নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ দিনত ক’ভিড পৰিস্থিতি উন্নত নহ’লে গুৱাহাটী–ডিব্রুগড় তিনিচুকীয়াত কঠোৰ বাধা–নিষেধ 

নিয়মীয়া বাৰ্তা, ১৫ মে’: ৰাজ্যত ভয়াৱহ গতিত বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে লকডাউনৰ পৰিৱর্তে অধিক কঠোৰ বাধা–নিষেধাজ্ঞা বলৱৎ কৰাৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷    শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত স্বাস্থ্য বিভাগ আৰু চিকিৎসকসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকৰ পাছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সম্ভাৱনা প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– ৰাজ্যত বর্তমান লকডাউনৰ কোনো সম্ভাৱনা নাই৷ কিন্তু গুৱাহাটী, ডিব্রুগড় আৰু তিনিচুকীয়াত ক’ৰোনাৰ সংক্রমণ অধিক বৃদ্ধি হৈ আছে৷ এনে পৰিপ্রেক্ষিতত অহা সাত দিনৰ ভিতৰত যদি পৰিস্থিতি উন্নত নহয়, তেন্তে বর্তমান চলি থকা নিষেধাজ্ঞাৰ বিপৰীতে বলৱৎ কৰা হ’ব অধিক কঠোৰ বাধা–নিষেধাজ্ঞা৷

উল্লেখ্য যে ৰাজ্যত ক’ৰোনাৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ গুৱাহাটীত যোৱা ২৪ ঘণ্টাত ২৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ক’ৰোনাত আক্রান্ত হৈছে ১,১৭৩গৰাকী লোক৷ একেদৰে ডিব্রুগড়ত ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পজিটিভ চিনাক্ত হৈছে ৪৫২গৰাকী৷ তিনিচুকীয়াত যোৱা ২৪ ঘণ্টাত ৫জন লোকৰ মৃত্যু হৈছে আৰু ক’ৰোনাত আক্রান্ত হৈছে ২০২জন লোক৷ এনে অৱস্থাত মহানগৰীকে ধৰি উজনিৰ চহৰ দুখনত ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত অধিক সতর্ক হৈ পৰিছে স্বাস্থ্য বিভাগ৷

মুখ্যমন্ত্রীয়ে কালি অনুষ্ঠিত কৰা বৈঠকৰ পাছতেই এখন সংবাদ মেলত শেহতীয়া পৰিস্থিতি সন্দর্ভত কয়– ৩০ এপ্রিলৰ পৰা ৬ মে’লৈ গড়ে প্রতিদিনে ৩,৯৬৬গৰাকী লোক আক্রান্ত হৈছে৷ আনহাতে, গুৱাহাটী মহানগৰীত গড়ে প্রতিদিনে ১,৪০০ লোক আক্রান্ত হৈছে৷ সেয়েহে এইক্ষেত্রত অধিক সতর্কতা তথা কঠোৰ বাধা–নিষেধাজ্ঞাৰ প্রয়োজন আহি পৰিছে৷

ইফালে, ক’ৰোনা আক্রান্তক আৱশ্যক হোৱা অক্সিজেন পর্যাপ্ত পৰিমাণৰ মজুত থকা বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাজ্যত মজুত থকা অক্সিজেনৰ উপৰি কেন্দ্রীয় চৰকাৰে প্রতিদিনে ২৫ মেট্রিকটন অক্সিজেন অসমক যোগান ধৰিছে৷ কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া এই অক্সিজেন পশ্চিমবংগৰ দুর্গাপুৰ আৰু বানপুৰৰ পৰা আনি থকা হৈছে৷ তদুপৰি ৰাজ্যত বর্তমান উৎপাদন হৈ থকা অক্সিজেনৰ লগত অতিৰিক্তভাৱে কাইলৈৰ পৰা ১৪ মেট্রিকটন অক্সিজেন সংযোগ হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে পুৰণি অক্সিজেন প্লাণ্ট এটা নতুনকৈ মেৰামতি কৰি লোৱাৰ ফলত অতিৰিক্ত ১৪ মেট্রিকটন ৰাজ্যখনে লাভ কৰিব৷ অসমে উৎপাদিত অক্সিজেনৰ এক মেট্রিকটন ত্রিপুৰাক আৰু ৫ মেট্রিকটন অৰুণাচল প্রদেশক যোগান ধৰি আছে৷

আনহাতে, চাহ বাগিচা অধ্যুষিত এলেকাসমূহত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱা বিষয়টোক ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আজি জানিবলৈ দিয়ে যে কাইলৈৰ পৰা চাহ বাগিচাৰ বাবে এখন নতুন এছ’পি জাৰি কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে ক’ৰোনা আক্রান্ত ৰোগীৰ বাবে বিছনা অথবা আইচিইউৰ অভাৱ হোৱা নাই বুলি স্পষ্ট কৰি সংবাদ মেলত কয় যে ক’ভিড কেয়াৰ চেণ্টাৰত শেহতীয়াকৈ অতিৰিক্তভাৱে তিনি হাজাৰ বিছনা সংযোগ কৰাৰ সকলো ব্যৱস্থা সম্পূর্ণ উঠিছে৷ জিএমচিএইচৰ কাৰ পার্কিঙত ২০০ আইচিইউ নির্মাণৰ কাম চলি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ইয়াকো জানিবলৈ দিয়ে যে কালাপাহাৰ ক’ভিড চিকিৎসালয়ত আন ২৪টা আইচিইউ নির্মাণৰ কাম চলি আছে৷

ইফালে, সৰুসজাইত ডিআৰডিঅ’ই নির্মাণ কৰিবলগীয়া ক’ভিড চিকিৎসালয় সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– ইতিমধ্যে চিকিৎসালয়খন নির্মাণৰ বাবে ডিআৰডি’ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে৷ ডিআৰডিঅ’ই ইয়াৰ বাবে ১৯ কোটি টকা মোকলাই দিছে৷ চিকিৎসালয়খনৰ ২০০ অক্সিজেনযুক্ত বিছনা নির্মাণ কৰাৰ লগতে ১০০খন আইচিইউ বিছনা নির্মাণ কৰা হ’ব৷ ডাউন টাউন হাস্পতালৰ অন্তর্গত বোন্দা কেম্পাছত আন এখন ক’ভিড হাস্পতাল নির্মাণৰ কাম চলি আছে৷ ভেকচিনৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যত ২৭ লাখ ৫৬ হাজাৰ ৭৯০গৰাকী ব্যক্তিক ভেকচিন প্রদান কৰা হৈছে৷ বর্তমানো ৰাজ্যত মজুত আছে ৩ লাখ ৭০ হাজাৰ ভেকচিন৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি অহর্নিশে নিৰীক্ষন কৰাৰ বাবে মন্ত্রীসভাৰ প্রতিগৰাকী মন্ত্রীয়ে ইতিমধ্যে জিলাসমূহ ভ্রমণ কৰিছে৷ এইক্ষেত্রত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই নিৰন্তৰভাৱে এই পৰিস্থিতি পর্যবেক্ষণ কৰি আছে৷ অহা ৭ৰ পৰা ১০ দিনৰ ভিতৰত বর্তমানৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে কালি জিএমচিএইচৰ সভাকক্ষত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ বিশেষকৈ জৰুৰীভাৱে চিকিৎসালয়লৈ অহা ক’ভিড ৰোগীক তাৎক্ষণিকভাৱে চিকিৎসা আগবঢ়োৱাৰ বাবে  মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ একেদৰে ক’ভিড ৰোগীসকলৰ বাবে টেলি মেডিচিন ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ বাবেও আজিৰ বৈঠকত মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগৰ বিষয়াসকলক নির্দেশ দিয়াৰ লগতে ক’ভিড ৰোগীক ক’ভিড কেয়াৰ চেণ্টাৰ অথবা ক’ভিড চিকিৎসালয়লৈ যাতে ক্ষিপ্রতাৰে আনিব পৰা যায়, তাৰ বাবে ১০০খন এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈও  মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷  এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যৰ লগতে কেইবাজনো জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে৷

You might also like