নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ৰাজধানী এক্সপ্রেছত জুই

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ডিব্রুগডৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্রেছৰ এটা দবাত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ কোকৰাঝাৰ আৰু ফকিৰাগ্রাম ৰে’ল ষ্টেচনৰ মাজত ৰাজধানী এক্সপ্রেছৰ এ চি ৩ টায়াৰৰ বি– ৭ দবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত অকস্মাতে জুই লাগে৷

প্রাপ্ত বাতৰি মতে, দিল্লী অভিমুখী ০২৪৩২ নম্বৰৰ ৰাজধানী এক্সপ্রেছ ৰে’ল গাডীখন কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা ৰাওনা হোৱাৰ কিছু সময় পাছতে অর্থাৎ পুৱা ১০মান বজাত এ চি–৩ টায়াৰৰ বি– ৭ দবাৰ বাহিৰত যাত্রীয়ে ধোঁৱা প্রত্যক্ষ কৰাত যাত্রীৰ মাজত হুৱাদুৱা লাগে৷ পাছত আতংকিত যাত্রীয়ে চেইন টনাত ৰাজধানী এক্সপ্রেছ ৰে’লখন ফকিৰাগ্রাম ৰে’ল ষ্টেচনত ৰখে৷

লগে লগে স্থানীয় আৰ পি এফ, জি আৰ পি এফ, ৰে’লযাত্রী আৰু স্থানীয় লোকে দবাটোৰ চকাত লগা জুই নুমুওৱাত লাগি পৰে৷ ঘটনাৰ খবৰ পোৱাত অগ্ণিনির্বাপক বাহিনীৰ গাডী ঘটনাস্থলীত আহি উপস্থিত হয় যদিও ইয়াৰ আগতে স্থানীয় আৰ পি এফ, জি আৰ পি এফ, স্থানীয় লোকে জুই নুমুৱাবলৈ সক্ষম হোৱাত এক ভয়ংকৰ ঘটনাৰ পৰা ৰাজধানী এক্সপ্রেছ ৰে’লখন ৰক্ষা পৰে৷

ভয়ংকৰ ঘটনাৰ পৰা সৌভাগ্যক্রমে ৰাজধানী এক্সপ্রেছ ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে যাত্রীসকলে৷ জুই নির্বাপণৰ অন্তত পুৱা ১১.০৬ বজাত ৰাজধানী এক্সপ্রেছ ৰে’লখন পুনৰ গন্তব্য স্থানলৈ যাত্রা কৰে৷

You might also like