নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্ৰমণসূচীৰে গোসাঁইগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ  দুদিনীয়া ভ্ৰমনসূচিৰে আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। গোসাঁইগাঁৱত উপস্থিত হোৱৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জাষ্টিন লাক্ৰাৰ তেলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ প্ৰয়াত জাষ্টিন লাক্ৰাৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিটিচি’ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী উৰ্খা গৌৰা ব্ৰক্ষ বিধায়ক লৰেন্স ইছলাৰী প্ৰমূখ্য কেইবা গৰাকী দলীয় নেতা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ যোগে গোসাইগাঁও হাব্ৰুবিলস্তিত হাব্ৰুবিল হাইস্কুলত অৱতিৰ্ণ হোৱাৰ পাছতেই পোনে পোনে মহকুমাখনৰ পদ্মবিলস্তিত প্ৰয়াত জাষ্টিন লাক্ৰাৰ গৃহত উপস্থিত হৈ লাক্ৰাৰ ছহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে প্ৰয়াত লাক্ৰাৰ পত্নী লতা তিৰু লাক্ৰাৰ সৈতে মত বিনিময় কৰে ৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আছা’ৰ প্ৰয়াত সভাপতি বস্কো চেৰমাকোৰ বাসগৃহতো উপস্থিত হৈ ছহীদ বেদী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী মৰনৈ অতিথিশালাত উপস্থিত হৈ কেইবাটাও সংগঠণৰ নেতৃত্বৰ সৈতে মতবিনময় কৰে ৷ উল্লেখযোগ্য যে আজি নিশা মৰনৈতে নৈশ যাপন কৰাৰ পিছত মঙলবাৰে গোসাঁইগাঁও সদৰ চহৰত আয়োজিত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰিব ৷

You might also like