নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগত দুর্নীতি ৰোধ চৰকাৰৰ উচ্চ অগ্রাধিকাৰঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক বৈঠকত ৰাজ্যখনৰ বন বিভাগৰ টেৰিট’ৰিয়েল ডিভিজনসমূহৰ সংমণ্ডল বন প্রাধিকাৰী (ডিএফঅ’)সকলৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনৰ বনভূমি আৰু বনজ সম্পদৰ সুৰক্ষাৰ সৈতে জডিত বিভিন্ন বিষয় আলোচনা কৰে৷

ত বিনিময়ৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ বনভূমি আৰু বনজ সম্পদসমূহৰ উপযুক্ত সুৰক্ষাৰ দিশত ডিএফ’সকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ ৰাজ্যখনৰ সেউজ আৱৰণ, জীৱকুল আৰু পক্ষীকুলক সুৰক্ষা প্রদানৰ দিশত ডিএফঅ’সকলে তেওঁলোকৰ কর্তব্য স্বচ্ছতা আৰু নিষ্ঠাসহকাৰে পালন কৰিব লাগিব৷ বন বিভাগত দুর্নীতি ৰোধ কৰাটো ৰাজ্য চৰকাৰৰ এক উচ্চ অগ্রাধিকাৰ বিষয় বুলিও মুখ্যমন্ত্রীয়ে কয়৷

ৰাজ্যখনৰ বনভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই বনভূমিত যাতে কোনোধৰণৰ নতুন বেদখল নহয় সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈ বন বিভাগক নির্দেশ দিয়াৰ উপৰি পদ্ধতিগতভাৱে বনভূমি বেদখলমুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ বনভূমিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে বনভূমি বেদখলমুক্তকৰণৰ দিশত ক্ষিপ্রতাৰে কার্যব্যৱস্থা লোৱাৰ বাবেও বিভাগক নির্দেশ দিয়ে৷ ৰাজহ আহৰণৰ বাবে বন এলেকাৰ আওতাৰ বাহিৰৰ খনিজ সম্পদৰ যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷

এই প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে পাৰিপার্িশ্বকতা বিনষ্ট নকৰাকৈ বনাঞ্চলৰ আওতাৰ বাহিৰৰ খনিজ সম্পদ আহৰণেৰে ৰাজহ সংগ্রহ কৰাটোৰ ওপৰত বিভাগে অগ্রাধিকাৰ প্রদান কৰিব লাগিব৷ আজিৰ বৈঠকত বহনক্ষম আৰু পাৰিপার্িশ্বক অনুকূল ব্যৱস্থা গ্রহণেৰে বনগাঁওসমূহত বসবাস কৰা বাসিন্দাসকলৰ অর্থনৈতিক সবলীকৰণৰ দিশটোৰ ওপৰতো বিতং আলোচনা কৰা হয়৷ বনগাঁওসমূহৰ বাসিন্দাসকলক মৌপালন, কাঠফুলাৰ খেতি ইত্যাদিৰ জৰিয়তে বিত্তীয়ভাৱে সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে এই সন্দর্ভত বনগাঁওসমূহৰ বাসিন্দাসকলক উপযুক্ত প্রশিক্ষণ প্রদানৰ বাবে কেন্দ্রীয় সংস্থাসমূহৰ সৈতে যোগাযোগ চলাই ইয়াৰ সম্ভাৱনীয়তা বিকশাই তোলাৰ বাবেও বন বিভাগক নির্দেশ দিয়ে৷ 

এই বৈঠকত প্রতি ৬ মাহৰ মূৰত ডিএফঅ’সকলৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়৷ টেৰিট’ৰিয়েল ডিএফঅ’সকলৰ  অনুষ্ঠিত হোৱাৰ বৈঠকৰ উপৰি ডিএফঅ’ (বন্যপ্রাণী)সকলৰ আন এখন বৈঠক অচিৰেই অনুষ্ঠিত হ’ব৷ পৰৱর্তী কেবিনেট বৈঠকত বন বিভাগৰ সংস্কাৰৰ ওপৰত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷  এই বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী, প্রধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীসমূহৰ মুৰব্বী অলকা ভার্গৱৰ উপৰি বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰে৷

You might also like