নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিএমছুৰ সভাপতি লাফিকুলক হত্যা কৰিছিল ৰূপা–দিংকুৰ–ভদ্রেশ্বৰে

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ ৰাজ্য জোকাৰি যোৱা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দীর্ঘ চাৰি বছৰৰ পাছত তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিলে চি বি আয়ে৷ দেশৰ সর্বোচ্চ অনুসন্ধানকাৰী সংস্থাটোৱে লাফিকুল ইছলামৰ হত্যাকাৰী হিচাপে চিনাক্ত কৰা অপৰাধীকেইজন হ’ল– ৰূপা ব্রহ্ম ওৰফে কেজেং ব্রহ্ম ওৰফে ৰমেশ ব্রহ্ম (পিতা– লোহিত ব্রহ্ম, গাঁও–ডাক ঃ ভালুকমাৰী, থানা– দোতমা, জিলা– কোকৰাঝাৰ) দিংকুৰ মুছাহাৰী ওৰফে দাও (পিতা– ভৱানী মুছাহাৰী, গাঁও– ১নং পাবুৱাঝোৰা, থানা– বিছমুৰী, জিলা– কোকৰাঝাৰ) আৰু ভদ্রেশ্বৰ বসুমতাৰী ওৰফে ভদ্রে (পিতা– থবুন বসুমতাৰী ওৰফে যগেশ্বৰ বসুমতাৰী, গাঁও– কঠালমূৰী, থানা– বিছমুৰী, জিলা– কোকৰাঝাৰ)৷

চি বি আয়ে এই হত্যাকাৰীকেইজন সন্দর্ভত খবৰ দি গ্রেপ্তাৰত সহযোগ কৰাসকললৈ দুই লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে বিগত ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ তিতাগুৰি বজাৰৰ এখন দোকানলৈ নিজৰ ঘৰৰ বাবে টাইলছ কিনিবলৈ যোৱা অৱস্থাত মটৰচাইকেলত অহা দুর্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক হত্যা কৰিছিল৷ দুর্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল দোকানীজন৷ এই হত্যাকাণ্ডক কেন্দ্র কৰি সেই সময়ত তীব্র উত্তেজনা সৃষ্টি হৈছিল৷ বিশেষকৈ হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত তীব্র প্রতিবাদী কার্যসূচী গঢ়ি তুলিছিল এবিএমছুৱে৷

ইয়াৰ মাজতে অসম আৰক্ষীৰ তদানীন্তন মহাপৰিদর্শক অনুৰাগ টাংখাৰ নেতৃত্বত লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধানকাৰী গোট (এছ আই টি) গঠন কৰি দিয়ে ৰাজ্য চৰকাৰে৷ পৰৱর্তী সময়ত ৰাজ্য চৰকাৰৰ অনুৰোধমর্মে কেন্দ্রীয় চৰকাৰে হত্যাকাণ্ডটোৰ তদন্তৰ ভাৰ অর্পণ কৰে চি বি আইক৷

সেইমর্মে ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰ আৰক্ষী থানাত দাখিল কৰা ৪৯২ নম্বৰৰ এজাহাৰখনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৩০২, ৩২৬, ৩৪ আৰু সশস্ত্র আইনৰ ২৫ (১–এ), ২৭ (৩) নং ধাৰাৰ অধীনত আৰ চি ২/এছ/২০১৭ – কল নম্বৰত এটা গোচৰ ৰুজু কৰি চি বি আয়ে অনুসন্ধান আৰম্ভ কৰে৷ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ চাৰি বছৰ সম্পূর্ণ হোৱাৰ সময়তে তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰাৰ দাবীত এ বি এমছুৱে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷ তাৰ মাজতে মঙলবাৰে চি বি আয়ে তিনি হত্যাকাৰীক চিনাক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে৷ তিনি হত্যাকাৰী সন্দর্ভত চি বি আয়ে এই ঠিকনাত খবৰ দিবলৈ অনুৰোধ জনাইছে৷–The HOB & Asstt. Superindent of Police, CBI, SCB, CGO Complex, DF Block, A Wing, 2nd Floor, Salt Lake- 700064, Phone Nos- 033-23596118, 23596119, 9051255109, Email- [email protected] আৰু আৰক্ষী নিয়ন্ত্রণ কক্ষ, কোকৰাঝাৰ– ০৩৬৬১–২৭০৬৬৭, ৬০২৬৯০০৮২৪৷

মন কৰিবলগীয়া যে চি বি আয়ে তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ পাছতে প্রয়াত লাফিকুল ইছলাম আহমেদৰ পৰিয়াল আৰু এবিএমছুৱে প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিশেষকৈ তিনিওজন হত্যাকাৰী প্রাক্তন বি এল টি সদস্য আৰু পৰৱর্তী সময়ত বি পি এফত যোগদান কৰিছিল বুলি লাফিকুল ইছলাম আহমেদৰ ভাতৃ মহিদুল ইছলামে কৰা বিস্ফোৰক মন্তব্যই সমগ্র বিষয়টোক আন এক চর্চাৰ মাজলৈ ঠেলি দিছে৷

মঙলবাৰে সংবাদ মাধ্যমৰ আগত মহিদুল ইছলাম আহমেদে কয়– ‘শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত কৰা হৈছে বুলি আজি পুৱা মোক চি বি আয়ে জনায়৷ অন্ততঃ ভাল লাগিল– হত্যাকাৰীক চিনাক্ত কৰিব পাৰিলে৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কোন? এই হত্যাকাৰীসকল কাৰ লগত জড়িত আছিল? কাৰ লগত সম্পর্ক আছিল? আমি গম পোৱা মতে সিহঁত প্রাক্তন বি এল টি আছিল আৰু পাছত বি পি এফত যোগদান কৰিছে৷ যদি বি পি এফৰ কর্মী হয়, তেন্তে কাৰ কথা অনুসৰি কামটো কৰিলে?’ হত্যাকাৰীকেইজনক শীঘ্রে গ্রেপ্তাৰ আৰু মাষ্টাৰ মাইণ্ডক চিনাক্ত কৰিবলৈ তেওঁ দাবী জনায়৷

তেওঁ পুনৰ কয়– ‘আমাক ন্যায় লাগে৷ আমি আশা ৰাখিছোঁ৷ নিশ্চয় মাষ্টাৰ মাইণ্ডক বিচাৰি উলিয়াব পাৰিব৷’ ইপিনে, এবিএমছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক জাইদুল ইছলামে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড আছিল বুলি দাবী কৰে৷ চি বি আয়ে প্রকাশ কৰা হত্যাকাৰীসকল প্রকৃততে ‘কিলাৰ’হে আছিল আৰু ইয়াৰ আঁৰত ৰৌ–বৰালি জড়িত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চি বি আয়ে হত্যাকাৰীৰ নাম ঘোষণা কৰাৰ সলনি গ্রেপ্তাৰ কৰিলেহে সন্তুষ্টি পালোঁহেঁতেন৷ যিমান দিনলৈকে হত্যাকাৰীক ফাঁচিকাঠত ওলমোৱা নহয়, সিমান দিনলৈকে এবিএমছুৰ আন্দোলন অব্যাহত থাকিব৷

You might also like