নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ধুমুহা তুলি সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ “আমাৰ সৰ্বাদা”, “সৰ্বানন্দ সোণোৱাল জিন্দাবাদ” ধ্বনিৰে আজি মুখৰিত হৈ পৰে ডিব্ৰুগড়ৰ আকাশ বতাহ। ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিত আজি অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী এনডিএৰ জেষ্ঠ্য নেতা সৰ্বানন্দ সোণোৱালে। যোৱা দিনকেইটাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিত প্ৰায় ১০০ৰো অধিক নিৰ্বাচনী প্ৰচাৰ অভিয়ানত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰাইজৰ অফুৰন্ত উৎসাহ-উদ্দীপনাই সোণোৱালৰ প্ৰচাৰ অভিযানত প্ৰদান কৰিলে এক নতুন মাত্ৰা৷ এনডিএৰ প্ৰাৰ্ধীগৰাকীয়ে আজি খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ দেউৰী গাঁৱত থকা বলীয়া বাবা থানত সেৱা জনাই অন্তিম দিনৰ প্ৰচাৰ আৰম্ভ কৰে৷ তাৰ পিছত তেওঁ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰীণউড চাহ বাগিচা, নিৰ্মালিগাঁও, ৰানিং গেট, চিৰিং চাপৰি বিহু খেলপথাৰ আদি ঠাইত প্ৰচাৰ চলায়। বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল অসমৰ ডিব্ৰুগড়-তিনিচুকীয়া অঞ্চলত অতি প্ৰত্যাস্থানপূৰ্ণ নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে সৰ্বসাধাৰণ ৰাইজৰ মনৰ বুজ লয়। জাতি-মাটি-ভেটি সুৰক্ষাৰ স্বাথত কেন্দ্ৰত আকৌ এবাৰ মোদী চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে ৰাইজক বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ তেওঁ অনুৰোধ জনায়। উন্নয়নৰ প্ৰতিশ্ৰুতিৰে সমাজৰ সকলো বৰ্গৰ ৰাইজক আশ্বস্ত কৰিবলৈ সোণোৱালে ডিব্ৰুগড় সমষ্টিৰ অগম্য স্থানবোৰলৈ গৈও নিৰ্বাচনী প্ৰচাৰ চলায়। বিশেষকৈ জনগোষ্ঠী অধুষিত অঞ্চলত বিজেপিৰ ভেটি পূৰ্বজকৈ অধিক সুদৃঢ় কৰিবলৈ সোণোৱালে অহৰ্নিশে নিৰ্বাচনী প্ৰচাৰ চলায়। সোণোৱালৰ সমৰ্থনত বহু ঠাইত পদযাত্ৰা, চাইকেল ৰেলীও বাহিৰ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “ডিব্ৰুগড়ৰ মানুহে সদায় মোক মৰম আৰু সমৰ্থনৰে আশীৰ্বাদ কৰি আহিছে। তেওঁলোকেই সৰ্বানন্দ সোণোৱাল নামৰ ব্যক্তিত্বটোৰ সৃষ্টি কৰিছে। শেষ নিশ্বাস থকালৈকে মই ডিব্ৰুগড় সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি যাম। স্বাধীনতাৰ আগৰে পৰাই অবিভক্ত ডিব্ৰুগড় জিলা ভাৰতৰ আটাইতকৈ ধনী জিলাবোৰৰ ভিতৰত এখন আছিল য’ত চাহ, কয়লা, কাঠ, পেট্ৰ’লিয়াম প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। স্বাধীনতাৰ পিছত, কংগ্ৰেছ চৰকাৰৰ প্ৰণালীবদ্ধ অৱহেলাৰ বাবে, ডিব্ৰুগড় ক্ৰমান্বয়ে চৰকাৰৰ অগ্ৰাধিকাৰৰ পৰা বাদ পৰি যায়৷ পূৰ্বৰ বাজপেয়ীৰ চৰকাৰ আৰু বৰ্তমান মোদী চৰকাৰৰ নেতৃত্বত এই অঞ্চলটোলৈ আকৌ আগৰ পৰিৱেশ ঘুৰি আহিছে৷ আপোনালোকে বিজেপি চৰকাৰৰ পক্ষত জনাদেশ দিলে ‘বিকশিত ভাৰত’ৰ বুকুত “বিকাশত অসম’ জিলিকি থাকিব।” “বিজেপিৰ সমৰ্থনত ৰাইজৰ উৎসাহ দেখি মই অভিভূত হৈছো। মানুহৰ কল্যাণ, ৰাজ্যৰ উন্নয়ন আৰু ভৱিষ্যতমুখী দৃষ্টিভংগীৰে মোদীৰ গেৰাণ্টি সফল হ’বলৈ গৈছে। আমাৰ যোৱা দহ বছৰৰ ৰিপ’ৰ্ট কাৰ্ডে প্ৰমাণ কৰিছে যে কেনেদৰে কল্যাণমূলক আঁচনিয়ে সকলো সম্প্ৰদায়ৰ লোকৰ জীৱন সলনি কৰিছে। সেয়া লাগিলে মৰাণ, মটক, চুতীয়া, গোৰ্খা, মিচিং, সোণোৱাল কছাৰী, চাহ সম্প্ৰদায় বা আন যিকোনো সম্প্ৰদায়ৰ লোকৰে হওক। আমাৰ ডিব্ৰুগড় সমষ্টিটোৱে প্ৰধানমন্ত্ৰী মোদীজীৰ ‘সবকা সাথ, সবকা বিকাশ’ ধাৰণাক প্ৰতিফলিত কৰে। আমাৰ মাজত বৈচিত্ৰ্যময় জনগাঁঠনিৰ শক্তি আছে, অফুৰন্ত প্ৰাকৃতিক সম্পদ আছে, সমৃদ্ধ সাংস্থৃতিক পৰিৱেশ আছে৷ এইবোৰৰ সহায়তেই আমি আমাৰ মাজত ভাতৃত্ববোধৰ বান্ধোন ধৰি ৰাখিম।” সোণোৱালে কয়।

You might also like