নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি, স্মাৰক উদ্যান আৰু প্ৰেক্ষাগৃহ উদ্বোধন

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰীৰ ৰত্নপীঠ মহাবিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ স্মৃতিত নিৰ্মিত স্মাৰক উদ্যান, প্ৰেক্ষাগৃহ আৰু তেখেতৰ পুনৰ নিৰ্মিত বাসগৃহ ‘কপোত নীড়’ৰ শুভ উদ্বোধন কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ ২০১৬-১৭ বৰ্ষৰ অধীনত মুঠ ১ কোটি টকা ব্যয়সাপেক্ষে এই নিৰ্মাণকাৰ্যসমূহ সম্পন্ন কৰা হৈছে। অসম চৰকাৰে সংৰক্ষণ কৰা এই বাসগৃহটোৱে পৰ্যটকক আকৰ্ষিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জীৱন পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যুৱপ্ৰজন্মক আহ্বান জনায়।

You might also like