নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য অলিম্পিক: ২০২৪ৰ টি–২০ বিশ্বকাপত খেলিব ২০টা দলে

নিয়মীয়া বাৰ্তা, ১৫ মে’: ২০২৪ৰ টি–২০ বিশ্বকাপত ২০টা দলক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ মূলতঃ ২০২৮ৰ কমনৱেলথ গেমছ আৰু অলিম্পিকত ক্রিকেটক অন্তর্ভুক্ত কৰাৰ লক্ষ্য আগত ৰাখি আইচিচিয়ে ২০২৪ৰ বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধিৰ চিন্তাচর্চা কৰিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’বলৈ এতিয়াও বাকী আছে৷ উল্লেখ্য যে আইচিচিয়ে প্রতিবাৰেই বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি কৰি গৈ আছে৷

২০১১ আৰু ২০১৫ৰ টি–২০ বিশ্বকাপত ১৪টা দল খেলপথাৰত নামিছিল৷ কিন্তু ২০১৯ত ১০টা দলকহে দেখিবলৈ পোৱা যায়৷ এই বছৰ অক্টোবৰ–নৱেম্বৰত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত ১৬টা দলে অংশ লোৱাৰ কথা আছে৷ অৱশ্যে মহামাৰী ক’ৰোনাৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে আইচিচিৰ মেগা ইভেণ্টখন অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে৷

আইচিচিয়ে ইতিমধ্যে ভাৰতৰ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি টি–২০ বিশ্বকাপ অন্য দেশত আয়োজন কৰাৰ চিন্তাচর্চা আৰম্ভ কৰিছে৷ শেষ মুহূর্তত প্রতিযোগিতাখন ইউএইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like