নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত অন্য দলত দেখা যাব ভাৰতীয় মূলৰ ৪০জন খেলুৱৈক

মনাংক পেটেল, সৌৰভ নেত্রভালকাৰ, যশপ্রীত সিঙৰ সপোন আছিল টীম ইণ্ডিয়াৰ জার্চীত খেলাৰ৷ সেই সপোন বাস্তৱ নহ’ল৷ অৱশ্যে এইবাৰ তেওঁলোকক দেখা যাব আসন্ন টি–২০ বিশ্বকাপত৷

এইবাৰৰ বিশ্বকাপত ভাৰতীয় মূলৰ ক্রিকেটাৰৰ সংখ্যাগৰিষ্ঠতা৷ ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত মুঠ ৪০জন ভাৰতীয় মূলৰ ক্রিকেটাৰে ৯টা দলক প্রতিনিধিত্ব কৰিব৷ তালিকাৰ শীর্ষত আছে কানাডা৷

কানাডাৰ ১৫জনীয়া দলটোৰ ১১জনেই হ’ল ভাৰতীয় মূলৰ৷ দ্বিতীয় স্থানত আছে আমেৰিকা৷ তেওঁলোকৰ দলটোত ভাৰতীয় মূলৰ ৯জন ক্রিকেটাৰ আছে৷ ওমান আৰু সংযুক্ত আৰব আমীৰ শ্বাহীৰ দলটোত ৭জনকৈ ভাৰতীয় মূলৰ ক্রিকেটাৰ আছে৷

ইয়াৰ উপৰিও নিউজিলেণ্ডত দুজন থকাৰ বিপৰীতে দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ, ইটালী আৰু নেদাৰলেণ্ডছত এজনকৈ ভাৰতীয় মূলৰ খেলুৱৈ আছে৷

ইপিনে, তিনিজন ভাৰতীয় মূলৰ ক্রিকেটাৰে বিশ্বকাপখনত তিনিটা দলক নেতৃত্ব দিব৷ দিলপ্রীত বাজৱাই কানাডাক, মনাংক পেটেলে আমেৰিকাক আৰু জিতিন্দৰ সিঙে ওমানক নেতৃত্ব দিব৷

উল্লেখ্য যে বিশ্বকাপৰ গ্রুপ পর্যায়ত ভাৰতৰ বিৰুদ্ধে প্রথমখন মেচ খেলিব আমেৰিকাই৷ আমেৰিকা দলটোৰ অধিনায়ক মনাংকে গুজৰাটৰ হৈ ১৯ বছৰ অনূর্ধ্ব ক্রিকেট খেলিছিল৷ কিন্তু তাৰ পাছত ভাৰতৰ হৈ খেলাৰ সুযোগ নাপাই আমেৰিকাৰ হৈ খেলিবলৈ আৰম্ভ কৰে৷

উল্লেখ্য যে এইবাৰৰ টি–২০ বিশ্বকাপত সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোকে ধৰি মুঠ ৫৫জন ভাৰতীয় মূলৰ ক্রিকেটাৰক দেখা যাব৷

ডিজিটেল ডেস্ক, ৪ ফেব্রুৱাৰী

You might also like