নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটানৰ কনচুল জেনেৰেলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্রীক

নিয়মীয়া বাৰ্তা, ১৫ মে’: ভূটানৰ কনচুল জেনেৰেল ফুব চেৰিঙে শুকুৰবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয় কক্ষত সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজডিত বিভিন্ন বিষয় আলোচনা কৰে৷

আলোচনাকালত মুখ্যমন্ত্রী ড০ শর্মাই অসমক গুৰুত্ব প্রদানেৰে ভাৰত আৰু ভূটানৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত ভূটানৰ ৰজা আৰু প্রধানমন্ত্রীয়ে গ্রহণ কৰি অহা বিশেষ ভূমিকাৰ শলাগ লয়৷

মুখ্যমন্ত্রীয়ে অসম আৰু ভূটানৰ মাজত থকা ভাতৃত্ববোধৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত বর্তমানৰ ৰাজ্য চৰকাৰ অতিশয় আগ্রহী বুলিও কয়৷ মুখ্যমন্ত্রীয়ে অসম আৰু ভূটানৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্ক বৃদ্ধি, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি আৰু অসম–ভূটান সংযোগী নতুন নতুন পথ নির্মাণৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰে, যাতে এই ঐতিহাসিক সম্পর্ক আৰু অধিক শক্তিশালী হয়৷

ভূটানৰ কনচুল জেনেৰেল ফুব চেৰিঙে অসম আৰু ভূটানৰ মাজত থকা সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰি অহা ভূমিকাৰ শলাগ লয়৷ উচ্চ শিক্ষাৰ বাবে অসমলৈ আহিব বিচৰা ভূটানৰ ছাত্র–ছাত্রীসকলক বিশেষভাৱে সহায় কৰাৰ বাবেও তেওঁ মুখ্যমন্ত্রী ড০ শর্মাক আহ্বান জনায়৷

You might also like