নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে নেইমাৰ, বিশ্বকাপ অনিশ্চিত
ডিজিটেল ডেস্ক, ৫ এপ্রিল : বিশ্বকাপত খেলাৰ সপোন কার্যতঃ শেষ! ব্রাজিলৰ প্রাৰম্ভিক দলত স্থান নোপোৱা নেইমাৰ আকৌ এবাৰ অফ–ফিল্ড বিতর্কৰ মাজত সোমাই পৰিছে৷ ছাণ্টোছৰ জার্ছী পিন্ধি খেলি থাকোঁতে এগৰাকী মহিলা ৰেফাৰীক দিয়া মন্তব্যক লৈ এতিয়া ফুটবল জগতত বিতর্কৰ সৃষ্টি হৈছে৷ এতিয়া নেইমাৰৰ বিৰুদ্ধে যৌন অসৎ আচৰণৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে নেইমাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে৷
জানিব পৰা মতে, ছাণ্টোছৰ মেচ আছিল ক্লাব ডি ৰেমোৰ বিৰুদ্ধে৷ ব্রাজিলৰ ক্লাবটোৱে ২–০ গ’লত জয়লাভ কৰে৷ নেইমাৰেও এটা গ’ল দিয়ে৷ অৱশ্যে খেলখনৰ সময়ত এক অভাৱনীয় ঘটনা সংঘটিত হয়৷ মহিলা ৰেফাৰী ছাভিঅ’ পেৰেইৰা চাম্পাইওৱে নেইমাৰক হালধীয়া কার্ড দেখুৱায়৷
মেচৰ অন্তত সম্প্রচাৰকগৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেইমাৰে ছাভিঅ’ৰ বিষয়ে কয়, এই কার্ডখন অন্যায়৷ মেচৰ শেষৰ ফালে মই বিপজ্জনক টেকেলৰ বলি হৈছিলোঁ৷ এয়া প্রথমবাৰৰ বাবে নহয়, তৃতীয় বা চতুর্থবাৰৰ বাবে৷ প্রতিবাদ কৰি থাকোঁতে হালধীয়া কার্ড পাইছিলোঁ৷ ইয়াৰ পিছতে তেওঁ বিতর্কিত মন্তব্য কৰে৷
নেইমাৰে মন্তব্য কৰি কয় যে এয়া ছাভিঅ’ৰ স্বভাৱ৷ এয়া যেন চিকো হিচাপে সাৰ পাই (বেয়া মেজাজত) খেলপথাৰলৈ আহিছিল৷ তেওঁ নিজেই মেচৰ নায়ক হ’ব বিচাৰে৷ তেওঁ খেলুৱৈৰ সৈতে কথা নাপাতে৷ তেওঁ সকলো নিজেই নিয়ন্ত্রণ কৰিব বিচাৰে৷ এয়া অসন্মানজনক৷ ব্রাজিল ভাষাত ‘চিকো’ শব্দটোৱে মহিলাৰ ঋতুস্রাৱক বুজায়৷ ‘এষ্টাৰ ডি চিকো’ মানে ঋতুস্রাৱৰ বাবে খিংখিঙীয়া হোৱা ব্যক্তি৷ বহুতৰ মতে এই মন্তব্য মহিলাৰ প্রতি অপমানজনক আৰু যৌনতাবাদী৷