নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ জন্মদিনৰ দিনা ২.৫ কোটিক ভেকচিন প্রদানেৰে ভাৰতৰ বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ দিনাই দেশত ২.৫ কোটিৰ অধিক ক’ভিড ভেকচিন প্রদানেৰে বিশ্ব অভিলেখ গঢ়িলে দেশবাসীয়ে৷ কেন্দ্রত শাসকীয় বিজেপিয়ে প্রধানমন্ত্রী মোদীৰ জন্মদিন ঐতিহাসিক হিচাপে স্বীকৃতি প্রদানৰ লক্ষ্যৰে আয়োজিত ক’ভিড–১৯ টিকাকৰণ অভিযানত শুকুৰবাৰে ২৪ ঘণ্টাত ২.৫ কোটিৰ অধিক লোকক ভেকচিন প্রদান কৰা হয়৷

এদিনত সর্বাধিক ভেকচিন প্রদানেৰে দেশবাসীয়ে অভিলেখ গঢ়াৰ পাছত প্রধানমন্ত্রী মোদীয়ে টিকাকৰণ অভিযানৰ এই সফলতা চিকিৎসক, উদ্ভাৱক, প্রশাসক, নার্ছ, স্বাস্থ্যকর্মী আৰু সকলো অগ্রণী কর্মীক ভূয়সী প্রশংসা কৰাৰ লগতে এই সফলতা তেওঁলোকক উৎসর্গিত কৰে৷

প্রধানমন্ত্রী মোদীয়ে টুইটত কয়– আজিৰ অভিলেখকাৰী ভেকচিন প্রদানৰ সংখ্যাক লৈ প্রতিজন ভাৰতীয় গৌৰৱান্বিত৷ মই আমাৰ চিকিৎসক, প্রশাসক, নার্ছ, স্বাস্থ্যকর্মী আৰু সকলো অগ্রণী কর্মীক প্রশংসা কৰিছোঁ৷ তেওঁলোকৰ অবিহনে এই টিকাকৰণ অভিযানৰ সফলতা সম্ভৱ নহয়৷ ক’ভিড–১৯ক পৰাভূত কৰিবলৈ এই টিকাকৰণ অভিযান অধিক ক্ষিপ্রতৰ কৰি তোলক৷ ইপিনে কালি এদিনতে ২.৫ কোটিতকৈ অধিক লোকক ক’ভিড–১৯ ভেকচিন প্রদানেৰে অভিলেখ সৃষ্টিৰ পাছত  গোৱাৰ স্বাস্থ্যকর্মীসকলক ভার্চুৱেলযোগে সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে৷

প্রধানমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ ৭১সংখ্যক জন্মদিনৰ দিনাই দেশজুৰি ২.৫ কোটিতকৈ অধিক ক’ভিড ভেকচিন প্রদান কৰা প্রক্রিয়াটোক পাহৰিব নোৱাৰে আৰু ইয়ে তেওঁক আৱেগিক কৰি তোলে৷ বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্রয়ো এদিনত ২.৫ কোটিৰ অধিক ভেকচিন প্রদান কৰিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– কালি দেশবাসীয়ে ক’উইন এপটো প্রত্যক্ষ কৰা দেখিছিলোঁ৷ প্রতিঘণ্টাত ১৫ লাখতকৈ অধিক, প্রতিমিনিটত ২৬ হাজাৰতকৈ অধিক লোকক টিকাকৰণ আৰু প্রতি ছেকেণ্ডত ৪২৫জনক ভেকচিন প্রদান কৰা হৈছিল৷ এই সফলতা টিকাকৰণ অভিযানত জড়িত সকলোৰে বাবে৷ ইয়াৰ বিপৰীতে দেশৰ এটা ৰাজনৈতিক দলৰ কালিৰে পৰা জ্বৰ আৰম্ভ হৈছে৷ বিৰোধী কংগ্রেছ দলৰ নাম নোলোৱাকৈ প্রধানমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ জন্মদিনৰ দিনা দেশজুৰি অভিলেখসংখ্যক ভেকচিনৰ ড’জ প্রদান কৰাৰ পাছতেই ৰাজনৈতিক দল এটাৰ জ্বৰ হৈছে৷ বিৰোধী কংগ্রেছ দলৰ নাম নোলোৱাকৈ প্রধানমন্ত্রীগৰাকীয়ে ভেকচিনক লৈ দলটোৱে চৰকাৰক কৰি থকা সমালোচনাৰ যথোচিত প্রত্যুত্তৰ দিয়ে৷

You might also like