নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পজিটিভিটীৰ হাৰ হ্রাস হ’লেই গুৱাহাটীত শিথিল হ’ব নীতি–নিয়ম

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ভিড সংক্রমণ ৰোধৰ বাবে কেন্দ্রীয় চৰকাৰৰ নির্দেশত ভেকচিন প্রদান কার্যসূচী দ্রুত কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই লক্ষ্যৰে ৰাজ্যত প্রতিদিনে তিনি লাখ লোকক ভেকচিন প্রদানৰ পদক্ষেপ লৈছে বিভাগটোৱে৷

শনিবাৰে এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ কামৰূপ (মহানগৰ) জিলাৰ ক’ভিড পৰিস্থিতি সন্দর্ভত আজি এক পর্যালোচনা বৈঠকৰ পাছতেই এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্রী মহন্তই৷ সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি ইতিমধ্যে গুৱাহাটীত ৬ লাখ ৬ হাজাৰ লোকক ভেকচিন প্রদান কৰা হৈছে৷ গুৱাহাটীত প্রায় চাৰি লাখ লোকক ভেকচিন প্রদান কৰিলে এই কার্যসূচী মহানগৰীত সম্পূর্ণ কৰিব পৰা যাব৷ তেওঁ কামৰূপ মহানগৰ জিলাৰ ক’ভিড পৰিস্থিতি সন্দর্ভত বিস্তৃত তথ্য দাঙি ধৰি জানিবলৈ দিয়া মতে, মহানগৰীত তিনিটা ক’ভিড কেয়াৰ চেণ্টাৰত এতিয়াও ১,০৯০খন বিছনা খালী আছে৷ বর্তমান ৬৭১জন ক’ৰোনা আক্রান্তইহে চিকিৎসাধীন হৈ আছে৷ বর্তমান সৰুসজাইত থকা ক’ভিড কেয়াৰ চেণ্টাৰত ৪০০খন, ৰয়েল গ্ল’বেল ক’ভিড চেণ্টাৰত এহাজাৰখন আৰু আজাৰৰ কাঁহিকুছিস্থিত এছ আই আৰ ডিত ২৭০খন বিছনা আছে৷ স্বাস্থ্য বিভাগে আক্রান্তৰ হাৰ হ্রাস কৰাৰ বাবে সর্বাধিক গুৰুত্ব দিছে টেষ্টিং, ট্রেছিং আৰু ট্রিটমেণ্টত৷ সমান্তৰালভাৱে টিকাকৰণ বৃদ্ধিৰ ক্ষেত্রতো স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ হাতত লৈছে৷ ইতিমধ্যে দুহাজাৰটা দল টিকাকৰণৰ বাবে সাজু কৰি তোলা হৈছে৷

ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়ে কামৰূপ ‘মহানগৰ) জিলা উপায়ুক্তৰ কার্যালয়ত ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনা কৰি গুৱাহাটীৰ পজিটিভিটীৰ ৰেট হ্রাস কৰাৰ ক্ষেত্রত কি কি পদক্ষেপ গ্রহণ কৰিব পাৰি, সেই সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ পর্যালোচনা বৈঠকত পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্তই প্রকাশ কৰা মতে, গুৱাহাটীত ইতিমধ্যে ৭৪,৮২৭জন লোকক পৰীক্ষা কৰোৱাৰ অন্তত ৮,১৮৩জন লোক পজিটিভ চিনাক্ত হৈছে৷

আনহাতে, জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৈঠকত স্বাস্থ্যমন্ত্রীক অৱগত কৰে যে যোৱা এক এপ্রিলৰ পৰা ১১ জুনলৈকে জিলাখনৰ ৬,৩৮,৫৫২জন ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে ৫১,৮৮৩জন পজিটিভ চিনাক্ত হৈছে৷ আক্রান্তসকলৰ ২,৮১৫জন কামৰূপ জিলাৰ৷ তদুপৰি ১১ জুন পর্যন্ত মৃত্যু হৈছে ৭৪৮জন ক’ভিড ৰোগীৰ৷ জিলাখনত ৫,১৫,৭৬৫জন লোকক ক’ভিশ্বিল্ড আৰু ৯১,১২৭জন লোকক ক’ভাক্সিন প্রতিষেধক প্রদান কৰা হৈছে৷

ইফালে বৈঠকৰ অন্তত লকডাউন সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে গুৱাহাটীত পূর্বতকৈ পজিটিভিটীৰ হাৰ যথেষ্ট হ্রাস পাইছে৷ এটা সময়ত গুৱাহাটীত ৭ শতাংশলৈ বৃদ্ধি পাইছিল পজিটিভিটীৰ হাৰ৷ বর্তমান তিনি শতাংশলৈ হ্রাস পাইছে আক্রান্তৰ হাৰ৷ অহা ১৫ জুনলৈ আক্রান্তৰ হাৰ এইদৰে হ্রাস পালে গুৱাহাটীত নীতি–নিয়মৰ ক্ষেত্রত কিছু শিথিলতা অনা হ’ব৷ এই পর্যালোচনা বৈঠকত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মা, মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আদিকে কৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

You might also like