নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুখ্যাত ‘চুল্লী ডিলছ’ৰ মাষ্টাৰমাইণ্ডৰে সম্পর্ক ধৃত নীৰজৰ

বুল্লী বাই এপৰ আঁৰৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ গিটহাব’ প্লেটফর্মৰ দেশ তোলপাৰ লগোৱা ‘বুল্লী বাই’ এপৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ অশালীন মন্তব্য–আলোকচিত্রস্ সামাজিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্রত সক্রিয় দেশৰ শতাধিক মুছলমান মহিলাক নিলামৰ বাবে সাজু কৰাৰ কথা বিয়পাই দিয়া এপটোৰ মাষ্টাৰমাইণ্ড যোৰহাটৰ নীৰজ বৈষ্ণই নিজেই এই তথ্যসমূহ স্বীকাৰ কৰিছে দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ অধীনস্থ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্রেটেজিক অপাৰেচনছ (আই এফ এছ অ’)ৰ আগত৷ আই এফ এছ অ’ৰ মাৰাথন জেৰাত ভূপালস্থিত ভেল’ৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ দ্বিতীয় বর্ষৰ ছাত্র নীৰজে চাইবাৰ অপৰাধৰ জগতখনত ফুলকুমলীয়া বয়সতে বিচৰণৰ কথা সদৰী কৰিবলৈ বাধ্য হয়৷ নতুন দিল্লীৰ এখন নিম্ন আদালতে বৃহস্পতিবাৰে বিয়লি ৭ দিনৰ বাবে আই এফ এছ অ’ৰ জিম্মালৈ প্রেৰণ কৰা নীৰজে প্রথম অৱস্থাত মুখ খোলা নাছিল৷

আনকি তদন্ত প্রক্রিয়া লেহেমীয়া কৰাৰ উদ্দেশ্যে কোনোধৰণৰ সহযোগিতাও কৰা নাছিল নীৰজে৷ ইয়াতে ক্ষান্ত নাথাকি ৪৮ ঘণ্টাৰ ভিতৰত দুবাৰকৈ আত্মহননৰ চেষ্টা কৰাৰ লগতে নিজকে নিঃশেষ কৰি দিয়াৰ হুমকিও দিয়ে ২১ বছৰীয়া চাইবাৰ অপৰাধীজনে৷ অৱশ্যে শেহতীয়াকৈ জেৰাকালত নীৰজে মুখ খোলা বুলি সদৰী কৰিছে আই এফ এছ অ’ৰ মুৰব্বী তথা দিল্লী আৰক্ষীৰ ডিচিপি কে পি এছ মালহোট্রাই৷ নীৰজৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে আই এফ এছ অ’ৰ মুৰব্বী মালহোট্রাই সংবাদ মাধ্যমৰ আগত কয় যে নীৰজে নিজকে কার্যতঃ ‘হেবিচুৱেল হেকাৰ’ ৰূপে দাবী কৰিব বিচাৰে৷ যুৱকজনে মাত্র ১৫ বছৰ বয়সৰ পৰাই ৱেবছাইট বিকৃত কৰাৰ দৰে কামত লিপ্ত হৈ পৰিছিল৷ অকল তাতেই ক্ষান্ত নাথাকি নিজে অধ্যয়ন কৰা বিদ্যালয়খনৰ ৱেবছাইট ১৫ বছৰ বয়সতে ‘হেক্ড’ কৰিছিল৷ পৰৱর্তী সময়ত ভাৰতৰ লগতে পাকিস্তানৰো বিভিন্ন বিদ্যালয়–বিশ্ববিদ্যা ৱেবছাইট ‘হেক্ড’ অথবা বিকৃত কৰাৰ কথা নীৰজে স্বীকাৰ কৰিছে৷ নীৰজে দিয়া এনেধৰণৰ স্বীকাৰোক্তিসমূহৰ সত্যতা নিৰূপণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীৰ শীর্ষ বিষয়াজনে৷ আই এফ এছ অ’ৰ মুৰব্বী মালহোট্রাই দিয়া তথ্য অনুসৰি জেৰাকালত নীৰজে নিজকে ‘গিয়ো’ নামেৰে পৰিচয় দিয়ে৷ এই নামটো জাপানিজ কমিক বুক আৰু এনিমেটেড ছিৰিজ ‘ডেমন শ্লেয়াৰ’ৰ এটা কাল্পনিক চৰিত্র গিয়ু ট’মি’কাৰ আঁত ধৰি লৈছে নীৰজে৷

আনকি চাইবাৰ অপৰাধীজনে ‘গিয়ো’ নামটো ব্যৱহাৰ কৰি শেহতীয়া দুটা বছৰত ৫টাকৈ টুইটাৰ হেণ্ডেল ব্যৱহাৰ কৰিছিল৷ এই@giyu2002, @giyu007, @giyuu84, @giyu94, আৰু@guyi44 এই টুইটাৰ হেণ্ডেলকেইটাৰ জৰিয়তেই বহু বিতর্কিত ‘বুল্লী বাই’ এপ প্রস্তুতৰ দিশত আগবঢ়াৰ সমান্তৰালভাৱে সমাজিক মাধ্যমত মুছলমান মহিলাসকলৰ বিৰুদ্ধে বিভিন্ন অশালীন তথা অশোভনীয় মন্তব্য কৰি আহিছিল নীৰজে৷ এই চাইবাৰ অপৰাধীজনৰ ক্ষেত্রত আন এক গুৰুত্বপূর্ণ তথ্য হ’ল– বিগত বর্ষৰ জুলাই মাহত ‘গিটহাব’ প্লেটফর্মত আপলোড কৰা ‘বুল্লী বাই’ৰ দৰে অনুৰূপ কুখ্যাত এপ ‘চুল্লী ডিল্ছ’ৰ মাষ্টাৰমাইণ্ডৰে সম্পর্ক আছে নীৰজৰ৷ আই এফ এছ অ’ৰ জেৰাকালত নীৰজে এই কথাও স্বীকাৰ কৰিছে৷

লক্ষণীয়ভাৱে ‘চুল্লী ডিল্ছ’ হৈছে দেশৰ প্রথমটো ‘গিটহাব’ গোচৰ৷ কিন্তু বর্তমানলৈকে এই গোচৰত কোনো লোককে গ্রেপ্তাৰ কৰিবলৈ তদন্তকাৰী দল সক্ষম হোৱা নাই৷ ইয়াৰ বিপৰীতে দ্বিতীয়টো ‘গিটহাব’ গোচৰ হিচাপে পৰিচিত ‘বুল্লী বাই’ সম্পর্কত দিল্লী আৰু মুম্বাই আৰক্ষীয়ে পৃথকে পৃথকে অনুসন্ধান চলাই বর্তমানলৈকে চাৰিজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মুম্বাই আৰক্ষীয়ে উত্তৰাখণ্ডৰ শ্বেতা সিং (১৮), মায়াংক ৰাৱাট (২০) আৰু বাংগালুৰুৰ বিশাল কুমাৰ ঝা (২১)ক গ্রেপ্তাৰ কৰাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় নীৰজক৷ মন কৰিবলগীয়া যে নীৰজে মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা শ্বেতা সিঙৰ টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰাৰ লগতে আন দুজনৰ সৈতে ভার্চুৱেলী সম্পর্ক ৰখাৰ কথা স্বীকাৰ কৰিছে৷

উল্লেখ্য যে যোৱা ৩১ ডিচেম্বৰত ‘গিটহাব’ প্লেটফর্মৰ জৰিয়তে ৰাজহুৱা কৰা হৈছিল ‘বুল্লী বাই’৷ বিকৃত আলোকচিত্র–শোভনীয় মন্তব্যৰে বিভিন্ন ক্ষেত্রত প্রতিষ্ঠিত দেশৰ শতাধিক মহিলাক নিলামৰ তথ্য দাঙি ধৰা এই এপটো ৰাজহুৱা হোৱাৰ লগে লগে সমগ্র দেশতে তীব্র হৈ–চৈ লাগে৷ ইয়াৰ মাজতে দক্ষিণ–পশ্চিম দিল্লীৰ কিষাণগড় আৰক্ষী থানাত এখন এজাহাৰ তৰা হয়৷ য’ত নীৰজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এগৰাকী মহিলাৰ বিকৃত আলোকচিত্র আপলোড কৰা হৈছিল৷ এই বিষয়টোৰ অনুসন্ধান চলায়েই অসম আৰক্ষীৰ সহযোগত যোৱা বুধবাৰে নিশা যোৰহাটৰ দিগম্বৰ চুকৰ নিজ বাসগৃহৰ পৰা নীৰজক গ্রেপ্তাৰ কৰিছিল আই এফ এছ অ’ই৷ অভিযানকালত আই এফ এছ অ’ই নীৰজে ব্যৱহাৰ কৰা লেপটপ আৰু ম’বাইল ফোনো জব্দ কৰিছিল৷ আই এফ এছ অ’ৰ মুৰব্বী মালহোট্রাই জানিবলৈ দিয়া মতে, লেপটপটো পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ অন্তত ১৫৩টাকৈ প্রাপ্তবয়স্কৰ ৱেবছাইট নীৰজে বাৰম্বাৰ দর্শন কৰাটো নিশ্চিত হৈছে৷ ইফালে যোৰহাটৰ পৰা গ্রেপ্তাৰ কৰাৰ পাছতে নীৰজক লৈ যোৱা হয় নতুন দিল্লীলৈ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত আদালতত হাজিৰ কৰোৱাত চাইবাৰ অপৰাধীজনক ৭ দিনৰ বাবে আই এফ এছ অ’ৰ জিম্মালৈ প্রেৰণ কৰে৷ সেইমতে বর্তমানে নীৰজ আই এফ এছ অ’ৰ জিম্মাতে আছে৷ বাকী থকা দিনকেইটাত আই এফ এছ অ’ই নীৰজৰ মুখৰ পৰা চাইবাৰ অপৰাধ জগতৰ আন বহু বিস্ফোৰক তথ্য উদ্ধাৰৰ সম্ভাৱনা প্রকট৷

You might also like