নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিখৰত পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত ৰাখিছে৷ প্রতিলিটাৰ পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবোৱাৰ পিছত আজি প্রতিলিটাৰ ডিজেলৰ মূল্যয়ো শতকৰ ঘৰ অতিক্রম কৰিলে৷ বিগত কেইমাহমান ধৰি পেট্র’ল আৰু ডিজেলৰ মূল্য হোৰাহোৰে বৃদ্ধি পাই আছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে পেট্র’ল–ডিজেলৰ মূল্য প্রতিদিনেই সংশোধন ঘটাই আছে৷ আজি প্রতিলিটাৰ পেট্র’লত ২৫ পইচা আৰু প্রতিলিটাৰ ডিজেলত ৩০ পইচা বৃদ্ধি কৰাৰ লগে লগে এই দুই ইন্ধনৰ মূল্যই নতুন শিখৰ পালে৷

প্রথমবাৰৰ বাবে দেশত প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০ অতিক্রম কৰিলে৷ মধ্যপ্রদেশৰ ভূপাল আৰু ইন্দোৰত আজি প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০ টকাৰ পৰা ১০০.১০ টকালৈ বৃদ্ধি পাইছে৷ পেট্র’ল পাম্প ডীলাৰ এছ’চিয়েচনৰ সভাপতি অজয় সিঙে প্রকাশ কৰা মতে, মধ্যপ্রদেশৰ ৰাজধানী ভূপালত প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০.১০ টকা৷ আনপিনে প্রতিলিটাৰ পেট্র’লৰ মূল্য ১১১.১০ টকা৷ লক্ষণীয় যে এই মূল্য দেশৰ মেট্র’ চহৰতকৈ অধিক৷ সর্বকালৰ অভিলেখ ভংগ কৰি ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০২.৬৪ টকা, মুম্বাইত দেশৰ ভিতৰত সর্বাধিক ১০৮.৬৭ টকা, কলকাতাত ১০৩.৩৬ টকা আৰু চেন্নাইত ১০০.২৩ টকা৷ লক্ষণীয় যে চেন্নাইত প্রথমবাৰৰ বাবে পেট্র’লৰ মূল্যই শতকৰ ঘৰ অতিক্রম কৰিলে৷ ইপিনে প্রতিলিটাৰ ডিজেলৰ ৩০ পইচাকৈ দাম বৃদ্ধি কৰাত ৰাজধানী দিল্লীত ডিজেলৰ মূল্য ৯১.০৭ টকা, মুম্বাইত দেশৰ ভিতৰত সর্বাধিক ৯৮.৮০ টকা, কলকাতাত ৯৪.১৭ টকা আৰু চেন্নাইত ৯৫.৫৯ টকা৷ উল্লেখ্য যে পেট্র’ল আৰু ডিজেলত কেন্দ্রীয় চৰকাৰৰ কৰৰ উপৰি ৰাজ্যৰ ভেট সন্নিৱিষ্ট হৈ থকাৰ বাবে দেশত দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি পাই আছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ তাৰতম্যক লৈ ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ইন্ধনৰ মূল্য নির্ধাৰণ কৰি আহিছে৷

উল্লেখ্য যে অসমৰ ৰাজধানী গুৱাহাটীত প্রতিলিটাৰ পেট্র’লৰ মূল্য ৯৮.৫৩ টকা৷ ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে যিটো হাৰত প্রতিদিনে মূল্য বৃদ্ধি কৰি আহিছে, সেই হাৰ অবিৰত থাকিলে শীঘ্রে শতকৰ ঘৰ অতিক্রম কৰিব পেট্র’লৰ মূল্যই৷ গুৱাহাটীত প্রতিলিটাৰ ডিজেলৰ মূল্য ৯০.২৫ টকা৷ তাৎপর্যপূর্ণ যে পেট্র’ল আৰু ডিজেলক জিএছটিৰ অধীনত আনিবলৈ অর্থনীতিৰ বিশেষজ্ঞসকলে চৰকাৰক পৰামর্শ প্রদান কৰি আহিছে যদিও কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ পিছহুঁহকি আছে৷ কিয়নো পেট্র’ল আৰু ডিজেলক জিএছটিৰ অধীনলৈ আনিলে এই দুবিধ ইন্ধনৰ মূল্য ৬০ৰ পৰা ৭০ৰ মাজতেই থাকিব৷ এনে হ’লে চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণ হ্রাস পাব৷ অলপতে অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত পেট্র’ল আৰু ডিজেল জিএছটিৰ অধীনত আনিব বুলি চর্চা হৈছিল যদিও পৰিষদে এইক্ষেত্রত কোনোধৰণৰ সিদ্ধান্ত গ্রহণ নকৰিলে৷ কার্যতঃ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি কৰি থকাত দেশবাসীৰ ওপৰত অতিৰিক্ত বোজা পৰিছে৷

You might also like