বাংলাদেশৰ পৰা অহা মিঞাক অসমৰ বৰঘৰলৈ লৈ আনিব বিচাৰিছে কংগ্রেছে : মুখ্যমন্ত্ৰী
কংগ্রেছ দল সাম্প্রদায়িক আৰু জাতিদ্রোহী৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা কংগ্রেছ দলে অসমৰ মুখ্যমন্ত্রীয়ে সাম্প্রদায়িক ৰাজনীতি কৰা বুলি উত্থাপন কৰা অভিযোগৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দলক উভতি ধৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ পৰিৱর্তে কংগ্রেছেহে সাম্প্রদায়িক ৰাজনীতি আৰু জাতিদ্রোহী কাম–কাজ কৰি অহা বুলি মন্তব্য কৰি কয় যে বাংলাদেশৰ পৰা অহা মিঞাসকলক তুষ্টিকৰণ কৰা মানে সাম্প্রদায়িক ৰাজনীতি হয় নে নহয়? অসমীয়া মানেতো হিন্দু–মুছলমান সব৷ আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ৷ কংগ্রেছে সাম্প্রদায়িক ৰাজনীতি কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে৷
সেই দৃষ্টিকোণৰ পৰা কংগ্রেছ সাম্প্রদায়িক আৰু জাতিদ্রোহী৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমিতো ভাল কামেই কৰি আছোঁ৷ এই কামৰ কাৰণে ৮০০জন শ্বহীদে জীৱন আহুতি দিছিল৷ এই কামৰ কাৰণেইতো বীৰ লাচিত বৰফুকনে হাতত হেংদাং লৈছিল৷ গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তাইদি খোজ কঢ়াটো কেনেকৈ সাম্প্রদায়িক হ’ব পাৰে?
যিসকলে এইবিলাক কৈ আছে সেইবিলাকে অসমত অহা কেইদিন হ’ল বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকৰতো দেউতাক–মাকৰ জন্মই বাংলাদেশত৷ তেওঁলোকে এতিয়া কয়– হিমন্ত বিশ্ব শর্মা সাম্প্রদায়িক৷ মই শ্বহীদৰ আধৰুৱা কৰি যোৱা কামখিনি পূৰণ কৰিবৰ চেষ্টা কৰিছোঁ৷ সেইকাৰণে মই সাম্প্রদায়িক? তেতিয়া হ’লেতো বীৰ লাচিত বৰফুকনো সাম্প্রদায়িক হ’ব৷
কাৰণ তেওঁ মোগলক খেদিছে৷ ময়ো মোগলক খেদিব খুজিছোঁ৷ মই যদি সাম্প্রদায়িক হওঁ, অসমীয়া কোনো মানুহ বাচিয়েই নাথাকিব আৰু ২০ বছৰৰ পাছত৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে ২৬ লাখ বিঘা মাটি দখল কৰি লৈছিল৷ এনে অৱস্থাত কেনেকৈ জাতিটো জীয়াই থাকিব? সেয়ে কংগ্রেছে এইবিলাক কথা কৈ লাভ নাই৷ অসমৰ মানুহ আমাৰ লগত আছে৷ কংগ্রেছ হৈছে অকল মিঞাৰ পার্টী বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰতো মিঞাক বাদ দি কোনো বেলেগ মানুহে কংগ্রেছক ভোট নিদিয়ে৷
এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে সাজু হৈ আছে৷ মিঞা পার্টীক আৰু অসমত আহিব নিদিয়ে৷ এনেদৰে যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ, আমাৰ অসমখন সুৰক্ষিত হ’ব৷ ২ লাখ বিঘা মাটি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিছোঁ৷ হাইলাকান্দিত আঢ়ৈ হাজাৰ বিঘা মাটিত উচ্ছেদ চলি আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– আমাৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে৷
ইফালে ইণ্ডিয়া টুডে’–চি ভোটাৰৰ সমীক্ষাত কংগ্রেছে মুছলমানৰ ভোট পাব বুলি উল্লেখ কৰাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়া মুছলমানৰ ভোট কংগ্রেছে সিমান নাপায়৷ কিন্তু মিঞাসকলৰ ভোট কংগ্রেছে নিশ্চিতভাৱে পাব৷ কিমান শতাংশ পাব–নাপাব আজিয়েই কোৱাটো দিগদাৰ৷ নির্বাচনৰ সময়ত দেখা পাম৷
ইপিনে অগপ–বিজেপিৰ মিত্রতাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অগপ–বিজেপিৰ মিত্রতা থাকিব৷ ক’ৰবাত ক’ৰবাত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব পাৰে৷ কিন্তু সামগ্রিকভাৱে মিত্রতা থাকিবই৷ আনহাতে তিনি গগৈ একত্রিত হোৱাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ গগৈকেইজনৰ কথা কিয় নকয়? আমাৰো তৰংগ গগৈ, চক্র গগৈ আছে৷ তেওঁলোক সৰু পৰিয়ালৰ পৰা অহাৰ কাৰণে আমাৰ সাংবাদিকসকলে তেওঁলোকৰ নাম নলয় নেকি? তৰংগ গগৈ, চক্র গগৈৰ বাপেকৰ নাম নাজানে কাৰণেই আমাৰ গগৈৰ নাম নলয়৷
নিয়মীয়া বার্তা, ভোগপুৰ, ৪ ফেব্রুৱাৰী