নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ সভা স্থগিত প্রস্তাৱ অগ্রাহ্য অধ্যক্ষৰঃ কংগ্রেছ–ইউডিএফৰ সদন ত্যাগ

বিধানসভাৰ বর্ষাকালীন অধিৱেশনৰ প্রথমদিনা উত্তাল সদন

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  ক’ভিডজনিত পৰিস্থিতিৰ বাবে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাৰ স্বার্থত ৫০ শতাংশ জনপ্রতিনিধিৰ উপস্থিতিৰে সম্পূর্ণ ব্যতিক্রমী ৰূপত সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশন৷ চাৰিদিনীয়া কার্যসূচীৰে আয়োজন কৰা সোমবাৰে অধিৱেশনৰ প্রথম দিনাই সদনৰ ভিতৰে–বাহিৰে উত্তাল পৰিস্থিতিৰ উদ্ভৱ হয়৷ ক’ৰোনা, অসম চুক্তি ৰূপায়ণ, এনআৰচিৰ প্রসংগক কেন্দ্র কৰিয়েই প্রশ্ণোত্তৰ কালৰ সময়ৰে পৰাই সদন উত্তাল হৈ পৰে৷ সদনৰ প্রশ্ণোত্তৰ কাল শেষ হোৱাৰ পিছতেই বিৰোধী দল কংগ্রেছ আৰু এআইইউডিএফে অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্যক্রমণিকাৰ ৫৬ নং নিয়মৰ অধীনত এক সভাস্থগিত প্রস্তাৱ উত্থাপন কৰে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু এআইইউডিএফৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীয়ে ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰি সদনত আজি সকলো কার্যসূচী বাদ দি ক’ৰোনাৰ ওপৰত আলোচনা কৰাৰ দাবী জনায়৷ ইয়াৰ বিপৰীতে সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে ক’ৰোনাৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতি কেৱল অসমতে নহয়, সমগ্র বিশ্বতে সেই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ তদুপৰি এই মহামাৰী যোৱা কেইবামাহ ধৰি চলি আহিছে৷ সেয়ে তেওঁ সভাস্থগিত প্রস্তাৱ আনি বিষয়টো আলোচনা কৰাৰ বিৰোধিতা কৰি কয় যে সদনত অন্য বিধি নিয়মৰ জৰিয়তে বিৰোধীয়ে বিষয়টো আলোচনালৈ আনিলে চৰকাৰৰ আপত্তি কৰিবলগীয়া একো নাই৷ চৰকাৰ আলোচনাৰ বাবে প্রস্তুত৷ কিন্তু সভাস্থগিত প্রস্তাৱৰ জৰিয়তে নহয়৷ দুয়োপক্ষৰে বক্তব্য শুনাৰ পিছত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে কয় যে ক’ৰোনা ভাইৰাছ হঠাৎ উদ্ভৱ হোৱা নাই৷ কেইবামাহ ধৰি ক’ৰোনা চলি আহিছে৷ বাজেট অধিৱেশনৰ সময়তো ক’ৰোনাৰ বাবে সেই অধিৱেশন চমু কৰিবলগীয়া হৈছিল৷ সেয়ে তেওঁ সভাস্থগিত প্রস্তাৱ অগ্রাহ্য কৰি বিষয়টোৰ স্পর্শকাতৰতাৰ প্রতি লক্ষ্য ৰাখি আন মাধ্যমেৰে সদনত আলোচনাৰ বাবে উত্থাপন কৰিবলৈ বিৰোধীক পৰামর্শ আগবঢ়ায়৷ ইয়াৰ বিপৰীতে দেৱব্রত শইকীয়াকে ধৰি বিৰোধী কংগ্রেছ–এআইইউডিএফে বিষয়টো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি আজি সদনৰ সকলো কার্যসূচী স্থগিত ৰাখি বিষয়টো আলোচনালৈ আনিবলৈ দাবী জনায়৷ কিন্তু অধ্যক্ষই নিজৰ স্থিতিত অটল থকাত কংগ্রেছ আৰু এআইইউডিএফৰ সদস্যসকলে সদন ত্যাগ কৰে৷ ইপিনে,  সদনৰ প্রশ্ণোত্তৰ কালত কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে অসম চুক্তি ৰূপায়ণ সম্পর্কীয় এটা পৰিপূৰক প্রশ্ণ কৰিবলৈ গৈ বিষয়টোৰ আওতাৰ পৰা আঁতৰি যোৱাত অধ্যক্ষই বাৰম্বাৰ তেওঁক বাধা আৰোপ কৰে৷ কিন্তু বিধায়কগৰাকীয়ে অধ্যক্ষৰ বাধা অগ্রাহ্য কৰি মূল বিষয়ৰ পৰা ফালৰি কাটি সদনত অধিক উষ্মাৰে বক্তব্য অব্যাহত ৰাখে৷ ফলত বিধানসভাৰ অধ্যক্ষই সোমবাৰে প্রশ্ণোত্তৰ কালৰ সময়ছোৱাৰ বাবে বিধায়ক কুর্মীক সদনৰ পৰা নিলম্বিত কৰে৷ অধ্যক্ষৰ সেই ৰুলিঙৰ পিছতেই মার্ছালে তেওঁক সদনৰ পৰা উলিয়াই নিয়ে৷ সোমবাৰে সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ পূর্বেই বিধানসভাৰ মূল প্রৱেশদ্বাৰৰ সমুখত কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু আব্দুৰ ৰছিদ মণ্ডলে চূড়ান্ত এনআৰচিৰ তালিকা প্রকাশৰ লগতে এনআৰচিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকক ৰিজেকচন শ্লিপ প্রদানৰ দাবীত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ হাতে হাতে প্লেকার্ড লৈ বিধায়ক দুজনে মূল প্রৱেশদ্বাৰত সেই প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ আনহাতে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ক’ৰোনা সম্পর্কত কয় যে ক’ৰোনা ৰোগ হৈছে বসন্ত, জয় বাংলাৰ দৰে ৰোগ৷ এই ৰোগ আহে আৰু যায়৷ কিন্তু বর্তমান চৰকাৰেহে ক’ৰোনা ধৰি ৰাখিছে৷ ক’ৰোনা ভাইৰাছ শনি আৰু দেওবাৰেহে কেৱল ঘূৰি ফুৰে নেকি বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷
সদনত বিধেয়ক উত্থাপন
বিধানসভাৰ বর্ষাকালীন অধিৱেশনৰ প্রথম দিনটোত কেইবাখনো বিধেয়ক উত্থাপন হয়৷ বিধেয়ককেইখন হৈছে– ‘দ্য ফেক্টৰীজ (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য ফেক্টৰীজ (আসাম ছেকেণ্ড এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য ইণ্ডাষ্ট্রিয়েল ডিছপুট্ছ (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য কনট্রেক্ট লেবাৰ (ৰেগুলেচন এণ্ড এবলিজেচন) (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম ভেল্যুৱেডেড টেক্স (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম টেক্সেচন (লিকুইডেচন অৱ এৰিয়াৰ ডিউছ) (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম গুড্ছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম ফিছকেল ৰেছপণ্ডছিবিলিটী এণ্ড বাজেট মেনেজমেণ্ট (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম কলেজ এমপ্লইজ (প্রভিন্সিয়েলাইজেচন) (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য বীৰাংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় বিল–২০২০’, ‘দ্য আসাম ইনলেণ্ড ৱাটাৰ ট্রেন্সপ’ট ৰেগুলেটৰী অথৰিটী (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য আসাম মাইক্র’, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্রাইজেছ (ফেচিলিটেচন অৱ এষ্টাবলিষ্টমেণ্ট এণ্ড অপাৰেচন) বিল–২০২০’, ‘দ্য আসাম স্কীল ইউনিভার্ছিটী বিল–২০২০’, ‘দ্য আসাম হেৰিটেজ (টেংগি বিল) প্রটেকচন, প্রিজাৰভেচন, কনজাৰভেচন এণ্ড মেইণ্টেনেন্স বিল–২০২০’, ‘দ্য বেংগল আগ্রা এণ্ড আসাম ছিভিল ক’টছ (আসাম এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য নেচনেল ল’ ইউনিভার্ছিটী এণ্ড জুডিচিয়েল একাডেমী আসাম (এমেণ্ডমেণ্ট) বিল–২০২০’, ‘দ্য গুৱাহাটী মেট্র’ পলিটান ডেভেলপমেণ্ট অথৰিটী (এমেণ্ডমেণ্ট) বিল–২০২০’ আৰু ‘দ্য আসাম মিউনিচাপল (এমেণ্ডমেণ্ট) বিল–২০২০’৷

You might also like