নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছন্দৰ প্রার্থীৰ টিকটৰ দাবীত ৰাজপথলৈ সমর্থক

প্রার্থিত্বকেন্দ্রিক সংঘাতত জর্জৰিত শাসক–বিৰোধী শিবিৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ বিধানসভা নির্বাচনৰ পূর্বে শাসক–বিৰোধী উভয় শিবিৰতে উদ্ভৱ হৈছে প্রার্থিত্বকেন্দ্রিক সংঘাত৷ শুকুৰবাৰে দিনটোত ৰাজ্যৰ প্রান্তে প্রান্তে পছন্দৰ প্রার্থীক টিকট দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহে সমর্থকসকল৷ তদুপৰি অগপ–বিজেপিয়ে সমষ্টি এৰা–ধৰাক কেন্দ্র কৰিও মিত্রজোঁটৰ অংশীদাৰ দল দুটাৰ সমর্থকসকলে বিভিন্ন সমষ্টিত প্রতিবাদ সাব্যস্ত কৰিছে৷ নাজিৰা বিধানসভা সমষ্টি বিজেপিয়ে ময়ূৰ বুঢ়াগোহাঁইক প্রার্থিত্ব প্রদান কৰাত সমষ্টিটোৰ প্রার্থিত্বপ্রত্যাশী প্রহ্লাদ গোৱালাৰ সমর্থকসকলে চাহ বাগানে বাগানে প্রতিবাদ সাব্যস্ত কৰে৷ সেইদৰে ডুমডুমাত লক্ষেশ্বৰ মৰাণক প্রার্থিত্ব দিয়াৰ দাবীৰে বহু বিজেপি কর্মীয়ে ৰূপায়ণ কৰে পথ অৱৰোধ কার্যসূচী৷ আমগুৰি সমষ্টি পুনৰ অগপক এৰি দিয়াৰ তীব্র বিৰোধিতা কৰি বিজেপিৰ স্থানীয় নেতা–কর্মীসকলে নির্বাচন বর্জনৰ হুংকাৰ দিছে৷ দেৰগাঁৱতো সৃষ্টি হয় অনুৰূপ পৰিস্থিতি৷ সমষ্টিটোত বিজেপিৰ প্রার্থিত্বৰ দাবীৰে দলীয় কর্মীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ বকো সমষ্টিটো অগপক এৰি দিয়াত ক্ষুব্ধ হৈ ছমৰীয়া মণ্ডল কার্যালয়ত একাংশ ক্ষুব্ধ বিজেপি কর্মী–সমর্থকে চোলা ওলমাই দিয়ে৷ আনকি এইসকল বিজেপি কর্মী–সমর্থকে আত্মজাহৰ লগতে নির্বাচন বর্জন কৰাৰো হুংকাৰ দিছে৷

গোৱালপাৰা পূব সমষ্টিটো অগপক এৰি দিয়াৰ প্রতিবাদত গোৱালপাৰা বিজেপিৰ কার্যালয়ৰ সন্মুখত দলীয় কর্মী–সমর্থকে টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ ৰহা সমষ্টি অগপক এৰি দিয়াত বিজেপিৰ তৃণমূল কর্মীসকলে আজি প্রতিবাদী সমদল উলিয়ায়৷ প্রতিবাদকাৰীসকলে সমূহীয়াকৈ বিজেপি ত্যাগ কৰাৰো ভাবুকি দিছে৷ গোসাঁইগাঁও, কোকৰাঝাৰ পূব আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিত বিজেপিৰ প্রার্থী নিদিলে দল ত্যাগৰ ঘোষণা কৰিছে ১২খনকৈ মণ্ডল কমিটীয়ে৷ পাটাছাৰকুছি সমষ্টিৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্রার্থিত্বৰ তীব্র বিৰোধিতা কৰিছে ফণী পাঠকৰ সমর্থকসকলে৷ আনকি ফণী পাঠকৰ প্রার্থিত্বৰ দাবীৰে আজিও পাটাছাৰকুছিত একাংশ বিজেপি কর্মীয়ে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ তদুপৰি পাটাছাৰকুছিত বিজেপিৰ প্রার্থিত্বৰ বিৰোধিতাৰে আজি পাঠশালাত অগপ নেতা–কর্মীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷

১৯৯১ চনৰ পৰা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই প্রতিনিধিত্ব কৰি অহা বঢ়মপুৰ সমষ্টি বিজেপিক এৰি দিয়াত অগপৰ স্থানীয় নেতা–কর্মীসকল ক্ষুব্ধ হৈ পৰিছে৷ বিহপুৰীয়াতো ২৫ হাজাৰ অগপ কর্মীয়ে সমূহীয়া দল ত্যাগৰ হুংকাৰ দিছে৷ অকল সেয়াই নহয়, অগপৰ প্রার্থিত্বপ্রত্যাশী কেশৰাম বৰাক নির্দলীয় প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ কৰাৰো ঘোষণা কৰিছে তৃণমূল কর্মীসকলে৷ বিহালীৰ দুখনকৈ ব্লক কংগ্রেছ কমিটী আৰু ১৭ মণ্ডল কংগ্রেছ কমিটীৰ কর্মীয়ে সমূহীয়া পদত্যাগ কৰিছে৷ সমষ্টিটো চি পি আই (এম এল)ক এৰি দিয়াত বহু দলীয় কর্মীয়ে ৰাজহুৱাভাৱে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ প্রতিকৃতি দাহ কৰে৷ সেইদৰে মৰিগাঁও, তেজপুৰ, চতিয়া, বিশ্বনাথতো প্রার্থিত্বক লৈয়ে প্রতিবাদত নামি পৰে কংগ্রেছ কর্মী–সমর্থক৷ আজিৰ দিনটোত প্রার্থিত্বকেন্দ্রিক প্রতিবাদত উত্তাল হৈ পৰে নাওবৈচা৷

অগপৰ জয়ন্ত খাউণ্ডৰ প্রার্থিত্বৰ বিৰোধিতা কৰি পঞ্চায়তে পঞ্চায়তে বিজেপি কর্মীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ বিহপুৰীয়াতো দেৱানন্দ হাজৰিকাক পুনৰ প্রার্থিত্ব প্রদানৰ দাবীৰে একাংশ সমর্থক প্রতিবাদমুখৰ হৈ পৰে৷ ইফালে এনে সংঘাত–প্রতিবাদৰ মাজতে সমষ্টিয়ে সমষ্টিয়ে আনন্দ–উৎসৱো পৰিলক্ষিত হৈছে৷ বিশেষকৈ আজি বিজেপিয়ে ঘোষণা কৰা ৭০জনীয়া প্রার্থী তালিকাত যিসকলৰ নাম অন্তর্ভুক্ত হৈছে, তেওঁলোকৰ সমর্থকবৃন্দই ফট্কা–আতচবাজী ফুটাই আবতৰীয়া দেৱালী পালন কৰে৷
কংগ্রেছত যোগদান বিজেপিৰ বিতোপন শইকীয়াৰ
আসন্ন নির্বাচনত গোলাঘাট সমষ্টিৰ পৰা বিজেপিৰ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই কংগ্রেছত যোগদান কৰে বিজেপি নেতা বিতোপন শইকীয়াই৷ বিজেপিৰ প্রার্থী তালিকা আনুষ্ঠানিকভাৱে প্রকাশৰ পাছতেই শইকীয়া গুৱাহাটীৰ হোটেল পেলেচিয়াত উপস্থিত হৈ কংগ্রেছ নেতৃত্বক সাক্ষাৎ কৰি কংগ্রেছত যোগদান কৰে৷
টিকট ঘোষণা নৌহওঁতেই কংগ্রেছত ক্ষোভ–সন্তুষ্টি
বিহালীত ৰিপুণ বৰাৰ প্রতিকৃতি দাহঃ১৭টা মণ্ডল কমিটীৰ পদত্যাগ
দলীয় টিকট ঘোষণাৰ পূর্বেই কংগ্রেছত আৰম্ভ হৈছে ক্ষোভ–সন্তুষ্টিৰ বহিঃপ্রকাশ৷ মহাজোঁটৰে আসন বুজাবুজি কৰি কংগ্রেছে বিহালী সমষ্টিটো চি পি আই (এম এল)দলক এৰি দিয়াত ক্ষুণ্ণ হৈ পৰিছে সমষ্টিটোৰ কংগ্রেছ কর্মীসকল৷ সমষ্টিটোত প্রার্থিত্বৰ সবল দাবীদাৰ প্রেমলাল গঞ্জু বঞ্চিত হোৱাৰ প্রতিবাদত ১৭খন মণ্ডল কমিটীয়ে পদত্যাগ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ প্রতিকৃতি দাহ কৰাৰ লগতে কংগ্রেছ দলৰ বেনাৰ–পোষ্টাৰ আদি ফালি পেলায়৷ ক্ষুব্ধ কংগ্রেছ কর্মীসকলে ৰিপুণ বৰা মুর্দাবাদ ধ্বনি পর্যন্ত দিয়ে৷ একেদৰে মৰিগাঁও সমষ্টিটো চি পি আই দলক এৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে মৰিগাঁৱৰ কংগ্রেছীসকল৷ স্থানীয় কংগ্রেছীসকলে সমষ্টিটো চি পি আই দলক এৰি দিয়া কার্যৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰি স্থানীয় সাংসদ প্রদ্যুৎ বৰদলৈৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে৷ আনহাতে, তেজপুৰ সমষ্টিটোত জিতেন শইকীয়াক কংগ্রেছে প্রার্থিত্ব দিব বুলি চলা চর্চাত ক্ষুব্ধ হৈ পৰিছে সমষ্টিটোৰ একাংশ কংগ্রেছ কর্মী৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই ধনৰ বিনিময়ত জিতেন শইকীয়াক টিকট দিবলৈ ওলাইছে বুলিও গুৰুতৰ অভিযোগ কৰে৷ এই সম্পর্কত তেওঁলোকে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক অভিযোগ দাখিল কৰে৷ সেইদৰে চতিয়া সমষ্টিত প্রাক্তন বিধায়ক প্রাণেশ্বৰ বসুমতাৰীৰ পৰিৱর্তে দাদুল বৰকটকীক প্রার্থিত্ব দিব বুলি চলা চর্চাত ক্ষুব্ধ হৈ পৰিছে বসুমতাৰীৰ সমর্থকসকল৷

বসুমতাৰীক প্রার্থিত্বৰ পৰা বঞ্চিত কৰিলে সমষ্টিটোৰ ১৯খন মণ্ডল কমিটীৰ লগতে মহিলা কংগ্রেছে পদত্যাগ কৰাৰো হুংকাৰ দিয়ে৷ একেই অৱস্থা হৈছে বিশ্বনাথতো৷ বিশ্বনাথত এইবাৰ প্রাক্তন মন্ত্রী নুৰজামাল সৰকাৰৰ পৰিৱর্তে ড০ সঞ্জু বৰুৱাক প্রার্থিত্ব দিয়াৰ যো–জা চলি থকাৰ খবৰ পাই ক্ষুণ্ণ হৈ পৰিছে প্রাক্তন মন্ত্রী সৰকাৰৰ সমর্থকসকল৷ আজি প্রাক্তন মন্ত্রী সৰকাৰৰ সমর্থকসকলে ৰাজপথলৈ ওলাই আহি সঞ্জু বৰুৱা গ’ বেক, সঞ্জু বৰুৱা মুর্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ ইপিনে এ আই ইউ ডি এফ আৰু বি পি এফৰে আসন বুজাবুজিক লৈ অসন্তুষ্ট হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক৷ খালেকে আজি সংবাদ মাধ্যমৰ আগত কয় যে বি পি এফক বি টি আৰৰ ১২টা সমষ্টি এৰি দিয়াৰ পক্ষপাতী তেওঁ নহয়৷ মহাজোঁট হিচাপে বি পি এফক আসন এৰি দিয়াটো তেওঁ বিচাৰে৷ কিন্তু কংগ্রেছেও বি টি আৰত কমেও তিনিখন আসনত নির্বাচন খেলিব লাগিব৷ সেইদৰে নাম উল্লেখ নকৰাকৈ এ আই ইউ ডি এফৰে আসন বুজাবুজিত অসন্তুষ্টি ব্যক্ত কৰি তেওঁ কয় যে বৰপেটা সদৰ সমষ্টিত কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰাটো তেওঁ বিচাৰে৷ তদুপৰি বৰপেটা লোকসভাৰ অধীনস্থ কংগ্রেছৰ দখলত থকা প্রতিটো সমষ্টিতেই পুনৰ কংগ্রেছে প্রার্থিত্ব লাভ কৰাটোৰ তেওঁ পোষকতা কৰে৷

You might also like