নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকা–পানী গচকি শিলচৰ কর্কট হাস্পতালৰ নির্মাণৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ প্রশাসনিক কাম–কাজ আগুৱাই নিয়াৰ লক্ষ্যৰে বৰাকত মিনি সচিবালয় স্থাপনৰ বাবে পূর্বে কৰা ঘোষণা অনুসৰি শিলচৰৰ শ্রীকোণাত আৰম্ভ হৈছে বৰাকৰ মিনি সচিবালয়ৰ চৌহদ নির্মাণৰ কাম–কাজ৷ শনিবাৰে এই কাম–কাজ পৰিদর্শনৰ বাবে শিলচৰত উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

১১৬ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া এই মিনি সচিবালয়ৰ কাম–কাজ পৰিদর্শন কৰি মুখ্যমন্ত্রীৰ ঘোষণা– তিনি বছৰৰ ভিতৰত সম্পূর্ণ কৰি তোলা হ’ব সচিবালয়ৰ নির্মাণকার্য৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে এই মিনি সচিবালয়ে বৰাক উপত্যকাৰ প্রশাসনিক কার্যকলাপত যথেষ্ট সহায় কৰিব আৰু সৰু–সুৰা চৰকাৰী কাম–কাজৰ বাবে উপত্যকাটোৰ জনসাধাৰণ দিছপুৰলৈ অপ্রয়োজনীয় ভ্রমণ নাইকিয়া হৈ পৰিব৷ সচিবালয়টো নির্মাণ হৈ উঠিলে উপত্যকাটোৰ চৰকাৰী আঁচনি আৰু প্রকল্পসমূহৰ দ্রুত ৰূপায়ণ সম্ভৱ হৈ উঠাৰ লগতে সাধাৰণ ৰাইজেও তেওঁলোকৰ কাম–কাজ পলম নোহোৱাকৈ সম্পন্ন কৰিব পাৰিব৷ 

শনিবাৰে এই পৰিদর্শন কালত মুখ্যমন্ত্রীক সংগ দিয়ে বন, আবকাৰী, মীনমন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয়, পল্লৱলোচন দাস, বিধায়ক দীপায়ন চক্রৱর্তী, মিহিৰকান্তি সোম আৰু কৌশিক ৰয়ে৷ ইয়াৰ পূর্বে আজি দুপৰীয়াৰ ভাগত শিলচৰ বিমানবন্দৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই পোনতে মধুৰাপুলৰ প্রৱেশদ্বাৰত থকা ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ প্রতি প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ অৱদানৰ কথা শ্রদ্ধাৰে স্মৰণ কৰে৷

তাৰ পাছতে শিলচৰত থকা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কার্যালয়ত উপস্থিত হৈ এক বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্রীয়ে আজি শিলচৰ–আইজল সংযোগী ৩০৬নং ৰাষ্ট্রীয় ঘাইপথ আৰু শিলচৰ–কৰিমগঞ্জ সংযোগী ৩৭নং ৰাষ্ট্রীয় ঘাইপথক সংযোগ কৰি নির্মাণকার্য চলি থকা শিলচৰ বাইপাছ পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে ৰাষ্ট্রীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনির্মাণ (পথ) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পথটোৰ কাম–কাজৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে উপত্যকাটোত যান–বাহনৰ চলাচল সুগম কৰি তোলাৰ স্বার্থত বাইপাছটোৰ নির্মাণকার্য সোনকালে সম্পূর্ণ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷

You might also like