নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ বর্ষৰ স্বাধীনতা দিৱসৰ চিন্তা

 ২০২১ বর্ষৰ ১৫ আগষ্টৰ দিনটোত ৭৫সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ বাবে আমাৰ দেশ আৰু লগতে আমাৰ ৰাজ্যখনো সাজু হৈ উঠিছে৷ সেহ গৌৰৱোজ্জ্বল ক্ষণটো উদ্যাপনৰ প্রাক্মুহূর্তত ভাৰতৰ লক্ষ লক্ষ স্বাধীনতা সংগ্রামীৰ ত্যাগ আৰু আত্মবলিদানক মহ গভীৰ শ্রদ্ধাৰে স্মৰণ কৰিছোঁ আৰু দেশৰ সমূহ জনতা আৰু বিশেষকৈ অসমৰ প্রতিগৰাকী নাগৰিকক স্বাধীনতা দিৱসৰ ওলগ জনাহছোঁ৷

পাঁচ হাজাৰ বছৰীয়া পুৰণি সভ্যতাৰ স্থলী ভাৰতবর্ষৰ পৰা বিদেশীক বিতাডিত কৰি স্বৰাজ প্রতিষ্ঠা কৰাটো আৰু তাৰ পিছত স্বাধীনতাৰ গৰিমামণ্ডিত ৭৫ বছৰত ভৰি দিয়াটো ভাৰতবর্ষৰ প্রতিগৰাকী নাগৰিকৰ বাবে গৌৰৱৰ বতৰা৷ দাসত্বৰ পৰা মুক্তি প্রতিজন মানুহৰ পৰম আকাংক্ষিত স্বপ্ণ৷ দৰাচলতে সমগ্র মানৱ জাতিৰ হতিহাসেহ হৈছে দাসত্বৰ পৰা মুক্তিৰ কাহিনী৷ সেহবাবে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটো আছিল সমগ্র মানৱ জাতিৰ নৱ–উন্মেষৰ সূচনাপর্ব৷ মহাত্মা গান্ধীয়ে কৈছিল– ভাৰতবর্ষৰ স্বাধীনতাহ কেৱল এহ দেশৰ মানুহৰ মুক্তিকেহ সূচোৱা নাহ৷ ভাৰতৰ মুক্তিৰ সৈতে জডিত হৈ আছে পৃথিৱীৰ অগণন পৰাধীন মানুহৰ মুক্তিৰ স্বপ্ন৷
ভাৰতবর্ষৰ মুক্তি আন্দোলনটোৱে সর্বসাধাৰণৰ ব্যাপক জনসমর্থন লাভ কৰিছিল অসহযোগ আন্দোলনৰ যোগেদি৷ ১৯২০ চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ আহ্বান জনাইছিল৷ সেহ বছৰৰ ছেপ্ঢেম্বৰ মাহত কলিকতাত অনুষ্ঠিত কংগ্রেছ অধিৱেশনত গান্ধীৰ এহ আহ্বান গৃহীত হোৱাৰ পিছত ১৯২১ চনত অর্থাৎ এতিয়াৰ পৰা ঠিক এশ বছৰ পূর্বে অসহযোগ আন্দোলনে সমগ্র দেশতে ব্যাপক ৰূপ পৰিগ্রহ কৰিছিল৷
সেহ সময়ত অসমতো স্বাধীনতা আন্দোলনত সর্বসাধাৰণ জনতাহ ব্যাপক ৰূপত অংশগ্রহণ কৰিছিল৷ গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্রুগড, লখিমপুৰ আৰু সুৰমা উপত্যকাকে ধৰি অসমৰ বিভিন্ন স্থানত অসহযোগ আন্দোলনৰ গুৰি ধৰিছিল বিশিষ্ট লোকসকলে৷ সেহসকলৰ ভিতৰত আমি স্মৰণ কৰিব খুজিছোঁ কর্মবীৰ নবীন চন্দ্র বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, মৌলানা তৈয়বুল্লা, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শর্মা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, হেমচন্দ্র বৰুৱা, চন্দ্রনাথ শর্মা, অম্বিকাগিৰি ৰায় চৌধুৰী, প্রসন্নলাল চৌধুৰী, মতিৰাম বৰা, দেৱেশ্বৰ শর্মা, বেণুধৰ শর্মা আদি প্রাতঃস্মৰণীয় নেতাসকলৰ নাম৷
বিদেশী শাসন আৰু বিদেশী বাণিজ্য– এহ দুয়োটাকে বর্জন কৰাৰ যি আদর্শ, সেহ আদর্শৰ নামেহ আছিল অসহযোগ আন্দোলন৷ চৰকাৰী কার্যালয়, আদালত, শিক্ষানুষ্ঠান আৰু বিলাতী কাপোৰ, বিলাতী চুৰট, মদ, ভাং, কানি আদি বর্জন কৰা হৈছিল৷ মহাত্মা গান্ধীৰ আহ্বানত দেশত কপাহেৰে সূতা কাটি কাপোৰ বৈ উলিওৱা হৈছিল৷ অসমৰ ঘৰে ঘৰে পুৰুষ–মহিলা সকলো সূতা কটাত ব্যস্ত হৈছিল৷ ২০২১ চন হৈছে মহাত্মা গান্ধীৰ প্রথম অসম আগমনৰো ১০০ বছৰ পূর্তিৰ বর্ষ৷ ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীৰ প্রথম ভ্রমণে এহখন অসমত স্বৰাজ আন্দোলনৰ জাগৰণ আনিছিল৷
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গান্ধীয়ে ভাৰতবাসীৰ বাবে দিয়া বাণী আছিল– কৰিম নহ’লে মৰিম৷ মহাত্মাৰ সেহ বাণীক সাৰোগত কৰি সমগ্র ভাৰতবাসীৰ লগতে অসমৰ মুক্তিপিয়াসী জনতায়ো অসমত ব্রিটিছৰ বিৰুদ্ধে সংগ্রামত জঁপিয়াহ পৰিছিল৷ সেহ আন্দোলনত ব্রিটিছৰ গুলীত কুশল কোঁৱৰ, তিলক ডেকা, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুর্মী, হেমৰাম পাটৰ, ৰতন কছাৰী, মদন বর্মন, ৰাউতা কোচ, লেৰেলা বডো আদি অলেখজন শ্বহীদ হৈছিল৷ এহসকলৰ আত্মবলিদান আৰু দেশবাসীৰ ত্যাগৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত ব্রিটিছে ভাৰতক স্বাধীনতা প্রদান কৰিবলৈ বাধ্য হৈছিল৷
ভাৰতবর্ষৰ মুক্তি সংগ্রামৰ পটভূমিত ২০২১ চনটোৰ বিশেষ তাৎপর্য আছে৷ এহ বছৰতে দেশে স্বাধীনতাৰ মহাৰজত জয়ন্তী উদ্যাপন কৰিছে৷ ‘আজাদী কা অমৃত মহোৎসৱ’ শীর্ষকেৰে যোৱা ১২ মার্চ তাৰিখে সবৰমতী আশ্রমৰ পৰা এহ মহোৎসৱৰ শুভাৰম্ভ কৰি মাননীয় প্রধানমন্ত্রীয়ে কৈছিল যে এহ অমৃত মহোৎসৱৰ অর্থ হৈছে স্বাধীনতাৰ শক্তিৰ অমৃত, স্বাধীনতা সংগ্রামীসকলৰ পৰা লাভ কৰা অনুপ্রেৰণাৰ অমৃত, নতুন ধাৰণাৰ অমৃত, নতুন সংকল্পৰ অমৃত৷ ই হৈছে আত্মনির্ভৰশীলতাৰ অমৃত৷ এহ উৎসৱে আত্মনির্ভৰ ৰাষ্ট্র হিচাপে দেশক প্রতিষ্ঠা কৰাৰ বাবে প্রেৰণা যোগাব৷
সুদীর্ঘ ৭৫ বছৰত ভাৰতে নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি অর্থনৈতিক আৰু সামাজিক ক্ষেত্রত উন্নতিৰ ন ন মাত্রা গঢ়িবলৈ সক্ষম হৈছে৷ বিকশিত ভাৰতবর্ষত অসমেও নিজৰ নৱ–উন্মেষৰ সূচনা কৰিছে৷ এখন আত্মবিশ্বাসী অসমৰ স্বপ্ণ লাহে লাহে বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে৷ ১২৫ বছৰীয়া অলিম্পিকৰ হতিহাসত এহবাৰ অসমে লাভলীনা বৰগোহাহৰ জৰিয়তে প্রথমটো পদক জয়ৰ অভিলেখ গঢ়িলে৷ এখন অপৰাধমুক্ত আৰু সমস্যামুক্ত অসম গঢ়ি অসমৰ বিকাশক এটা নতুন আয়তন প্রদান কৰিবলৈ ৰাজ্যৰ নৱনিযুক্ত চৰকাৰখনক ৰাহজে সাহস আৰু প্রেৰণা যোগাহছে৷ এয়া আগন্তুক সময়ৰ বাবে অতিশয় শুভ সংকেত৷
এখন আত্মবিশ্বাসী আৰু আত্মনির্ভৰশীল অসম নির্মাণৰ পথত দ্রুত গতিৰে আগুৱান হোৱা বাবে আজি আমি পণ লৈছোঁ৷ ৰাহজৰ প্রেৰণা আৰু শুভাশিস এহ দিশত কামনা কৰিছোঁ৷ শেষত, স্বাধীনতা দিৱসৰ পৱিত্র ক্ষণত পুনৰ সদৌ ৰাহজলৈ শুভেচ্ছা আৰু অভিনন্দন জনাহছোঁ৷

You might also like