নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভাষা–গোষ্ঠীৰ নামত সংঘাত ৰোধত সফল চৰকাৰ

নৱবর্ষৰ প্রথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ বিগত বর্ষত বিভিন্ন ঘটনাৰ আলম লৈ ৰাজ্যত বিভ্রান্তি সৃষ্টিৰে উত্তেজনা সৃষ্টি কৰিব বিচাৰিছিল একাংশই৷ কিন্তু ৰাজ্যবাসীৰ মাজত থকা সমন্বয়ৰ বাবে এই সংঘাত সকলোৱে এৰাই চলাবলৈ সক্ষম হ’ল৷ নৱবর্ষৰ প্রথম দিনটোত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত এই মন্তব্য কৰি আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– এৰি অহা বছৰটোত চৰকাৰখনে জাতি–জনগোষ্ঠীৰ মাজত সংঘাত ৰোধ কৰাত সফল হৈছে একমাত্র বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম, জাতি–জনগোষ্ঠীৰ মাজত থকা সমন্বয়ৰ বাবে৷ এই সময়ছোৱাত অসমৰ জনগণে যি সহিষ্ণুতা আৰু শক্তিশালী মানসিকতা দেখুৱালে, তাৰ বাবে এতিয়া ৰাজ্যত ভাষা–গোষ্ঠীৰ নামত সংঘাত নাই৷ যোৱা চাৰে চাৰিটা বছৰত চৰকাৰখনে সেয়েহে ভাষা–গোষ্ঠীৰ নামত সংঘাত ৰোধত সফল হৈছে৷ খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বছৰটোৰ প্রথম দিনটোতে আয়োজন কৰা এই মত বিনিময় অনুষ্ঠানত সাংবাদিকসকলক উদ্দেশ্যি মুখ্যমন্ত্রীৰ মন্তব্য– ২০১৬ চনত শাসনৰ দায়িত্ব গ্রহণ কৰাৰ দিনৰে পৰা চৰকাৰখনে যি সফলতা লাভ কৰিছে, সেই সফলতাৰ মূল কাৰক হ’ল সাংবাদিকসকল৷ সেয়েহে সাংবাদিকসকলে চৰকাৰক সকলো দিশতে মুকলিকৈ সমালোচনা কৰক৷ এনে সমালোচনাৰ জৰিয়তে চৰকাৰে তেওঁলোকৰ ব্যর্থতাসমূহ চিনাক্ত কৰিব পাৰিব৷ আনহাতে, ৰাজ্যৰ ছাত্র–ছাত্রী তথা যুৱক–যুৱতীসকলক্ শিক্ষাৰ লগতে সংস্কৃতি আৰু ক্রীড়াৰ বাবে উৎসাহিত কৰিব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– অভিভাৱক তথা পিতৃ–মাতৃসকলে ছাত্র–ছাত্রীসকলক শিক্ষাৰ লগতে সংস্কৃতি আৰু ক্রীড়াৰ ক্ষেত্রত আগুৱাই নিয়াৰ বাবে পৰিশ্রম কৰিব লাগিব৷ এইক্ষেত্রত সংবাদ মাধ্যমে বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব৷

মুখ্যমন্ত্রীয়ে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে প্রধানমন্ত্রী মোদীয়ে উত্তৰ–পূর্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে সুকীয়া পৰিচয় দিছে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে আগন্তুক দিনত দেশৰ অন্যান্য অঞ্চলৰ দৰে উত্তৰ–পূর্বাঞ্চলেও বিকাশৰ নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ব৷ উত্তৰ–পূবক শক্তিশালী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰখনে যি নীতি গ্রহণ কৰিছে, সেই নীতিক আমি অনুকৰণ কৰিব লাগিব৷ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীয়ে কয়– যোৱা সময়ছোৱাত ক’ৰোনাৰ বিৰুদ্ধে চলা যুঁজখনত অসমৰ জনগণে যি সহনশীলতা তথা মানসিক দৃঢ়তা দেখুৱালে, তাক দেশবাসীয়েই নহয়, বিশ্বৰ আন দেশেও প্রশংসা কৰিছে৷ এই সময়ছোৱাত সংবাদ মাধ্যমে গ্রহণ কৰা ভূমিকাও প্রশংসনীয়৷ সংকটৰ সময়ত আৰু দুর্যোগপূর্ণ পৰিস্থিতিত সাংবাদিকসকলে যি পৰিশ্রম তথা সাহস দেখুৱালে, সেয়া প্রশংসাৰ যোগ্য৷ ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত তথা ক’ৰোনাৰ সংক্রমণ হ্রাস কৰাৰ ক্ষেত্রত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, গৃহ বিভাগ, অসম আৰক্ষী, স্বাস্থ্য বিভাগ আদিৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগসমূহেও প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ পূর্বে উপস্থিত থকা কেইবাগৰাকীও সাংবাদিকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ আগত কেইবাটাও বিষয় উত্থাপন কৰে৷ জ্যেষ্ঠ সাংবাদিক প্রাণজিৎ শইকীয়াই গুৱাহাটী মহানগৰীৰ দাঁতি–কাষৰীয়া অঞ্চলত এডোখৰ ভূমি আবণ্টনৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায়৷ যি ভূমিত বৃক্ষৰোপন কৰিব পৰা যাব৷ সাংবাদিকগৰাকীৰ এই আবেদনৰ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয়– ৰাজ্যখনক সেউজ কৰি পেলোৱাৰ ক্ষেত্রত চৰকাৰে সদায়ে ইতিবাচক পদক্ষেপ গ্রহণ কৰি আহিছে৷ বন বিভাগৰ উদ্যোগত ইতিমধ্যে ৮.৫০ কোটি জোপা গছপুলি ৰোপণ কৰা হৈছে৷ চৰকাৰৰ এই পদক্ষেপৰ বাবেই ৰাজ্যত ২২২ বর্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হৈছে৷ ইতিমধ্যে ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়াৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ ক’ৰোনাৰ পৰিৱেশত আমি অক্সিজেনৰ প্রয়োজনীয়তা উপলব্ধি কৰিছোঁ৷ অক্সিজেন কেৱল চৌদিশ সেউজীয়া কৰিহে আহৰণ কৰিব পাৰি৷ সেয়েহে চৰকাৰে বৃক্ষৰোপণত গুৰুত্ব দিছে৷ সাংবাদিকসকলে বিশেষ এডোখৰ ভূমিৰ বাবে জনোৱা আবেদনৰ বিষয়টোক বিবেচনা কৰিব বুলিও মুখ্যমন্ত্রীয়ে আজি উল্লেখ কৰে৷ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক এনাক্ষী বৰুৱাই ক’ৰোনাৰ পৰিৱেশত আর্থিকভাৱে দুর্দশাগ্রস্ত হৈ পৰা সাংবাদিকসকলক আর্থিক সাহায্যৰ পেকেজ দিবলৈ আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীৰ ওচৰত আবেদন জনায়৷ মুখ্যমন্ত্রী সোণোৱালে এই আবেদনৰ সন্দর্ভতো কয় যে সাংবাদিকসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে নিশ্চিতভাৱে পদক্ষেপ গ্রহণ কৰিব৷ এনাক্ষী বৰুৱাই উত্থাপন কৰা আবেদনক মুখ্যমন্ত্রীয়ে বিবেচনা কৰিব বুলিও আজি আশ্বাস দিয়ে৷ এই অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে তথ্য আয়ুক্ত সমুদ্রগুপ্ত কাশ্যপৰ ‘১৯৪২ ঢ়েকীয়াজুলি– এ আনট’ল্ড ষ্টৰী’ আৰু জ্যেষ্ঠ সাংবাদিক ৰবিশংকৰ ৰবিৰ ‘অষ্ট্রলক্ষ্মী’ শীর্ষক গ্রন্থ দুখন উন্মোচন কৰে৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্রশান্তজ্যোতি বৰুৱা, উৎপল বৰুৱা, ৰবিশংকৰ ৰবি, ৰাহুল কর্মকাৰেও ভাব বিনিময় কৰে৷ আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রীক সংগ দিয়ে মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, আয়ুক্ত সচিব প্রীতম শইকীয়া আৰু কেইবাজনো জ্যেষ্ঠ বিষয়াই৷

You might also like