নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেই অন্ধকাৰ দিনবোৰ সুঁৱৰি

কিছুমান প্রমূল্যৰ ওপৰত ভিত্তি কৰি মানুহৰ সমাজ–ব্যৱস্থাটোৱে গঢ় লৈ উঠিছে৷ সেয়ে উক্ত প্রমূল্যসমূহক সমাজ একোখন বর্তি থকাৰ পূর্বচর্ত হিচাপে গণ্য কৰা হয়৷ আন কথাত ক’বলৈ হ’লে প্রমূল্যবিহীন সমাজ এখনৰ অস্তিত্ব কল্পনা কৰাটোৱেই দুৰূহ৷ কিন্তু তাৰ পাছতো জনজীৱনলৈ সময়ে সময়ে মূল্যবোধৰ সংকট নামি আহে৷ এয়া একো নতুন কথা নহয়৷ মহাভাৰতৰ যুগৰ পৰাই মূল্যবোধৰ অৱক্ষয়ৰ প্রক্রিয়াটো পৰিলক্ষিত হৈ আহিছে৷ অৱশ্যে এই অৱক্ষয়ে যেতিয়াই শেষ সীমা স্পর্শ কৰাৰ উপক্রম হৈছে, তেনে মুহূর্ততে গণ–বিৱেক সমাজ ৰক্ষাৰ স্বার্থতে অনিবার্যভাৱে জাগ্রত হৈ উঠিছে আৰু সংকটাপন্ন প্রমূল্যৰ পুনঃপ্রতিষ্ঠা সম্ভৱ হৈ উঠিছে৷ সম্ভৱতঃ এই ঐতিহাসিক প্রক্রিয়াটোকে মহাভাৰত মহাকাব্যখনত অতিশয় কলাসুলভভাৱে উপস্থাপন কৰা হৈছে৷ আমাৰ বাবে ‘সম্ভৱামি যুগে যুগে’ আপ্তবাক্যটিয়ে সেয়েহে নিৰন্তৰ প্রতীকী ৰূপত ধৰা দি আহিছে৷ অৱশ্যে প্রমূল্যৰ উত্থান–পতন যে কেৱল মহাভাৰততে চিত্রিত হৈছে তেনে নহয়, বিশ্বৰ সর্বত্র এচাম বিৱেকৱান লোক সকলো সময়ত প্রমূল্য সংস্থাপনৰ অর্থে তৎপৰ হৈ উঠা দেখা যায়৷ সুদিন–দুর্দিনৰ এই চক্রৱৎ পৰিৱর্তনক অনেকে প্রকৃতিৰ এক অমোঘ নিয়ম ৰূপেই গ্রহণ কৰিছে৷ স্বনামধন্য ইংৰাজ কবি শ্যেলীয়েও একে উপলব্ধিৰ দ্বাৰা প্রভাৱিত হৈ তেওঁৰ এটি কবিতাত এই প্রশ্ণ কৰিছে –O, wing, if winter comes, can spring be far behind? আধুনিক যুগৰ গণতান্ত্রিক সমাজ–ব্যৱস্থাত প্রমূল্যৰ এনে উত্থান–পতনৰ ঘটনা চক্রক্রমত দৃষ্টিগোচৰ হৈ আহিছে৷ প্রাগৈতিহাসিক মহাকাব্যৰ যুগত স্খলিত প্রমূল্যৰ পুনঃপ্রতিষ্ঠাৰ বাবে এক দৈৱী শক্তিৰ অপৰিহার্যতা অনুভৱ কৰা হৈছিল যদিও আধুনিক কালত জনতা–জনার্দনৰ দ্বাৰাই সেই ঐতিহাসিক দায়িত্ব পালনৰ বাতাৱৰণ ৰচিত হোৱাটো অতিশয় তাৎপর্যপূর্ণ৷ আমাৰ দৃষ্টিত গণতন্ত্র কেৱল এক শাসন–ব্যৱস্থাই নহয়, ততোধিক ই এক স্বয়ংসম্পূর্ণ প্রমূল্য–আধাৰিত সমাজ–ব্যৱস্থাৰো প্রতিভূ৷ এই কথা ক্ষুদ্র আৰু বৃহৎ উভয় প্রেক্ষাপটতে সমানে প্রযোজ্য৷ ব্যক্তি–বিশেষৰ মনোজগতত ঘটা প্রমূল্যৰ অৱক্ষয়ৰ প্রক্রিয়াটোৱে সদৌশেষত গৈ বিশ্বজনীন প্রেক্ষাপট অধিকাৰ কৰি লোৱাটো অসম্ভৱ নহয়৷ এখন বিশ্বযুদ্ধৰ সূচনা কৰিবলৈ এজন হিটলাৰৰ মানৱতাবিৰোধী মনোভাৱেই যথেষ্ট৷ মূল্যবোধৰ অধঃপতনৰ প্রপঞ্চটোৱে যেতিয়া চৰম সীমা লংঘন কৰে, তেনে একোটা মুহূর্তত শান্তিপূর্ণ অথবা গণতান্ত্রিক পদ্ধতিসমূহ নিষ্ক্রিয় হৈ পৰা দেখা যায়৷
এইক্ষেত্রত যুদ্ধ হৈ উঠে অনিবার্য৷ তেনে যুদ্ধক ন্যায্যভাৱেই ধর্মযুদ্ধ আখ্যা দিব পাৰি৷ একোখন ব্যাপক পৰিসৰৰ যুদ্ধৰ ফলত ধন–জনৰ সীমাহীন ক্ষতিসাধন হ’লেও যুদ্ধৰ অপৰিহার্যতা যুগে যুগে স্বীকৃত হৈ আহিছে৷ প্রমূল্যৰ পুনঃপ্রতিষ্ঠাৰ স্বার্থত লক্ষ–কোটি মানুহে আত্মবলিদান দিব লগা হ’লেও উত্তৰ–প্রজন্মই তাৰ সুফল ভোগ কৰিবলৈ সমর্থ হোৱাটো বিশেষভাৱে মন কৰিবলগীয়া৷ এই সন্দর্ভত ক’হিমাত অৱস্থিত যুদ্ধ–সমাধিক্ষেত্রৰ সেই প্রসিদ্ধ সমাধি–কবিতাটো Epitaph) হৈ উঠে অতিশয় প্রাসংগিক –When you go home, tell them of us and say that we gave our today for there tomorrow. একেবাৰে সঁচা কথা৷ এক মানৱিক প্রমূল্য–আধাৰিত বিশ্ব–শৃংখলা প্রতিষ্ঠাৰ স্বার্থত দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত সর্বমুঠ পঁইসত্তৰ নিযুত লোকে আত্মবলিদান দিব লগা হৈছিল৷ কিন্তু সেইসকল ব্যক্তিৰ (যি পক্ষৰে নহওক কিয়) চৰম ত্যাগে পৃথিৱীত এক শান্তিৰ বাতাৱৰণ স্থাপনৰ দিশত এক অতুলনীয় বৰঙণি যোগাই গ’ল৷ এতেকে প্রমূল্য ৰক্ষাৰ হেতু মানৱ জাতিয়ে যুগে যুগে বিপুল মূল্য ভৰিবলগীয়া হৈ আহিছে৷ এই কথা কুৰুক্ষেত্রৰ যুদ্ধৰ পৰা দ্বিতীয় বিশ্বযুদ্ধলৈকে সমানে প্রাসংগিক৷
১৯৪৭ চনত আমাৰ দেশখনে সাম্রাজ্যবাদী শাসনৰ পৰা মুক্তি লাভ কৰিলে যদিও ভাৰতীয় মহাজাতিয়ে প্রমূল্যৰ সংকটৰ পৰা সম্পূর্ণৰূপে নিষৃকতি লাভ নকৰিলে৷ খণ্ডিত স্বাধীনতাই উপ–মহাদেশখনক এক সংঘাতপূর্ণ ভৱিষ্যৎ উপহাৰ দি থৈ গ’ল৷ দেশ–বিভাজনৰ ফলত অবিভক্ত ভাৰতৰ কোটি কোটি হিন্দু ধর্মাৱলম্বী লোক সর্বাধিক ক্ষতিৰ সন্মুখীন হ’ব লগা হ’ল৷ স্বাধীনতাৰ মূল্য এইসকল লোকেই সর্বোচ্চ হাৰত ভৰিব লগা হ’ল৷ মহম্মদ আলি জিন্না দ্বি–জাতি তত্ত্বৰ উদ্ভাৱক নাছিল যদিও তেওঁৰ জৰিয়তেই মানৱতাক ভূলুণ্ঠিত কৰা সাম্প্রদায়িক এই তত্ত্বই এক বিশেষ পৰিণতি লভিবলৈ সমর্থ হৈছিল৷ পাকিস্তান নামেৰে এখন নতুন ইছলামিক ৰাষ্ট্র প্রতিষ্ঠাৰ লক্ষ্যৰে জিন্নাৰ নেতৃত্বাধীন মুছলিম লীগে যি বীভৎস কৌশল অৱলম্বন কৰিছিল, তাৰ বিষম প্রতিক্রিয়া আজিও সম্পূর্ণৰূপে মাৰ যোৱা নাই৷ পাকিস্তান গঠনত অন্তৰায়ৰ সৃষ্টি কৰিলে প্রত্যেক্ষ কার্যব্যৱস্থা Direct Action) লোৱা হ’ব বুলি মুছলিম লীগৰ সেই নেতাজনে বাৰম্বাৰ সাৱধানবাণী শুনাই আছিল যদিও সেই সময়ৰ কংগ্রেছ নেতৃবৃন্দই ইয়াৰ অন্তর্নিহিত অর্থ অনুধাৱন কৰিব পৰা নাছিল৷ অৱশেষত সেই বিভীষিকাময় দিনটো আহি উপস্থিত হৈছিল৷ ১৯৪৬ চনৰ ১৬ আগষ্টৰ দিনা কলকাতাত (সেই সময়ৰ কলিকতা) জিন্নাৰ অনুগামী দলে প্রত্যক্ষ কার্যব্যৱস্থাৰ প্রথম নিদর্শন হিচাপে এক অভূতপূর্ব নৰমেধৰ সূচনা কৰিছিল৷ প্রায় একে সময়তে পূর্ববংগ আৰু দেশৰ বিভিন্ন স্থানলৈ সাম্প্রদায়িক সংঘর্ষৰ দাৱানল বিস্তাৰিত হৈছিল৷ জিন্নাই পূব পাকিস্তানত সমগ্র বংগৰ (পূব আৰু পশ্চিম) লগতে বর্তমান ভাৰতৰ গোটেই উত্তৰ–পূব অঞ্চল অন্তর্ভুক্ত কৰিবলৈ সর্বশক্তিৰে হেঁচা দিছিল৷ কিন্তু লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রচেষ্টাত যিদৰে অসম তথা পূর্বোত্তৰ অঞ্চল পাকিস্তানৰ মানচিত্রত সন্নিৱিষ্ট হোৱাৰ পৰা ৰক্ষা পৰিছিল, ঠিক একেদৰে বংগৰ সিংহপুৰুষ শ্যামাপ্রসাদ মুখোপাধ্যায়ৰ তৎপৰতাত পশ্চিমবংগয়ো পাকিস্তানৰ কুক্ষিগত হোৱাৰ পৰা নিস্তাৰ পাইছিল৷ ফলত মহম্মদ আলি জিন্নাৰ সপোনৰ পূব পাকিস্তান একমাত্র পূর্ব বংগতে সীমিত হৈ ৰৈছিল৷ সেয়ে হ’লেও জিন্নাপন্থীসকলে এখন বৃহত্তৰ পাকিস্তান গঠনৰ আঁচনি কোনোকালেই পৰিহাৰ কৰা নাই৷ জম্মু–কাশ্মীৰেই তাৰ জ্বলন্ত প্রমাণ৷ পাকিস্তান গঠনৰ মূল ভিত্তিয়েই হৈছে দ্বি–জাতি তত্ত্ব৷ অর্থাৎ ভাৰতীয় উপ–মহাদেশৰ যি যি অঞ্চলতে মুছলমান সংখ্যাগৰিষ্ঠতা প্রতিপন্ন হ’ব, তেনে প্রতিটো অঞ্চলকে পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ প্রয়াস অব্যাহত থাকিব৷ পিছে এইখিনিতে মন কৰিবলগীয়া কথা এইটোহে যে যি সময়ত অসমক পাকিস্তানত চামিল কৰাৰ দাবী উত্থাপিত হৈছিল, তেতিয়া ৰাজ্যখনত মুছলমান লোক আছিল মুঠ জনসংখ্যাৰ প্রায় চৌবিছ শতাংশহে৷ আনহাতে আজিও পশ্চিমবংগত ইছলামধর্মীসকলৰ আনুপাতিক জনসংখ্যা আঠাইছ শতাংশ৷ তথাপি ভাৰতৰ এই দুটা সুবৃহৎ অঞ্চল পাকিস্তানত সুমুৱাবলৈ জিন্নাৰ দল উঠিপৰি লাগিছিল৷ প্রকৃতপক্ষে ভাৰতীয় উপ–মহাদেশখনত নৃগোষ্ঠীয় পৰিষ্কৰণৰ Ethnic cleansing) ধাৰণাটোৰ প্রৱর্তক আছিল মহম্মদ আলি জিন্না৷ ইপিনে ইউৰোপত হিটলাৰে ইহুদী জাতিটোক নির্মূল কৰিবৰ নিমিত্তে নাৰকীয় আঁচনি কার্যকৰী কৰি মানৱ ইতিহাস কলংকিত কৰি তুলিছিল আৰু প্রায় একে সময়তে ভাৰতত জিন্নাৰ নির্দেশত চলিছিল হিন্দুৰ ওপৰত দিশে দিশে অকথ্য নির্যাতন৷ সৌ সিদিনালৈকে কাশ্মীৰত অব্যাহত আছিল এই অমানুষিক প্রক্রিয়া৷ অলপতে কাশ্মীৰী হিন্দু শৰণার্থীসকলৰ এগৰাকী মুখপাত্রই প্রচাৰ মাধ্যমৰ সমুখত এক ৰোমহর্ষক বর্ণনা দাঙি ধৰি কৈছে যে বিগত শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণিতে ধর্মীয় সন্ত্রাসবাদীহঁতে কাশ্মীৰৰ ভূমিপুত্র হিন্দুসকলৰ সমুখত এই তিনিটা বিকল্প আগবঢ়াইছিল –Convert, quit or be killed– অর্থাৎ ধর্মান্তৰিত হোৱা এই স্থান ত্যাগ কৰা অথবা মৃত্যুক আঁকোৱালি লোৱা৷ উল্লেখযোগ্য যে সেই মহিলাগৰাকীৰ স্বামীক ধর্মোন্মাদ দলটোৰ সদস্যবোৰে অমানুষিকভাৱে হত্যা কৰিছিল আৰু পৰিয়ালৰ আন লোকসকলে কাশ্মীৰ ত্যাগ কৰি অন্য কোনো নিৰাপদ স্থানত আশ্রয় গ্রহণ কৰিছিলগৈ৷
পূর্ববংগ অর্থাৎ বর্তমানৰ বাংলাদেশতো হিন্দু নির্যাতনৰ ছবিখন তথৈৱচ৷ সেয়ে নোহোৱা হ’লে অঞ্চলটোত বসবাস কৰি থকা ১৯৪৭ চনৰ ছয়ত্রিশ শতাংশ হিন্দুৰ সংখ্যা ক্রমাগতভাৱে হ্রাস পাই বর্তমান সময়ত আঠ দশমিক সাত শতাংশলৈ নানামিলহেঁতেন৷ কোৱা বাহুল্য যে পূর্ববংগ ত্যাগ কৰি অহা প্রায় এশ শতাংশ হিন্দুৱেই ভাৰতৰ বিভিন্ন স্থানত শৰণার্থীৰ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে৷ এনে শৰণার্থীসকলৰ এটা বুজন অংশই অসমতো আশ্রয় গ্রহণ কৰিছিলহি৷ যাৰ ফলত এই ৰাজ্যখনৰ জনগাঁথনিত এক বিৰূপ প্রভাৱ পৰাৰ কথা অনস্বীকার্য৷ দৰাচলতে দেশ বিভাজনৰ ফলত যি বৃহৎসংখ্যক হিন্দু ভাৰতলৈ আশ্রয় বিচাৰি আহিল, তেওঁলোকৰ দায়িত্ব গ্রহণ কৰাটো ভাৰত ৰাষ্ট্র–যন্ত্রৰ অন্যতম মৌলিক কর্তব্য৷ মানৱতাৰ বিৱেচনাৰেও ভাৰতে এই দুর্ভগীয়া লোকসকলৰ দায়িত্ব স্বীকাৰ কৰাৰ বিকল্প নাই৷ যিসকল লোকৰ চৰম ত্যাগৰ বিনিময়ত আমাৰ দেশখনে পৰাধীনতাৰ শৃংখল মোচন কৰিবলৈ সক্ষম হ’ল, সেইসকলৰ ভিতৰত শৰণার্থীসকলক স্থান নিদিলে ভাৰতীয় মহাজাগতিক ইতিহাসে কদাপি ক্ষমা নকৰিব৷
প্রায় তিনি দশক পূর্বে এখন ইংৰাজী চলচ্চিত্র চোৱা মোৰ মনত আছে৷ ছবিখনৰ নাম আছিল–The Last twenty four hours of adolf Hitler৷ দ্বিতীয় বিশ্বযুদ্ধৰ এই খলনায়কজনৰ জীৱনৰ কি পৰিস্থিতিত সমাপ্তি ঘটিছিল, তাৰ জীৱন্ত বর্ণনা উক্ত চলচ্চিত্রখনত কলাসুলভভাৱে ফুটাই তোলা হৈছিল৷ প্রায় আঠ কোটি মানুহৰ মৃত্যুৰ বাবে মূলতঃ দায়ী এইজন লোকে অৱশেষত এটা ভূনিম্নস্থ গুপ্তকক্ষত আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হৈছিল৷
আমাৰ সমাজত এষাৰ কথাৰ প্রচলন আছে যে ‘যেনে গছ ৰুবা তেনে গুটি খাবলৈ পাবা৷’ পাকিস্তান নামৰ বিষবৃক্ষৰ ৰোপণকর্তা মহম্মদ আলি জিন্নাৰো জীৱনৰ অন্তিম দশা অতিশয় শোচনীয় হৈ উঠিছিল৷ নামত তেওঁ আছিল পাকিস্তানৰ ৰাষ্ট্রপিতা কুৱেইদ–ই–আজম৷ কিন্তু মৃত্যুৰ পূর্বে তেওঁ এক গভীৰ ষড়যন্ত্রৰ বলি হ’ব লগা হৈছিল৷ এই কথা লিপিবদ্ধ হৈছে তেওঁৰ ভগ্ণী ফাটিমা জিন্নাৰ’My Brother’ নামৰ গ্রন্থত৷ পাকিস্তান ৰাষ্ট্র গঠন হোৱাৰ পূর্বেই হাঁওফাঁওৰ কর্কট ৰোগত আক্রান্ত হোৱা জিন্না তেওঁৰ জীৱনৰ অন্তিম অধ্যায়টোত ইমানেই হতাশাগ্রস্ত হৈ পৰিছিল যে যিকোনো চিকিৎসা ল’বলৈকো তেওঁ স্বীকাৰ কৰিছিল৷ জীৱদ্দশাৰ শেষ যাত্রাত তেওঁ ব্যৱহাৰ কৰা এম্বুলেঞ্চখনৰ আদবাটতে ইন্ধন শেষ হোৱাত পথৰ ওপৰতে দুঘণ্টা সময় জিন্নাই ছাটিফুটি কৰি পাৰ কৰিব লগা হৈছিল৷ কোটি কোটি নিৰীহ লোকৰ ৰক্তৰে ৰঞ্জিত যি দুখন হাতেৰে জিন্নাই পাকিস্তান ৰাষ্ট্রক বীজ বপন তথা ৰোপণ কৰিছিল, সেই দেশখনৰ প্রথমজন গৱর্নৰ জেনেৰেল হৈছিল তেওঁ৷ তৎসত্ত্বেও জীৱনৰ অন্তিম ক্ষণত তেওঁৰ বাবে সামান্য ইন্ধনো উপলব্ধ হোৱা নাছিল৷
আজিৰ এই আলচটিৰ পৰা এই সিদ্ধান্তই নির্গত হৈছে যে পাপীয়েই হওক কিম্বা পুণ্যৱান– সকলোৰে জীৱনৰ অন্তিম সত্য হৈছে মৃত্যু৷ মনুষ্যদেহ বিনাশশীল, কিন্তু প্রমূল্য অবিনাশী– চিৰন্তন৷ এনে ভাৱনাৰে প্রতিজন ব্যক্তি উদ্বুদ্ধ হ’লে এই বিনন্দীয়া ধৰাখন মানুহৰ বাবে নিশ্চয় অধিক বাসোপযোগী হৈ উঠিব৷
লেখক ‘আধুনিক অসমীয়া শব্দ–কোষ’ৰ

You might also like