নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুইৰে নেখেলিবলৈ বাইডেনক সকীয়নি জিনপিঙৰ

বিশেষ বাৰ্তা, ৩০ জুলাইঃ আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ দ্বি–পাক্ষিক সম্পর্ক জটিলতাৰ মাজেৰে চলি থকাৰ সময়তে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু ৰঙা চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ মাজত দুঘণ্টাতকৈ অধিক সময় বার্তালাপ চলে৷ ভিডিঅ কনফাৰেঞ্চযোগে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পর্কত আলোচনাৰ সময়তে পুনৰবাৰ টাইৱানক লৈ চর্চা হয়৷ দুয়ো ৰাষ্ট্রপ্রধানৰ বার্তালাপৰ প্রসংগত দুয়োখন দেশে প্রচাৰ কৰা বিবৃতিত পৃথক পৃথক মন্তব্য প্রকাশ পাইছে৷ বেইজিঙে প্রকাশ কৰা মতে, ৰাষ্ট্রপতি জিনপিঙে টাইৱানক লৈ আমেৰিকাৰ আগ্রাসনত সতর্ক কৰি দি প্রত্যক্ষভাৱে মার্কিন ৰাষ্ট্রপতি বাইডেনক জুইৰ সৈতে নেখেলিবলৈ সকীয়নি দিয়ে৷ বেইজিঙে প্রকাশ কৰা মতে, টাইৱানক লৈ দেশখনৰ স্থিতি অটল৷ দ্বীপটো চীনৰ৷ কেইবাদশক ধৰি দ্বীপটোত চীনে শাসন চলাই আহিছে৷ যিসকলে এই দ্বীপটোক লৈ নীতি গ্রহণ কৰিব খোজে, তেওঁলোকে জুইৰ সৈতে খেলি আছে৷ ইয়াৰ বাবে ভয়াৱহ পৰিণাম ভুগিব লাগিব৷

You might also like