নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ৫খন হাইস্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ; আজি গৰুভাসা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে যাতে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ পৰা বঞ্চিত নহয় তাৰ বাবে অসম চৰকাৰে উচ্চ মাধ্যমিক স্কুলক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্যৰ জিলাসমূহৰ সমান্তৰাল ভাৱে বিটিআৰৰ অন্তৰ্গত জিলা সমূহতো যাতে শিক্ষনুষ্ঠানৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিভিন্ন বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্নীত কৰণৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে। চিৰাং জিলাত ৫খন হাইস্কুল ক্ৰমে গৰুভাষা হাইস্কুল, সুভাইঝাৰ হাইস্কুল, উলুবাৰী হাইস্কুল, ৰুণিখাটা হাইস্কুল আৰু মাকৰা হাইস্কুলক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হৈছে।

জিলাখনৰ সদৰ মহকুমাৰ অন্তৰ্গত সদ্য উন্নীত গৰুভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি গৰুভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ৱাৰীৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ মূখ্য অতিথি হিচাবে উপস্থিত থাকি চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে নিজৰ ভাষণত কয় যে কলা শাখাৰে আৰম্ভ কৰিব লগা গৰুভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে নামভৰ্তিৰ সুযোগ পাব আৰু অভিভাৱক সকলেও ইয়াৰ বাবে যথেষ্ট সকাহ পাব। অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা আৰু যাতায়ত ব্যয়কে ধৰি আনুসংগিক ব্যয়ৰো বোজা বহন কৰিব নালাগিব। তেওঁ লগতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ শিক্ষাৰ্থীক আৰু শিক্ষক সকলক আহ্বান জনায়।

উক্ত অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,এমচিএলএ ক্ৰমে মাধৱ চন্দ্ৰ ছেত্ৰী আৰু চাইকং বসুমতাৰীয়ে শৈক্ষিক দিশত গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰাৰ উপৰি এই শিক্ষানুষ্ঠানখন উন্নীত হোৱাত অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অভিভাৱক -শিক্ষাৰ্থী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত গৰুভাষা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক যোগেন নাৰ্জাৰী ,আগছুৰ গৰুভাসা শাখাৰ নেতৃবৃন্দ ,এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ উপৰি ছাত্ৰ-ছাত্ৰী , অভিভাৱক আৰু ৰাইজ উপস্থিত থাকে।

Input: বিপুল কুমাৰ দাস, কাজলগাঁও

You might also like