৰে’লপথৰ সংযোগ বৃদ্ধি, স্বদেশ দর্শন আৰু প্রসাদ আঁচনিৰ পর্যালোচনা, কৌশল বিকাশ আৰু মানৱ সম্পদ উন্নয়ন কার্যসূচী, দুঃসাহসিক ক্রীড়াৰ পৰিচালনা আৰু সুৰক্ষা বিষয়ক বাধ্য–বাধকতা, উত্তৰ–পূর্বাঞ্চলৰ পর্যটনৰ ডিজিটেল প্রসাৰ আৰু বিপণন আদি বিভিন্ন দিশ সামৰি লোৱা হ’ব৷

You might also like