নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৱৈ মাছৰ পুষ্টি

আমাৰ সকলোৰে পৰিচিত এবিধ সুস্বাদু মাছ হৈছে কাৱৈ৷ অসমৰ নদ–নদী, খাল–বিল, পুখুৰী আদি ইয়াৰ আৱাসস্থলী৷ মুখ্যতঃ পানীৰ বাসিন্দা হ’লেও প্রতিকূল পৰিৱেশত পানীৰ অবর্তমানতো ইহঁতে ভালে সময় ধৰি বাচি থাকিব পাৰে৷ পানীত থকা সময়ত জলক্লেমৰ সহায়ত পানীৰ অক্সিজেন সেৱন কৰি জীয়াই থাকিলেও মুক্ত পৰিৱেশত ইহঁতে অন্য প্রাণীৰ দৰে বায়ুৰ অক্সিজেন গ্রহণৰ জৰিয়তে ৬–১০ ঘণ্টা পর্যন্ত জীয়াই থকাৰ তথ্য পোৱা যায়৷ বাস্তৱত বিশেষকৈ শীতকালত পাত্রৰ ভিতৰত প্রায় এদিনলৈ ইয়াক বাচি থকা দেখিবলৈ পোৱা যায়৷ আনকি ইয়াৰ বাকলি গুচাই কটা–ছিঙা কৰাৰ পিছতো ই জীয়াই থকা পৰিলক্ষিত হয়৷ সেয়ে ইয়াক ‘কাঠমাছ’ৰ আখ্যা দিয়া হয়৷ সেয়েহে ইহঁতক ঘৰৰ ভিতৰত টৌ, চৰিয়া, চচপেন আদি পাত্রত কম পানীত ৰাখিও কেইবাদিনলৈ জীয়াই ৰাখি খোৱাৰ উপায় কৰিব পৰা হয়৷ অৱশ্যে খাদ্যৰ অভাৱত ইহঁত ক্ষীণাব ধৰে৷ তথাপি খাল–বিল আদিৰ পৰা সৰহকৈ উদ্ধাৰ কৰা হ’লে, নতুবা বজাৰত কিছু বেছি পৰিমাণে উপলব্ধ হ’লে গোটাই লৈ উক্ত ব্যৱস্থাৰে ঘৰৰ ভিতৰত ‘পোহনীয়া মাছ’ ৰূপে পাব পাৰি৷
কাৱৈ এনে এবিধ মাছ, যি পানীত সাঁতুৰি ইফালে–সিফালে আহ–যাহ কৰাৰ নিচিনাকৈ বামত, অর্থাৎ মাটিতো খহতা বাকৰি আৰু কাণ দুখনৰ সহযোগত ধুনীয়াকৈ কিছু খৰগতিত বগাই পানীৰ উৎসৰ সন্ধান কৰি ব্যতিক্রমী চৰিত্র প্রদর্শিত কৰি দেখুৱাবও পাৰে৷ কেৱল সেয়ে নহয়, প্রয়োজনবিশেষে একোটা জাঁপ মাৰি যাত্রাপথৰ দূৰত্ব চমুৱাই তুলিবও পাৰে৷ এনে কামত হয়তো মৎস্যকুলত কাৱৈ হ’ব অদ্বিতীয়৷ এনেদৰে বগোৱাৰ ক্ষমতা দেখিয়েই ইংৰাজীত ইয়াৰ নাম ৰখা হৈছেClimbing fish বাClimbing perch৷ বৈজ্ঞানিকভাৱে কোৱা হয়Anabs testudineus৷ আমাৰ বিশ্বাস মৎস্যপ্রিয় ব্যক্তিমাত্রেই এইবিধ মাছ প্রিয়৷ কাৰণ ইয়াৰ এক সুকীয়া স্বাদ আৰু তৃপ্তি পোৱা যায়৷ ইয়াক ভাজি, খৰিকাত দি, পুৰি, ভাপত দি, বেক কৰি, সৰিয়হৰে চর্চৰি কৰি অথবা সাধাৰণভাৱে পাচলিৰ লগত তৰকাৰী কৰি খাব পাৰি৷ ইয়াক অৱশ্যে যি ৰূপতেই খোৱা নাযাওক কিয়, স্বাদ–তৃপ্তি হ্রাস নহয়৷ পিছে ইয়াক খোৱাৰ উপযোগী কৰি তোলাটোহে, অর্থাৎ কটা–বচা কার্যহে যথেষ্ট কঠিন৷ কিয়নো তেনে কৰাৰ সময়ত ইয়াৰ গাত থকা অতি ধাৰযুক্ত খহতা বাকলি আৰু বুকু–পিঠিত থকা জোঙা কাঁইটে বাছোঁতাৰ হাত ফালি তেজ নিগৰুৱাটো তেনেই সাধাৰণ কথাত পৰিণত কৰি তুলিব পাৰে৷ সেয়েহে তেনে ভয়ৰ বাবে কাৱৈ মাছ খোৱাৰ প্রবল হেঁপাহ থাকিলেও তাক দমাই ৰাখিব লগা হয়৷ ইফালে, ইয়াৰ দামো বজাৰত তুলনামূলকভাৱে কিছু বেছি হোৱাত ক্রয়ৰ প্রতি বহুতকে কুণ্ঠিত হোৱাও দেখা যায়৷ তথাপি এইটো সত্য যে দেহত তেলৰ মাত্রা বৃদ্ধি পোৱাৰ ফলত সততে ডিঙিৰ ওচৰ অংশ হালধীয়া হৈ পৰা ডাঙৰ ডাঙৰ কাৱৈমাছৰ কথা মনলৈ আহিলে যিকোনো প্রকাৰে কাটি হ’লেও ইয়াক ভক্ষণৰ অনাগ্রহী হোৱা মানুহ খুউব কমেই ওলাব বুলি মনে ধৰে৷
কাৱৈ মাছ যে কেৱল স্বাদমুক্তহে এনে নহয়৷ প্রকৃততে ই যথেষ্ট পুষ্টিকাৰকো৷ ইয়াৰ ১০০ গ্রামৰ পৰা ৭৭.৪ কেলৰি শক্তি পোৱাৰ উপৰি পৰিৱেশভেদে ৪৩ গ্রামলৈ প্রটিন পোৱা যায়৷ সাধাৰণতে ১৬–১৭ গ্রাম প্রটিন পোৱা যায়৷ তদুপৰি ভিটামিন, খনিজ লৱণ আৰু বিশেষকৈ এমাইন’ এচিডৰ ভাল উৎস হৈছে কাৱৈ মাছ৷ ভিটামিন আৰু ফেটি এচিডৰ ক্ষেত্রত সৰুতকৈ ডাঙৰ কাৱৈত উভয়ৰে পৰিমাণ বেছি পোৱা যায় বুলি তথ্য পোৱা গৈছে৷ ইয়াৰ বিপৰীতে কিন্তু ভিটামিন ডিৰ পৰিমাণ ডাঙৰতকৈ সৰু কাৱৈত বেছি পোৱা বুলি কোৱা হৈছে৷ ভিটামিনৰ ক্ষেত্রত সামগ্রিকভাৱে এ৭.৭ মাইক্র’গ্রাম, বি৬০.১ মিঃগ্রাম আৰু বি১২ ২.৬ মাইক্র’গ্রাম, চি ১.৪ মিঃগ্রাম, ডি৩ ২.৬ মাইক্র’গ্রাম, ই ০.২ মিঃগ্রাম আৰু কে ০.১ মাইক্র’গ্রাম পোৱা যায়৷ তেনেকৈ খনিজ লৱণৰ ক্ষেত্রত আইৰন ০.১৩–০.৬৫ মিঃগ্রাম, কেলছিয়াম ১৯২.৩–২৪১.৪ মিঃগ্রাম, ফছফৰাছ ৪৮.৬–৫০.৮ গ্রাম, জিংক ০.০১২–০.২৩১ মিঃগ্রাম, কোবাল্ট ০.০৫৭–০.০৪৪ মিঃগ্রাম, মেগনেছিয়াম ২৫.৫ মিঃগ্রাম পোৱা যায়৷ সেইদৰে ফেটি এচিডৰ ক্ষেত্রত ডি এইচ এ ০.১ গ্রাম আৰু অ’মেগা ৩.০ গ্রাম পোৱা যায় বুলি প্রকাশ৷ কাৱৈত পোৱা এমাইন’ এচিডৰ ভিতৰত ট্রিপ্ঢফেন, থ্রিয়েমাইন, লিউচিন, লাইছিন, মেথি’নাইন আৰু হিষ্টিডিনৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ এইবিধ মাছত পোৱা প্রটিন আৰু চর্বিভাগ দেহত সহজেই ভাঙোন ঘটি নানাধৰণৰ উপকাৰত লিপ্ত হৈ পৰে৷ তাৎপর্যপূর্ণ যে কেলছিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামৰ সবল স্থিতিৰ লগতে ভিটামিন আৰু এমাইন’ এচিডৰ ভাল উৎস হোৱাত কাৱৈ মাছ ল’ৰা–বুঢ়া সকলো বয়সৰে লোকৰ বাবে অতি উপযোগী বুলি ক’ব পাৰি৷ ইয়াত থকা ফেটি এচিডে আমাৰ দেহৰ তেজত বেয়া কলেষ্টৰেলৰ পৰিমাণ কমোৱাৰ বিপৰীতে ভাল কলেষ্টৰেল (এইচ ডি এল)ৰ পৰিমাণ বঢ়াই হূদৰোগৰ পৰা হাত সৰাত ৰক্ষা কৰিব পাৰে৷ তেনেকৈ ইয়াৰ তেলে উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰি, দৃষ্টিশক্তি অক্ষুণ্ণ ৰখাত সহায় কৰাৰ উপৰি গর্ভৱতী তিৰোতাৰ গর্ভস্থ সন্তানৰ সুষম বাঢ়ন তথা মগজুৰ বিকাশতো ইতিবাচক প্রভাৱ পেলোৱাৰ অৱকাশ বৃদ্ধি কৰিব পাৰে৷ এনেধৰণৰ উপকাৰসমূহ কাৱৈ মাছত বাৰুকৈ উপলব্ধ হোৱাৰ হেতুকে এইবিধ মাছ খোৱাত আমি যত্নপৰ হোৱা উচিত৷

You might also like