নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত পথ মেৰামতিত দুৰ্নীতি : লোকনিৰ্মাণ বিভাগ-ঠিকাদাৰৰ গোপন বুজাবুজি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : মৰিগাঁৱৰ ভূৰাগাঁৱত পথ মেৰামতিৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে পথ মেৰামতিৰ কাম।নগাঁও-ভূৰাগাঁও পথৰ ভূৰাগাঁৱৰ কুপতিমাৰীৰ পৰা মথাউৰিলৈ পথ মেৰামতিৰ কাম চলি আছে। পথ মেৰামতিৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ সন্দেহ ঠিকাদাৰে জিলা লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি পথ মেৰামতিত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আৱন্টিত সিংহ ভাগ ধন লুন্ঠন কপাৰ বেহু ৰচনা কৰিছে। ঠিকাদাৰজনে যেনে তেনে পথ মেৰামতি কৰি আৱন্টিত ধনৰ অধিকাংশ ধন লুণ্ঠন কৰাৰ অভিপ্ৰায় কৰা বুলি স্হানীয় ৰাইজে অভিযোগ তুলিছে। আজি স্থানীয় ৰাইজে বিভাগীয় প্ৰাককলন মতে মেৰামতিৰ দাবীত কাম বন্ধ কৰি ঠিকাদাৰৰ কৰ্মচাৰীক জবাবদিহি কৰে। উল্লেখ্য যে মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগৰ অধীনত পথ নিৰ্মাণ আৰু পথ মেৰামতি চলি থকা অধিকাংশ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰি আহিছে। এই ক্ষেত্রত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।

প্ৰেৰক আবুল কালাম

You might also like