নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঁচীত আজি নিউজিলেণ্ডৰে দ্বিতীয় টি–২০

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ প্রথম টি–২০ত চমকপ্রদ জয়ৰ পিছত আত্মবিশ্বাসী টীম ইণ্ডিয়াই আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্যৰে দ্বিতীয় টি–২০ত খেলপথাৰত নামিব৷ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ গৃহ চহৰ ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন ঘৰুৱা দলটোৱে বলিঙত কিছু শুধৰণি কৰিব বিচাৰিব৷ প্রথম টি–২০ত যথেষ্ট ৰান ব্যয় কৰা বেগী বলাৰ মহম্মদ চিৰাজ আৰু দীপক চহৰৰ পৰা টীম ইণ্ডিয়াই অধিক উন্নত প্রদর্শন আশা কৰিব৷ অৱশ্যে অভিজ্ঞ মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰ আৰু তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ সুন্দৰ প্রদর্শনে দলৰ বলিং বিভাগক আত্মবিশ্বাসত ৰাখিছে৷ দুর্বল প্রদর্শনৰ বাবে টি–২০ বিশ্বকাপত দলৰ পৰা বাদ পৰা ভুবনেশ্বৰে মাত্র ২৪ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ একেদৰে অশ্বিনে ২৩ ৰান ব্যয় কৰি সমসংখ্যক উইকেট লাভ কৰে৷

ইফালে, বেটিঙত ভাৰতে মিডল অর্ডাৰৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে আজি দ্বিতীয় টি–২০ত অৱতীর্ণ হ’ব৷ অ’পেনাৰ ৰোহিত শর্মা, লোকেশ ৰাহুল আৰু মিডল অর্ডাৰ বেটছমেন সূর্য কুমাৰ যাদৱে সুন্দৰ বেটিঙেৰে দলৰ মনোবল বৃদ্ধি কৰিছে যদিও শ্রেয়াছ আয়াৰ আৰু ঋষভ পণ্টক প্রথম টি–২০ত স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নগ’ল৷ নতুন প্রশিক্ষক দ্রাবিড় আৰু নতুন অধিনায়ক ৰোহিতৰ যুটিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয়েৰে ভাৰতীয় ক্রিকেটত নতুন যুগৰ সূচনা কৰাৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷

ইফালে, ০–১ত পিছপৰি থকা নিউজিলেণ্ডে শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷ কেন উইলিয়ামছনৰ অনুপস্থিতিত কিছু দুর্বল হৈ পৰা কিৱি বাহিনীয়ে যুঁজাৰু মানসিকতাৰ পৰিচয় দি আজি শক্তিশালী প্রত্যাৱর্তন ঘটোৱাৰ সম্ভাৱনা আছে৷ দলটোৱে আজি কিছু সালসলনিৰে খেলপথাৰত নমাৰ ইংগিত দিছে৷
খেলৰ সময়: নিশা ৭ বজা৷

You might also like