নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীক সমালোচনা কংগ্রেছ–ইউডিএফৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নাম উচ্চাৰণক লৈ পুনৰবাৰ উদ্ভৱ হৈছে বিতর্কৰ৷ এইবাৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল এই বিতর্কৰ আৱর্তত সোমাই পৰিছে৷ কালি বটদ্রৱাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাত দিয়া ভাষণ প্রসংগত ‘শংকৰদেৱ জী’ বুলি উল্লেখ কৰাক লৈ মুখ্যমন্ত্রী সোণোৱালক চোকা সমালোচনা কৰিছে কংগ্রেছ–এআইইউডিএফে৷ আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সাংসদ তথা কেম্পেইন কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ে কয় যে বটদ্রৱালৈ গৈ কৰা এনেধৰণৰ মন্তব্যৰ দ্বাৰা গুৰুজনাক ভীষণভাৱে অপমান কৰা নাইনে? ক্ষমতাত টিকি থাকিবৰ কাৰণে–মুখ্যমন্ত্রী হৈ থাকিবৰ কাৰণে পাৱে পৰিহৰি কৰহো কাতৰি বুলি ২০১৬ চনৰ পৰাই দিল্লীৰ নেতাসকলক পদলেহন কৰাটো তেওঁৰ এটা স্বভাৱ হৈ পৰিছে৷ তেওঁৰ গাত অসমীয়াৰ তেজ নাই৷ এই সন্দর্ভত সাংসদ প্রদ্যুৎ বৰদলৈৰ সুৰতে সুৰ মিলাই এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে পৃথকে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে বিজেপি চৰকাৰে ইয়াৰ বাবে লাজ পাব লাগে৷ আমাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলে কিছুদিন পূর্বে গুৰুজনাক ‘চাহেব’ বুলি কওঁতে বিজেপি দলে ইছ্যু বনাইছিল৷ এতিয়া স্বয়ং মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ‘জী’ বলি কৈছে৷ আমি এই সম্পর্কত ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা প্রতিক্রিয়া বিচাৰিছোঁ৷ লগতে ইয়াৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত৷ ইফালে, ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলখনত সাংসদ প্রদ্যুৎ বৰদলৈয়ে আজি কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে আহ্বান জনোৱা ভাৰত বন্ধৰ প্রতি কংগ্রেছে নৈতিক সমর্থন আগবঢ়োৱা বুলি জানিবলৈ দিয়ে৷

You might also like