নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফে দুৱাৰ খুলি দিব বিদেশীক

কোকৰাঝাৰ–নলবাৰীৰ্ বিশাল জনসমাৱেশত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি নির্বাচনী কুচকাৱাজ অধিক তীব্রতৰ কৰি তুলিছে ভাৰতীয় জনতা পার্টীয়ে (বিজেপি)৷ অসমত ১০০ প্লাছ আসনৰ মিছনেৰে আগবঢ়া বিজেপিৰ হৈ আজি নির্বাচনী ৰণডংকা বজালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কালি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১,০৬,০০০ লোকক মাটিৰ পট্টা প্রদান কৰাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আজি কোকৰাঝাৰ আৰু নলবাৰীত দুখন বিশাল জনসভা সম্বোধন কৰে৷ বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তি উপলক্ষে কোকৰাঝাৰত আয়োজন কৰা সভাত অংশগ্রহণ কৰাৰ পাছতে নলবাৰীৰ কেন্দুকুছিৰ মুকুন্দ কাকতি স্মৃতিত ক্ষেত্রত বিজেপিৰ বিশাল বিজয় সংকল্প সমাৱেশত তেওঁ নির্বাচনী ৰণহুংকাৰ দিয়ে৷ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাষণ প্রদান কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রজোঁটক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে আগন্তুক নির্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ উদাত্ত ভাষণ প্রদান কৰি কয়– ‘অসমক আপোনালোকে অনুপ্রৱেশকাৰীমুক্ত কৰিব বিচাৰেনে? কংগ্রেছ–বদৰুদ্দিন আজমলে অসমক অনুপ্রৱেশকাৰীৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিব নেকি? কংগ্রেছ–বদৰুদ্দিন আজমলে মিলি অসমৰ সকলো দুৱাৰ খুলি দিব আৰু অনুপ্রৱেশকাৰীক অসমলৈ আহিবলৈ পথ মুকলি কৰি দিব৷ কিয়নো এই অনুপ্রৱেশকাৰীসকল তেওঁলোকৰ ভোটবেংক৷’

অনুপ্রৱেশকাৰীক কেৱল বিজেপি চৰকাৰেহে ৰোধ কৰিব পাৰিব বুলি উল্লেখ কৰি শ্বাহে এইবুলিও কয় যে নৰেন্দ্র মোদী চৰকাৰে অসমক যে সুৰক্ষিত কৰিব পাৰে, সেয়া তেওঁলোকে কৰি দেখুৱাইছে৷ সংবিধানৰ ৩৭০ ধাৰা বিগত ৭০টা বছৰত কোনেও স্পর্শ কৰিবলৈ সাহস কৰা নাছিল৷ কিন্তু নৰেন্দ্র মোদী চৰকাৰে ৩৭০ ধাৰা বিলুপ্ত কৰি জম্মু–কাশ্মীৰক ভাৰতৰ সৈতে সংযুক্ত কৰাৰ কাম কৰিলে৷ ৫৫০ বছৰ ধৰি শ্রীৰাম প্রভুৰ মন্দিৰ নির্মাণ কৰিবলৈ কোনেও সাহস নকৰিলে৷ কিন্তু দ্বিতীয়বাৰৰ বাবে বিপুল ভোটেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশবাসীয়ে জয়যুক্ত কৰাৰ পাছত আজি ৰাম জনমভূমিত গগনচুম্বী মন্দিৰ নির্মাণৰ কাম আৰম্ভ হৈছে৷

কংগ্রেছে বিজেপিক সাম্প্রদায়িক দল বুলি কৰা অভিযোগৰ প্রত্যুত্তৰ দি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– ‘কংগ্রেছে বহু সময়ত বিজেপিক সাম্প্রদায়িক দল বুলি অভিযোগ কৰি আহিছে৷ কিন্তু আজি মই কংগ্রেছ দলক সুধিব বিচাৰিছোঁ যে তেওঁলোকে কেৰালাত মুছলিম লীগৰ সৈতে মিত্রতা কৰিছে, অসমত বদৰুদ্দিন আজমলৰ সৈতে মিত্রতা স্থাপন কৰিছে৷ এইবোৰ কোনটো দিশৰ পৰা ধর্মনিৰপেক্ষ দল৷ কংগ্রেছ দলে অসমক কোন দিশলৈ নিব বিচাৰিছে৷ বদৰুদ্দিন আজমল আৰু কংগ্রেছৰ হাতত অসম সুৰক্ষিত থাকিব নেকি? অসম আৰু অসমীয়াক সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে কেন্দ্র আৰু ৰাজ্যত দুয়ো স্থানতে নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ প্রতিষ্ঠা হ’ব লাগিব৷’ বি টি আৰ চুক্তিৰ এবছৰ পূর্তি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কথা সদৰী কৰি তেওঁ কংগ্রেছক তীব্র বাক্যবাণেৰে আক্রমণ কৰি কয় যে কংগ্রেছৰ শাসনকালত তেওঁলোকে ইজনে আনজনৰ লগত সংঘর্ষ সৃষ্টি কৰাৰ কাম কৰিছিল৷ ব্রিটিছ দেশ এৰি গুচি গ’ল৷ কিন্তু ব্রিটিছৰ নীতি–নিয়ম কংগ্রেছে এৰিব নোৱাৰিলে৷ ভাগ ভাগ কৰি শাসন কৰাৰ নীতি কংগ্রেছে গ্রহণ কৰিলে৷ কেতিয়াবা আদিবাসী আৰু অনা–আদিবাসী, আন কেতিয়াবা অসমীয়া আৰু পাহাৰীয়া, কেতিয়াবা বড়ো আৰু অনা–বড়োৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটাই অসমক কংগ্রেছে ৰক্তৰঞ্জিত কৰিলে৷ ১০ হাজাৰ অসমীয়া যুৱকৰ তেজ বোৱালে৷ এই যুৱকসকলৰ ওপৰত কংগ্রেছে গুলী চলালে৷

ইফালে, নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ পাছত বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত কেইবাটাও নতুন ৰাজনৈতিক দলে আত্মপ্রকাশ কৰা প্রসংগতো আজি শ্বাহে প্রতিক্রিয়া প্রকাশ কৰে৷ কোনো দলৰ নাম নোলোৱাকৈ শ্বাহে কয়– ‘আজি আন্দোলন কৰাসকলে আন ৰূপ লৈ কংগ্রেছ দলক সহায় কৰিবলৈ ওলাই আহিছে৷ ভোট কর্তন কৰি বিজেপিক হৰুৱাবলৈ তেওঁলোকে বিচাৰিছে৷ কিন্তু বেশ সলাই কংগ্রেছক সহায় কৰিবলৈ অহাসকলক অসমবাসীয়ে চিনি লওক৷ তেওঁলোকে অসমৰ উন্নতি নিবিচাৰে৷ তেওঁলোকৰ উদ্দেশ্য কেৱল কংগ্রেছৰ পথ প্রশস্ত কৰা৷ মই এইসকলক ক’ব বিচাৰোঁ যে অসম আৰু অসমবাসী এতিয়া বিকাশৰ পথত আগবাঢ়িছে৷ যোৱা ৫ বছৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বড়োলেণ্ডৰ সমস্যা সমাধান কৰিলে৷ ৮টা বিভিন্ন উগ্রবাদী সংগঠনৰ ৮০০ সদস্যই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আত্মসমর্পণ কৰি মূলসুঁতিলৈ ওভতি আহিল৷ এতিয়া অসমক শান্তি–বিকাশ লাগে৷ অসমবাসীয়ে অসমক আগবঢ়াই নিয়া এটা পথ বিচাৰিছে আৰু এই পথ কেৱল বিজেপি চৰকাৰেহে দিব পাৰিব৷’

চাহ বাগিচাৰ শ্রমিকসকলৰ বাবে বিজেপি চৰকাৰৰ কার্যকালত ৭.২০ লাখ একাউণ্ট খোলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চাহ বাগিচাৰ শ্রমিকসকলৰ একাউণ্টত বিজেপি চৰকাৰে ৫ হাজাৰ টকা পর্যন্ত ধন প্রদান কৰিছে৷ মহিলাসকলক ১২ হাজাৰ টকা পর্যন্ত স্বাস্থ্যৰ যতন লোৱাৰ বাবে প্রদান কৰিছে৷ আগন্তুক সময়ত চাহ বাগিচাৰ শ্রমিকসকলে শিক্ষা–বাসস্থান–স্বাস্ সমস্যা সমাধান কৰা হ’ব৷ কংগ্রেছ দলে এতিয়া চাহ শ্রমিকসকলৰ মজুৰিক লৈ আন্দোলন কৰে, কিন্তু তেওঁলোকে ঘঁৰিয়ালৰ চকুপানী টুকিব নালাগে৷ কংগ্রেছৰ শাসনকালত চাহ শ্রমিকসকলে একো লাভ নকৰিলে৷ বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্রমিকসকলৰ বেতন পুনৰ নির্ধাৰণ কৰি তেওঁলোকক সুৰক্ষিত কৰিব৷ ১৫ বছৰীয়া শাসনকালত কংগ্রেছে কি কৰিলে বুলি প্রশ্ণ উত্থাপন কৰি শ্বাহে কয়– ‘অসমৰ পৰা সাংসদ হৈ প্রধানমন্ত্রীৰ আসনত বহা মনমোহন সিঙে অসমক ৭৯ হাজাৰ কোটি টকা দিলে৷ কিন্তু বিজেপি চৰকাৰে অসমক ১,৫৫,২৯২ কোটি টকা প্রদান কৰিলে৷ ২০১৪ চনত প্রধানমন্ত্রীৰ দায়িত্ব লোৱাৰ পাছত নৰেন্দ্র মোদীয়ে অসমসহ উত্তৰ–পূর্বাঞ্চল ৪০বাৰতকৈ অধিক ভ্রমণ কৰিলে৷ অসম আৰু উত্তৰ–পূবক তেওঁক এক নতুন বিকাশৰ পথেৰে আগুৱাই নিছে৷’

কংগ্রেছ চৰকাৰৰ দিনত অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত অনুপ্রৱেশকাৰীয়ে বেদখল কৰি গঁড় হত্যাৰ দৰে অপৰাধত জড়িত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কাজিৰঙাৰ ভিতৰৰ পৰা অনুপ্রৱেশকাৰীক উচ্ছেদ কৰিলে আৰু অসমৰ গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা প্রদান কৰিলে৷ ৰাজ্যলৈ বিকাশৰ এক নতুন ধল আহিছে৷ পথ নির্মাণৰ লগতে নতুন নতুন শিক্ষানুষ্ঠান স্থাপন কৰা হৈছে৷ আগন্তুক সময়ত অসমৰ সর্ববৃহৎ সমস্যা বানপানীৰ সমস্যাক কেৱল বিজেপি চৰকাৰেহে সমাধান কৰিব৷ কালি জেৰেঙা পথাৰত ১.০৬ লাখ লোকক ভূমিপট্টা প্রদান কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁলোকক মাটিৰ অধিকাৰী কৰিলে৷ অসমৰ পৰা সাংসদ হৈ প্রধানমন্ত্রী হোৱা মনমোহন সিঙে অসমে পাবলগীয়া তেলৰ ৮ হাজাৰ টকাৰ ৰয়েল্টী দিয়া নাছিল৷ কিন্তু ২০১৫ চনত নৰেন্দ্র মোদী চৰকাৰে এই ধন মোকলাই দিয়ে৷’

ইফালে, ক’ভিডৰ চিকিৎসাৰ ক্ষেত্রত অসমে দেখুওৱা সাফল্যৰ প্রশংসাত পঞ্চমুখ হৈ পৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্ত–স্বাস্থ্যমন্ত্রী ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় যে ক’ভিডৰ বিৰুদ্ধে অসমে অতি সফলতাৰে যুঁজিবলৈ সক্ষম হৈছে৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বাবে হাজাৰ হাজাৰ লোকৰ প্রাণ বাচিছে৷ মৃত্যুৰ হাৰ ৰাজ্যখনত মাত্র ০.৪৬ শতাংশ৷ সুস্থতাৰ হাৰ ৯৮ শতাংশ৷ সুধাকুণ্ঠ ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্রদান কৰাৰ কথা উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ‘বছৰ বছৰ ধৰি শাসন চলোৱা কংগ্রেছে ইয়াৰ সংস্কৃতি ৰক্ষাৰ বাবে একোৱেই নকৰিলে৷ অসমত ভক্তি আন্দোলন গঢ়ি তোলা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ স্মৃতি ৰক্ষাৰ বাবে কংগ্রেছ চৰকাৰে গুৰুত্ব প্রদান নকৰিলে৷ গুৰু দুজনাৰ স্মাৰক নির্মাণ কৰি বিজেপি চৰকাৰে সাংস্কৃতিক দায়বদ্ধতাৰ প্রমাণ দাঙি ধৰিছে৷ আগন্তুক পাঁচ বছৰৰ বাবে আপোনালোকে তলে–ওপৰে পুনৰ পদুম ফুল ফুলাওক৷ বিনিময়ত আমি আপোনালোকক এখন গুলীমুক্ত আৰু আন্দোলনমুক্ত অসম দিম৷’

উল্লেখ্য যে  ভাষণ প্রসংগত গৃহমন্ত্রীয়ে নলবাৰীক জ্ঞান–বিজ্ঞানৰ ক্ষেত্র বুলি অভিহিত কৰাৰ লগতে সংস্কৃত পণ্ডিত গংগা শাস্ত্রী, মনোৰঞ্জন শাস্ত্রী, সাহিত্যিক ৰঘুনাথ চৌধুৰী, ত্রৈলোক্যনাথ গোস্বামী আৰু শ্বহীদ মুকুন্দ কাকতিক স্মৰণ কৰে৷ বিজেপিৰ ৰাজ্যিক মুখপাত্র পৱিত্র মার্ঘেৰিটা আৰু দলৰ ৰাজ্যিক উপ–সভাপতি জয়ন্তমল্ল বৰুৱাই আঁত ধৰা এই বিশাল বিজয় সংকল্প সমাৱেশত ভাষণ প্রদান কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এই সভাখনত উদাত্ত ভাষণ প্রদান কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে আদৰণী ভাষণ প্রদান কৰে৷ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ভাষণ প্রসংগত বিশাল জনতাৰ উপস্থিতি প্রত্যক্ষ কৰি এয়া সাগৰ নহয়, মহাসাগৰ বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বাংলাদেশী মুছলমানৰ সুৰক্ষাৰ স্বার্থত ইউ ডি এফৰ দৰে সাম্প্রদায়িক মৌলবাদী সংগঠন আৰু অসম আন্দোলনৰ বিৰোধিতা কৰা চি পি আই (এম)ৰ লগত কংগ্রেছে মিত্রতা কৰিছে৷ তেওঁলোকে অসমখনক পুনৰ বাংলাদেশীৰ চৰণীয়া পথাৰ কৰিব খুজিছে৷ সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মন্ত্রী ভবেশ কলিতা, সাংসদ কুইন ওজা, বিধায়ক অশোক শর্মা, নাৰায়ণ ডেকা, ইমানুৱেল মুছাহাৰীয়েও ভাষণ প্রদান কৰে৷ অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী প্রবীণ শর্মা, সাংসদ ভুবনেশ্বৰ কলিতা, প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, সাংসদ ৰাজদীপ ৰয়, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, মহিলা মর্চাৰ ৰাজ্যিক সভানেত্রী অপৰাজিতা ভূঞা, মন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি বহুসংখ্যক মন্ত্রী–বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ উল্লেখ্য যে পুৱা প্রায় ৯ বজাৰ পৰা নলবাৰী, বাক্সা, বজালী, কামৰূপ আদি বিভিন্ন জিলাৰ বিজেপিৰ কার্যকর্তাসকল আহি সভাস্থলীত সমৱেত হ’বলৈ আৰম্ভ কৰে৷ দিনৰ প্রায় ১২ বজাৰ লগে লগে সভাৰ কার্যসূচী আৰম্ভ হয়৷ জনপ্রিয় কণ্ঠশিল্পী বিদ্যাসাগৰ আৰু সংগীসকলে বৰগীত পৰিৱেশন কৰে৷ অনুষ্ঠানত ভোৰতাল নৃত্যও প্রদর্শন কৰা হয়৷

You might also like