নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন আৰু সামাজিক মাধ্যম

ছ’চিয়েল মিডিয়া অর্থাৎ সামাজিক মাধ্যমৰ সর্বব্যাপী প্রভাৱে লাহে লাহে এতিয়া গ্রাস কৰি আহিছে নির্বাচনসমূহো৷ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থী এজনৰ সামাজিক মাধ্যমত প্রভাৱ কিমান, সেয়া অতিকে গুৰুত্বপূর্ণ হৈ পৰাৰ ফলত নির্বাচনী প্রক্রিয়াটোতেই এতিয়া জড়িত হৈ পৰিছে সামাজিক মাধ্যম৷ তথ্য–প্রযুক্তি আৰু যোগাযোগ ক্ষেত্রখনৰ অভূতপূর্ব পৰিৱর্তনৰ পাছত সমগ্র বিশ্বজুৰি সামাজিক মাধ্যমৰ গুৰুত্ব প্রতিদিনে বৃদ্ধি পাই আহিছে৷ ইণ্টাৰনেট আৰু ই–মেইলৰ জৰিয়তে দ্রুত যোগাযোগৰ আৰম্ভণি হোৱাৰ পাছতেই ফ’ৰজি– ফাইভজি ইণ্টাৰনেট সেৱা আৰু স্মার্ট ফোনে যোগাযোগৰ মাধ্যমত বিশ্বজুৰি এক জোকাৰণি সৃষ্টি কৰে৷ ঠিক এনে সময়তে ফেচবুক–টুইটাৰ, ইনষ্টাগ্রাম–টেলিগ্রাম্ আদিৰ দৰে সামাজিক মাধ্যম আৰু হোৱাট্ছএপ–মেছেঞ্জাৰ্ আদি এপছে যোগাযোগ ব্যৱস্থাটোক হাতৰ মুঠিলৈ লৈ আনে৷ ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমত কৰা এটা মন্তব্যই নিমিষতে লাখ লাখ লোকৰ দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই ছ’চিয়েল মিডিয়া ছাইটসমূহ আধুনিক যুগৰ সবাতোকৈ প্রভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈ পৰে৷ এই মাধ্যমসমূহৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে– এই মাধ্যমত কৰা যিকোনো মন্তব্যই কিমানৰ দৃষ্টি আকর্ষণ কৰিলে অথবা কিমান প্রতিক্রিয়া হ’ল, তাৰ হিচাপ উপলব্ধ হোৱাটো৷ এই হিচাপে সামাজিক মাধ্যমত এজন ব্যক্তিৰ মন্তব্য–বক্তব্য আদিৰ প্রভাৱ তথা জনপ্রিয়তা সহজে উন্মোচিত কৰি তোলে৷ ফলস্বৰূপে এতিয়া প্রচাৰ আৰু বিজ্ঞাপনৰ ক্ষেত্রত সামাজিক মাধ্যমৰ গুৰুত্ব বিশ্বব্যাপী অপৰিসীম হৈ পৰিছে৷ সেই বাবেই এতিয়া ৰাজনৈতিক ক্ষেত্রখনত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ গুৰুত্ব৷ এজন ৰাজনৈতিক নেতাৰ সামাজিক মাধ্যমত প্রভাৱ কিমান, সেয়া তেওঁৰ পোষ্ট অথবা টুইটসমূহৰ ভিউৱাৰৰ জৰিয়তে স্পষ্ট হৈ পৰাৰ ফলত আধুনিক যোগাযোগ প্রযুক্তিয়ে ৰাজনৈতিক নেতাসকলক এই মাধ্যম ব্যৱহাৰ কৰিবলৈ বাধ্য কৰি তুলিছে৷ বিশেষকৈ যুৱ আৰু নৱপ্রজন্মৰ মাজত এই ছ’চিয়েল মিডিয়াৰ জনপ্রিয়তা অভূতপূর্ব হৈ পৰাৰ ফলত ইয়াক আওকাণ কৰাটো সামাজিক–ৰাজনৈতিক ক্ষেত্রৰ ব্যক্তিসকলৰ বাবে অসম্ভৱ হৈ পৰিছে৷ বর্তমান সময়ত জনমত গঠনৰ ক্ষেত্রত যুৱ প্রজন্মই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ সেই বাবেই সামাজিক মাধ্যমৰ জৰিয়তে এই প্রজন্মক আকর্ষিত কৰা অথবা এই প্রজন্মৰ ওচৰ চপাটো এনে ক্ষেত্রৰ ব্যক্তিসকলৰ বাবে অত্যন্ত জৰুৰী হৈ পৰিছে৷ সেই বাবেই এতিয়া বিশ্বৰ বিভিন্ন দেশত নির্বাচনৰ সময়ত সামাজিক মাধ্যমৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাই আহিছে৷
অসমত অনুষ্ঠিত হৈ থকা বিধানসভা নির্বাচনৰ সময়তো সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰ পৰিলক্ষিত হৈছে৷ প্রতিটো ৰাজনৈতিক দলেই নির্বাচনী প্রচাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ সহায় লোৱাটো কার্যতঃ দলীয় আনুষ্ঠানিকতালৈ পর্যবসিত হৈ পৰিছে৷ নিজৰ নিজৰ ৰাজনৈতিক আদর্শ তথা লক্ষ্য জনতাৰ মাজলৈ লৈ যোৱাৰ বাবে সবাতোকৈ সহজ মাধ্যম হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ ৰাজনৈতিক দল তথা নির্বাচনৰ প্রার্থীসকলে নির্বাচনী প্রচাৰৰ বাবে সামাজিক মাধ্যমৰ সহায় লোৱাটো অত্যন্ত জৰুৰী বুলি বিবেচিত হৈছে৷ এজন ৰাজনৈতিক নেতাৰ সামাজিক মাধ্যমত জনপ্রিয়তাৰ ওপৰত আনকি জয়–পৰাজয়ো নির্ভৰশীল হৈ পৰিছে৷ সামাজিক মাধ্যমত থকা জনপ্রিয়তাই এগৰাকী ৰাজনৈতিক নেতাৰ প্রভাৱৰ উমানো দিয়ে ৰাজহুৱা ৰূপত৷ আনহাতে, এনে ৰাজনৈতিক নেতাই সামাজিক মাধ্যমত কৰা মন্তব্যই বাস্তৱত কিমান প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়, সেয়াও হিচাপ–নিকাচ হোৱাৰ ফলত সামাজিক মাধ্যমৰ গুৰুত্ব বিভিন্ন দৃষ্টিকোণৰ পৰা বৃদ্ধি পাই আহিছে৷ সেই বাবেই এতিয়া বহু ৰাজনৈতিক নেতাই সামাজিক মাধ্যমত বিতর্কিত মন্তব্য প্রকাশ কৰি জনপ্রিয়তা অর্জন কৰিবলৈ চেষ্টা চলোৱাও পৰিলক্ষিত হৈছে৷ আনহাতে, সামাজিক মাধ্যমত কৰা মন্তব্যসমূহৰ ক্রিয়া–প্রতিক্রিয়াসমূ সকলোৰে দৃষ্টিগোচৰ হোৱাৰ ফলত নেতাসকলে এনে মন্তব্যৰ প্রভাৱ জুখি চাবলৈও সক্ষম হয়৷ সেই বাবেই এতিয়া নির্বাচনী ৰণকৌশলত সামাজিক মাধ্যমৰ ব্যৱহাৰ এক অবিচ্ছেদ্য অংগ ৰূপে পৰিগণিত হোৱাই নহয়, আগন্তুক দিনত সমগ্র নির্বাচনী প্রক্রিয়াটোকে সামাজিক মাধ্যমে নিয়ন্ত্রিত কৰিব বুলি অনুমান কৰা হৈছে৷

You might also like