নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস চাই নিশা মাজুলীৰ মিচিং চাঙত কটালে ড০ শর্মাই

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ৰাস মহোৎসৱ চোৱাৰ লগতে একাধিক চৰকাৰী কার্যসূচী লৈ দুদিনীয়া ভ্রমণসূচীৰে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দিনৰ ভাগত বিভিন্ন চৰকাৰী উন্নয়নমূলক কার্যসূচীত অংশগ্রহণ কৰি সন্ধিয়াৰ ভাগত মাজুলীৰ বিভিন্ন সত্রত আয়োজিত ৰাস মহোৎসৱৰ কার্যসূচীত মুখ্যমন্ত্রী ড০ শর্মাই ৰাস উপভোগ কৰে৷

বৃহস্পতিবাৰৰে পৰা তিনিদিনীয়াকৈ মাজুলীত আৰম্ভ হোৱা শাৰদীয় ৰাসোৎসৱত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজুলীৰ ৰাসৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব আছে৷ যোৱা দুটা বছৰে ক’ভিডৰ বাবে নিজক সীমাবদ্ধ কৰি মাজুলীবাসীয়ে ৰাস উৎসৱ পালন কৰি আহিছে৷ কিন্তু অহা চাৰে চাৰি বছৰত বা তাৰ পাছতো মাজুলীৰ ৰাসক কেন্দ্র কৰি ভাৰতবর্ষত যাতে এটা জোকাৰণি আহে বা মানুহৰ মনত মাজুলীৰ ৰাস চোৱাৰ বাবে এক উৎকণ্ঠা আহে আৰু ৰাসক কেন্দ্র কৰি পর্যটকৰ সংখ্যা যাতে বঢ়াব পৰা যায়, তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷

প্রথমবাৰৰ বাবে এইবাৰেই মাজুলীৰ ৰাস উপভোগ কৰিবলৈ অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মাজুলীৰ ৰাসৰ আধ্যাত্মিক মহানতাক উপলব্ধি কৰাই নহয়, আজি মই বিমল আনন্দ অনুভৱ কৰিছোঁ৷ ৰাস পূর্ণিমাৰ পৱিত্র সন্ধিয়া মাজুলীৰ ঐতিহাসিক শ্রীশ্রীগড়মূৰ সত্রত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যবাসীৰ কুশল–মংগল কামনাৰে সেৱা আগবঢ়ায়৷ তেওঁ সত্রখনৰ সত্রাধিকাৰ পৰমানন্দ গোস্বামীৰ সৈতে মত বিনিময় কৰি সত্রখনৰ উন্নয়নৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই শ্রীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গড়মূৰ সৰুসত্র দর্শন কৰাৰ লগতে ইয়াৰ আধ্যাত্মিক পৰিৱেশত কিছু সময় কটায়৷ তাত তেওঁ সত্রাধিকাৰ হৰিদেৱ গোস্বামীৰ আশীর্বাদ লোৱাৰ উপৰি সত্রখনৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে৷ এই ভ্রমণকালতে তেওঁ আউনীআটী সত্র দর্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল–মংগল কামনাৰে সেৱা আগবঢ়ায়৷ সত্রাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সৈতে সত্রখনৰ লগতে মাজুলীৰ উন্নয়নৰ বিভিন্ন দিশ সম্পর্কত আলোচনা কৰে৷ সেইদৰে দক্ষিণপাট সত্রৰ ৰাস মহোৎসৱৰ বন্তি প্রজ্বলন কৰি উদ্বোধন কৰে৷ একেদৰে উত্তৰ কমলাবাৰী সত্রৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ড০ শর্মাই শ্রীশ্রীকৃষ্ণ লীলাৰ আধ্যাত্মিক তত্ত্ব পৰম তৃপ্তিৰে উপভোগ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই উত্তৰ কমলাবাৰী সত্রতে নিশাৰ আহাৰ গ্রহণ কৰে৷ ইয়াৰ পাছতে তেওঁ মাজুলীৰ নৈপৰীয়া বালি জকাইবোৱা মিচিং গাঁৱত উপস্থিত হয়৷ নিশাটো মুখ্যমন্ত্রীয়ে গাঁওখনৰ কিৰণ পায়েঙৰ চাংঘৰত কটায়৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাইলৈ পুৱা বালি জোকাইবোৱা অঞ্চলতে জলসম্পদ বিভাগৰ বহুকেইটা সুৰক্ষা আঁচনিৰ শুভাৰম্ভ ঘটিব৷ সেয়ে তেওঁ নিশাটো এই অঞ্চলতে থকাৰ সিদ্ধান্ত গ্রহণ কৰে৷

পূর্বেও তেওঁ জোনাইৰ এখন মিচিং গাঁৱত থকাৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁলোকৰ কলা–কৃষ্টি, সংস্কৃতি, জীৱনশৈলী চাই ভাল লাগে৷ মাজুলীৰো মিচিং ৰাইজৰ দৈনন্দিন জীৱনশৈলী এনিশা কটালে বুজাত সহায় হ’ব বুলি তেওঁ কয়৷ কিৰণ পায়েঙৰ ঘৰত পৰিয়ালটোৱে মুখ্যমন্ত্রীক আপ্যায়নৰ বাবে সাজু কৰা মিচিং খাদ্য সম্ভাৰৰো মুখ্যমন্ত্রী ড০ শর্মাই জুতি লয়৷

আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া মাজুলীৰ বিভিন্ন সত্রৰ ৰাস মহোৎসৱৰ কার্যসূচীত অংশগ্রহণৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই যোৰহাট–মাজুলী সংযোগী দলঙৰ নির্মাণস্থলীত উপস্থিত হৈ কেম্পৰ সকলো দিশ পর্যবেক্ষণ কৰে৷ পৰিদর্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ২৮ নৱেম্বৰত মাজুলী–যোৰহাট সংযোগী দলংখনৰ প্রথমটো খুঁটাৰ পাইলিঙৰ কাম আৰম্ভ হ’ব আৰু চাৰি বছৰৰ ভিতৰত দলংখনৰ নির্মাণকার্য সম্পূর্ণ হ’ব৷

ইপিনে মুখ্যমন্ত্রী ড০ শর্মা মাজুলীলৈ অহাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ভাগিনসকল৷ ভাগিনসকলে স্বতঃস্ফূর্তভাৱে মামা মামা বুলি মুখ্যমন্ত্রী ড০ শর্মাৰ কাষ চাপি মুখ্যমন্ত্রীৰ লগতে তেওঁলোকো ৰাস চাবলৈ যোৱাৰ আবদাৰ ধৰে৷

উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ প্রচাৰৰ সময়ত ড০ শর্মাই ভাগিনহঁতৰ সৈতে অন্তৰংগতাৰে মত বিনিময় কৰে৷ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পাছতেই মাজুলীলৈ গৈ ড০ শর্মাই ভাগিনহঁতৰ সৈতে দুপৰীয়াৰ সাঁজ একেলগে গ্রহণ কৰে৷ সেয়ে স্বাভাৱিকতে মাজুলীলৈ মুখ্যমন্ত্রী অহাৰ খবৰ পায়েই ভাগিনহঁতে তেওঁক বিচাৰি আহে৷

ইফালে বৃহস্পতিবাৰে  মাজুলী ভ্রমণৰ সময়তো মুখ্যমন্ত্রী ড০ শর্মাই গড়মূৰস্থিত জিলা অগপৰ কার্যালয়ত দলীয় নেতা আৰু কার্যকর্তাসকলৰ সৈতে মত বিনিময় কৰে৷ সেইদৰে মাজুলীৰ আৱর্ত ভৱনত মাজুলী জিলা বিজেপি আৰু সন্মিলিত গণশক্তিৰ বিষয়ববীয়া আৰু কার্যকর্তাসকলৰ সৈতেও মত বিনিময় কৰে৷

You might also like