নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত অসৎ কামনাৰ পৰা কথমপি ৰক্ষা নাবালিকা, অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ জাগুন ৮ মাইলত এক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। দেওবাৰে এটা লম্পটৰ অসৎ কামনাৰ পৰা কথমপি ৰক্ষা পৰে এগৰাকী নাবালিকা। প্ৰাপ্ত খবৰ অনুসৰি নাবালিকা গৰাকীৰ ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি মুহিবুৰ ৰহমান নামৰ লম্পটোৱে বাসগৃহত প্ৰৱেশ কৰি নাবালিকা গৰাকীক নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উদ্যত হয়।

নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই হাতে-লোতে লোকজনক আটক কৰিবলৈ সক্ষম হয়। হোজাই লোকজনে জাগুন ৮ মাইলত ঠিকা ভিত্তিত শ্ৰমিকক কামত মকৰল কৰি আহিছিল। মুহিবুৰে অৱশ্যে এই ঘটনা কথা অস্বীকাৰ কৰিছে। নাৱালিকা গৰাকীৰ বাসগৃহত অগ্ৰীম টকা দি থোৱা আছিল সেই টকা পৰিশোধ কৰিবলৈ কোৱাৰ বাবেই এনে তেওঁ বিৰুদ্ধে এই অপযশ জাপি দিছে বুলি সংবাদমাধ্যমৰ আগতে প্ৰকাশ কৰিছে যদিও স্থানীয় ৰাইজে এই কথা অস্বীকাৰ কৰি কয় যে মুহিবুৰে প্ৰকৃততে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উদ্যত হোৱাত নাৱালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত মহবুলক ওচৰ চুবুৰীয়াই হাতে-লোতে আটক কৰি স্থানীয় আৰক্ষীক চমাজাই দিয়ে।

 ধৃত মুহিবুৰৰ বিৰুদ্ধে লেখাপানী আৰক্ষীয়ে ইতিমধ্য ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৭, ৩৫৪( এ), ৩৭৬ অধিনত এটি গোচৰ পঞ্জীয়ন কৰি লোকজনক আজি পুৱা জেল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like