নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–এআইইউডিএফে কাম কৰি আহিছে বিদেশীৰ স্বার্থত

বিজনী–সৰভোগ–ধর্মপুৰত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ বিজেপিৰ আন ষ্টাৰ কেম্পেইনাৰসকলৰ সমান্তৰালভাৱে তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিতব্য নামনি অসমৰ সমষ্টিসমূহত মাৰাথন প্রচাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজিৰ দিনটোত তেওঁ পাঁচখনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰে৷ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজনী সমষ্টিৰ বিজেপি প্রার্থী অজয় কুমাৰ ৰায়, বাঁহবাৰীত সৰভোগ সমষ্টিৰ বিজেপি প্রার্থী শংকৰ চন্দ্র দাস, শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ধর্মপুৰ সমষ্টিৰ প্রার্থী চন্দ্রমোহন পাটোৱাৰী, দুধনৈ ৰাজহুৱা খেলপথাৰত ৰাভা হাছং যৌথ সংগ্রাম সমিতি প্রক্ষেপিত বিজেপি প্রার্থী শ্যামজিৎ ৰাভা, লোহাৰঘাটত পলাশবাৰী সমষ্টিৰ বিজেপি প্রার্থী হেমাংগ ঠাকুৰীয়া আৰু কলিতাকুছি ৰাজাবজাৰত আয়োজিত বিশাল নির্বাচনী সমাৱেশত হাজো সমষ্টিৰ বিজেপি প্রার্থী সুমন হৰিপ্রিয়াৰ হৈ প্রচাৰ চলায় মুখ্যমন্ত্রী সোণোৱালে৷

নিজ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক পুনৰ তীক্ষ্ণ সমালোচনা কৰে৷ তেওঁ কয় যে কংগ্রেছ আৰু বদৰুদ্দিন আজমল অসমীয়া জাতিৰ দুই মহাশত্রু৷ তেওঁলোকে অসমীয়া জাতীয় জীৱনক কেতিয়াও শ্রদ্ধা নকৰে৷ সন্মানো নিদিয়ে, নিৰাপত্তাও নিদিয়ে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ দৰে শক্তিয়ে সমাজত অশান্তি সৃষ্টি কৰি আহিছে৷ এই দুয়োটা দলে কাম কৰি আহিছে বিদেশীৰ স্বার্থত৷ বিগত পাঁচ বছৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকক আস্থা আৰু বিশ্বাসত লৈ এক শক্তিশালী গণতান্ত্রিক বাতাৱৰণ সূচনা কৰিবলৈ সমর্থ হৈছে৷ বিজেপি চৰকাৰে সকলোকে ন্যায়, সুৰক্ষা আৰু মর্যাদা দিছে৷ সকলোৰে স্বাভিমান ৰক্ষাৰ বাবে নিষ্ঠাৰে কাম কৰিছে৷ চৰকাৰখনে কামে–কাজে প্রমাণিত কৰিছে যে বিজেপি থাকিলেহে সকলোৰে মর্যাদা অক্ষুণ্ণ থাকিব৷ কংগ্রেছৰ কার্যকালত বিজনী অঞ্চলত গোষ্ঠীসংঘর্ষৰ বাবে অশান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বড়ো আৰু ধর্মীয় সংখ্যালঘুৰ লগতে বড়ো আৰু আদিবাসীৰ মাজত সংঘাত হৈছিল৷ ইয়াৰ ফলত বহু নিৰীহ লোকে মৃত্যুক সাবটি ল’বলগীয়া হ’ল৷ কংগ্রেছৰ কার্যকালত হিংসা, হত্যা, সংঘর্ষ হোৱা বাবে মানুহে নিৰাপত্তাহীনতাত ভুগিছিল৷

সেই বাবে পৰিৱর্তন, শান্তি আৰু সমন্বয়ৰ সমাজ গঢ়াৰ স্বার্থত জনসাধাৰণে ঐক্যবদ্ধভাৱে ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰখনক শাসন ক্ষমতাত অধিষ্ঠিত কৰিছিল৷ ৰাইজৰ সহযোগত চৰকাৰখনে সততা, নিষ্ঠাৰে কাম কৰিলে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জনসাধাৰণক প্রতিশ্রুতি দিছিল৷ কংগ্রেছৰ দুর্নীতি আৰু ভ্রষ্টাচাৰৰ বাবে সকলো শ্রেণীৰ জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কংগ্রেছৰ শাসনকালত দালালে বিভিন্ন আঁচনিৰ নামত জনসাধাৰণৰ পৰা ঘোচ লৈছিল৷ কংগ্রেছৰ কার্যকালত যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে টকা–পইচা দিব লগা হৈছিল৷ কৃষক, যুৱক–যুৱতী, মহিলাকে ধৰি সমাজৰ সকলো শ্রেণীৰ নাগৰিকে কংগ্রেছে সৃষ্টি কৰা মধ্যভোগীক ধন দিবলগীয়া হৈছিল৷ ৰাইজ বহু হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ জনসাধাৰণে সন্মুখীন হোৱা এই হাৰাশাস্তিৰ পৰা মুক্ত কৰিবলৈ দুর্নীতিৰ বিৰুদ্ধে চৰকাৰখনে শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে৷ বহু দুর্নীতিপৰায়ণ বিষয়া–কর্মচাৰীক জে’ল–হাজোতলৈ প্রেৰণ কৰা হৈছে বুলিও তেওঁ দোহাৰে৷ নিজ ভাষণত মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে বিজেপি থাকিলে সকলোৰে মান–সন্মান থাকিব৷ কংগ্রেছৰ কার্যকালত মহিলাৰ ওপৰত অত্যাচাৰ হৈছিল৷ কিন্তু কংগ্রেছে সেই অত্যাচাৰী লোকসকলক শাস্তি দিব পৰা নাছিল৷ ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে মহিলাৰ বিৰুদ্ধে অপৰাধ কার্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ বিজেপিয়ে সমন্বয়, ভাতৃত্ববোধত বিশ্বাস কৰে৷ আজি বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ লোক একাকাৰ হৈছে আৰু শক্তিশালী অসম নির্মাণৰ যাত্রাত অগ্রসৰ হৈছে৷ সেই বাবেই ৰাইজে বিজেপিক সহায় কৰা উচিত৷ আগন্তুক পাঁচ বছৰ চৰকাৰখন শাসন ক্ষমতালৈ আহিলে বহু আঁচনিৰ দ্বাৰা ৰাইজ লাভান্বিত হ’ব পাৰিব৷

ভাষণ প্রসংগত তেওঁ অৰুণোদয়, নিবনুৱা যুৱক–যুৱতীৰ কর্মসংস্থাপন, মুখ্যমন্ত্রী কৃষি সা–সঁজুলি আঁচনিৰ দৰে বিভিন্ন আঁচনিৰ দ্বাৰা আগন্তুক দিনত লাভান্বিত হ’ব পৰাকৈ ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে৷ প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত গৃহহীন প্রতিটো পৰিয়ালকে গৃহ প্রদান কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ জনসাধাৰণৰ সুৰক্ষা, প্রগতি আৰু মর্যাদা ৰক্ষা কৰাটো বিজেপিৰ দায়িত্ব আৰু কর্তব্য বুলি উল্লেখ কৰি তেওঁ বিজেপি, ইয়াৰ মিত্রজোঁটৰ প্রার্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে কংগ্রেছৰ শাসনকালত জনসাধাৰণে প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছিল৷ ইয়াৰ ফলত জনসাধাৰণৰ প্রশাসনৰ ওপৰত বিশ্বাস নোহোৱা হৈছিল৷ জনসাধাৰণে ভাবিছিল প্রশাসন ক্ষমতাশালী আৰু ধনীক শ্রেণীৰ বাবেহে৷ কিন্তু বিজেপিৰ শাসনকালত প্রশাসনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস ঘূৰি আহিছে৷ কংগ্রেছৰ শাসনকালত অস্থিৰতাৰ বাতাৱৰণৰ সূচনা হৈছিল৷ আজি ৰাজ্যখনত শান্তি হোৱা বাবে প্রগতি সম্ভৱ হৈ উঠিছে৷ ৰাইজক অন্ধকাৰত ৰাখি বিজেপিয়ে কোনো কাম কৰা নাই৷ চৰকাৰখনে স্বচ্ছ আৰু নিকা ব্যৱস্থা এটা গঢ়ি তুলিছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ জৰিয়তে আগন্তুক দিনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কথা প্রমাণিত হৈছে বুলি তেওঁ দাবী কৰে৷ উল্লেখ্য যে সংশ্লিষ্ট সমষ্টিত অনুষ্ঠিত বিশাল নির্বাচনী সমাৱেশত প্রার্থীৰ উপৰি কেইবাজনো দলীয় নেতাই মুখ্যমন্ত্রী সোণোৱালক সংগ দিয়ে৷

You might also like