নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত বিদ্রোহ

বিগত ২০১৯ চনৰ লোকসভা নির্বাচনৰ পৰাজয়ৰ পাছত নৈতিক দায়িত্ব স্বীকাৰ কৰি কংগ্রেছ সভাপতি পদ এৰিছিল ৰাহুল গান্ধীয়ে৷ সেই সময়ত দলৰ জ্যেষ্ঠ নেতৃবৃন্দৰ আহ্বানমর্মে ছোনিয়া গান্ধীয়ে অন্তর্ৱর্তীকালীনভাৱে দলৰ সভানেত্রীৰ কার্যভাৰ গ্রহণ কৰে৷ বর্তমানেও ছোনিয়া গান্ধীয়েই দলৰ সভানেত্রীৰ দায়িত্বত আছে৷ কিন্তু ইয়াৰ মাজতে দলত আভ্যন্তৰীণ নির্বাচন অনুষ্ঠিত কৰাৰ বিষয়টোক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত সূচনা হৈছে মুকলি বিদ্রোহৰ৷ অকল মুকলি বিদ্রোহেই নহয়, এই বিষয়টোক কেন্দ্র কৰি কংগ্রেছ দুটা শিবিৰত বিভক্ত হৈ পৰিছে৷ এটা শিবিৰে গান্ধী পৰিয়ালৰ প্রতি আনুগত্য প্রদর্শন কৰাৰ বিপৰীতে আনটো শিবিৰে ইয়াৰ বিপৰীত মেৰুত অৱস্থান কৰি নির্বাচনৰ জৰিয়তে দলৰ মুৰব্বী বাছনি কৰাৰ বাবে স্পষ্ট মত প্রকাশ কৰিছে৷ বিগত ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰা শেহতীয়া বিহাৰ বিধানসভা নির্বাচনলৈকে উপর্যুপৰি শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্রেছত প্রকৃততে মুকলি বিদ্রোহৰ উক্মুকনি ঘটিছিল যোৱা আগষ্ট মাহতেই৷ গোলাম নবী আজাদ, আনন্দ শর্মাৰ দৰে ২৩জনকৈ জ্যেষ্ঠ নেতাই অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা এখন পত্রৰ জৰিয়তে সাংগঠনিক নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল৷ সেই সময়ত অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে এই বিদ্রোহী নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছিল যদিও তেওঁলোক কোনোপধ্যেই নিজৰ স্থিতিৰ পৰা আঁতৰি নাহিল৷ ইয়াৰ পৰিপ্রেক্ষিতত যিমান সোনকালে সম্ভৱ, দলৰ সাংগঠনিক তথা সভাপতি পদৰ নির্বাচন অনুষ্ঠিত কৰাৰ অনানুষ্ঠানিক সিদ্ধান্ত হৈছিল৷ কিন্তু বাস্তৱত সেই সিদ্ধান্ত কার্যকৰী নোহোৱাত যোৱা শুকুৰবাৰে অনুষ্ঠিত কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠক বিদ্রোহী নেতাসকলে একপ্রকাৰ উত্তপ্ত কৰি তোলে৷ সর্বোচ্চ নীতি নির্ধাৰক কংগ্রেছ ৱর্কিং কমিটীৰ এই বৈঠকখনেই কার্যতঃ উন্মোচিত কৰিলে নির্বাচনী ৰণত বাৰম্বাৰ বিধ্বস্ত হৈ পৰা দলটোৰ আভ্যন্তৰীণ কন্দল৷ সন্মুখত অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পডুচেৰী বিধানসভা নির্বাচন আছে৷ এই পাঁচ বিধানসভা নির্বাচনক লৈ ইতিমধ্যে বিজেপিয়ে ব্যাপক প্রস্তুতি আৰম্ভ কৰাৰ বিপৰীতে কংগ্রেছৰ শীর্ষ নেতৃত্ব এতিয়া ব্যস্ত দলৰ সভাপতি তথা সাংগঠনিক নির্বাচনক লৈহে৷ এইটোৱেই উদঙাই দিছে স্বাধীনতাৰ পাছত সর্বাধিক সময় দেশৰ শাসনত থকা কংগ্রেছৰ বর্তমানৰ অৱস্থা৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যিসকল নেতাই নির্বাচনৰ জৰিয়তে দলৰ পূর্ণকালীন সভাপতি বাছনিৰ দাবী তুলিছে, তেওঁলোকৰ ভিতৰত গোলাম নবী আজাদ, আনন্দ শর্মাৰ উপৰি আছে পি চিদাম্বৰম, কপিল ছিবাল, মুকুল ৱাছনিক, মনীষ তিৱাৰীৰ দৰে শীর্ষ নেতা৷ বিদ্রোহী নেতাসকলে যুক্তি দিছে যে অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীৰ অসুস্থতাৰ বাবে দল পৰিচালনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে৷ সেয়েহে দলটোক গতিশীল কৰাৰ স্বার্থত পূর্ণকালীন আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ বাবে সাংগঠনিক নির্বাচন অনুষ্ঠিত কৰাটো প্রয়োজন৷ বিদ্রোহী নেতাসকলৰ এনে মতক কেন্দ্র কৰি কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠক চলি থকাৰ মাজতে তীব্র বাক্–বিতণ্ডাৰ সৃষ্টি হোৱাৰ দৰে ঘটনাও ঘটিছে৷ ছোনিয়া গান্ধীৰ সন্মুখতে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট আৰু বিদ্রোহী জ্যেষ্ঠ কংগ্রেছী আনন্দ শর্মাৰ মাজত চলা বাক্–বিতণ্ডা যথেষ্ট তাৎপর্যপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ অৱশ্যে কংগ্রেছ ৱর্কিং কমিটীয়ে অহা জুন মাহৰ ভিতৰত দলৰ সাংগঠনিক তথা পূর্ণকালীন সভাপতি পদৰ নির্বাচন সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কিন্তু এই সিদ্ধান্ত কংগ্রেছত উদ্ভৱ হোৱা মুকলি বিদ্রোহৰ অৱসান ঘটোৱাৰ ক্ষেত্রত কিমান সহায়ক হ’ব, সেয়া সময়তহে ক’ব পৰা যাব৷ কিয়নো সাংগঠনিক নির্বাচনৰ দাবীৰে বিদ্রোহী শিবিৰে গান্ধী পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ বিপৰীতে আনটো শিবিৰে গান্ধী পৰিয়ালৰ প্রতি সমর্থন ব্যক্ত কৰি আহিছে৷

You might also like