নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নর্থ–ইষ্ট ফেষ্টিভেল উদ্বোধন মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত অষ্টম নর্থ–ইষ্ট ফেষ্টিভেল–২০২০ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে এই মহোৎসৱৰ আয়োজকসকলে উত্তৰ–পূর্বাঞ্চলৰ পর্যটন, সংস্কৃতি, খাদ্য দেশৰ লগতে বিশ্বৰ আন প্রান্তত সজোৰে তুলি ধৰাৰ বাবে লোৱা প্রচেষ্টাৰ শলাগ লয়৷ উত্তৰ–পূর্বাঞ্চল যথেষ্ট সম্পদ আৰু সম্ভাৱনাৰে পৰিপূর্ণ বুলি উল্লেখ কৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহে বৃহত্তৰ অঞ্চলটোৱে বহন কৰা সম্ভাৱনীয়তাসমূহৰ্ পূর্ণ সুযোগ লাভ কৰাৰ বাবে সন্মিলিতভাৱে কাম কৰাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ প্রধানমন্ত্রী হিচাপে সংসদত প্রথমবাৰৰ বাবে দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলক জৈৱিক হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে উত্তৰ–পূর্বাঞ্চলক দেশৰ বিকাশৰ ‘নতুন ইঞ্জিন’ তথা ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰি এই ৰাজ্যসমূহে বহন কৰা সম্ভাৱনীয়তাসমূহৰ্ বিকাশেৰে সমগ্র বিশ্বতে এক নতুন পৰিচয় দাঙি ধৰাৰ প্রয়াস চলাইছে৷

পূর্বতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা শক্তি আৰু সম্ভাৱনাক এনেদৰে আৱিষ্কাৰ কৰাৰ প্রয়াস চলোৱা হোৱা নাছিল বুলিও তেওঁ কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘এক্ট ইষ্ট পলিচী’ ৰূপায়ণৰ পদক্ষেপেৰে দক্ষিণ–পূব এছিয়াৰ দেশ তথা বি বি এন দেশসমূহৰ সৈতে অর্থনৈতিক, সাংস্কৃতিক আদান–প্রদানৰ পথ প্রশস্ত কৰিছে বুলি উল্লেখ কৰি এই দেশসমূহৰ বিশাল বজাৰখনক সকলো ক্ষেত্রতে দখল কৰাৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে শিক্ষা, সংস্কৃতি, কৃষি, প্রযুক্তি ইত্যাদি সকলোতে প্রভুত্ব বিস্তাৰেৰে সমগ্র উত্তৰ–পূর্বাঞ্চলে ভাৰতবর্ষৰ বাবে এই দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত হোৱাৰ এক প্রেক্ষাপটৰ সূচনা হৈছে৷ ইয়াৰ বাবে কঠোৰ পৰিশ্রমৰ বিকল্প নাই৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহে নিজৰ শক্তি আৰু সামর্থ্যৰ পূর্ণ প্রয়োগেৰে উৎপাদন বৃদ্ধি কৰি এই দিশত অগ্রসৰ হ’ব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষিখণ্ডত প্রযুক্তিৰ প্রয়োগ, ছয়েল হেল্থ কার্ড, ৱাটাৰ হেল্থ কার্ড ইত্যাদিৰ ব্যৱস্থাৰে কৃষিখণ্ডক আগুৱাই নিয়াৰ যি প্রয়াস চলাইছে, ইয়াৰ বাবে নৱপ্রজন্মই কষিখণ্ডৰ প্রতি আকৃষ্ট হ’ব পাৰিছে৷

ৰাজ্যখনৰ ১৪জন কৃষকৰ সৈতে ভিয়েটনামৰ কৃষিখণ্ডৰ বিকাশ পৰিদর্শন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিগত ৩০ বছৰত ভিয়েটনামে কৃষি বিজ্ঞানী আৰু কৃষকৰ সমন্বয়েৰে কৃষি উৎপাদিত সামগ্রীসমূহত মূল্য সংযোজনেৰে ৩৬ ইউ এছ বিলিয়ন ডলাৰ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ এই উদাহৰণৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহেও উৎপাদন, সংগ্রহ আৰু বিপণনৰ এক সংহত ব্যৱস্থা গঢ়ি তুলিব পাৰিলে বিকাশৰ মাত্রাই এক নতুন গতি লাভ কৰিব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলক ভৱিষ্যতৰ কার্যসূচীত উত্তৰ–পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যই লাভ কৰা সফলতাৰ নমুনা সবলভাৱে দাঙি ধৰাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে আয়োজকসকলক যুৱ শক্তিক জাগ্রত কৰাৰ পদক্ষেপ ল’বলৈ আহ্বান জনোৱাৰ লগতে যুৱক–যুৱতীসকলৰ্ মত বিনিময়ৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবেও আহ্বান জনায়৷ অনুষ্ঠানত ভার্চুৱেলী যোগদান কৰি প্রদান কৰা ভাষণত উত্তৰ–পূব উন্নয়ন দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ড০ জিতেন্দ্র সিঙে নর্থ–ইষ্ট ফেষ্টিভেলৰ দৰে মহোৎসৱে উত্তৰ–পূর্বাঞ্চলৰ পর্যটন, বাণিজ্য ইত্যাদিৰ ক্ষেত্রত ইতিবাচক ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনীয়তা বহন কৰিছে বুলি কয়৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উত্তৰ–পূর্বাঞ্চলক দেশৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে অভিহিত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ক্ষেত্রৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্রহণ কৰি থকা ব্যৱস্থাৱলীৰ বিষয়েও কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱে এই উৎসৱ আয়োজন কৰাৰ পদক্ষেপ লোৱাৰ বাবে আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি কয় যে আজিৰ পৰা ১০ বছৰ আগেয়ে উত্তৰ–পূর্বাঞ্চলৰ বহুকেইখন ৰাজ্যক দেশবাসীয়ে বিশেষভাৱে জনা নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত ৬ বছৰত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে গ্রহণ কৰা শক্তিশালী পদক্ষেপৰ জৰিয়তে এই অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷ পূর্বতে ত্রিপুৰাৰ জীৱন ৰেখাস্বৰূপ ৰাষ্ট্রীয় ঘাইপথ মাত্র এটাৰে সংযুক্ত আছিল৷ এতিয়া ৰাষ্ট্রীয় ঘাইপথ, ৰে’ল যোগাযোগ, আকাশী পথৰ শক্তিশালীকৰণেৰে ত্রিপুৰাৰ যোগাযোগ খণ্ডত বিপ্লৱৰ সূচনা হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে সন্মিলিত প্রচেষ্টাৰে উত্তৰ–পূর্বাঞ্চলে পর্যটনৰ ক্ষেত্রত আগন্তুক ১০ বছৰৰ ভিতৰত দেশৰ ভিতৰতে শ্রেষ্ঠ স্থান হিচাপে গঢ়ি উঠিব বুলিও কয়৷ অনুষ্ঠানত ভার্চুৱেলী প্রদান কৰাৰ ভাষণত মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে মণিপুৰে শেহতীয়াকৈ উন্নয়নৰ দিশত লাভ কৰা সফলতাসমূহ সদৰী কৰে৷ এনেকুৱা উৎসৱৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলে বহন কৰা সম্পদ আৰু সম্ভাৱনীয়তাসমূহ প্রদর্শনেৰে আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রীয়ে লোৱা লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ইতিবাচক অৰিহণা যোগোৱাৰ সম্ভাৱনীয়তা আছে বুলিও তেওঁ কয়৷ অনুষ্ঠানত ভাৰতৰ বিদেশ সচিব হর্ষবর্ধন শ্রিংলাই ভাষণ প্রদান কৰি এক্ট ইষ্ট পলিচী ৰূপায়ণৰ পদক্ষেপে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ কঢ়িয়াই অনা সম্ভাৱনীয়তাসমূহৰ্ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷

নর্থ–ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, ছিকিমৰ পর্যটন মন্ত্রী বেদুসিং পাণ্ট, মুখ্য সচিব জিষ্ণু বৰুৱা, স্পাইচ জেটৰ চি অ’ অ’ দেবজু মুখার্জী, নুমলীগড শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, কেইবাট সংবাদ প্রতিষ্ঠানৰ সম্পাদককে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like