নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ এমএনচি কলেজৰ আলোচনা-চক্ৰত অংশগ্ৰহণ নীলিমা ভাগৱতীৰ

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰঃ আজি নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰী আৰু শিক্ষক শিক্ষা সংসদ(CTEF), নলবাৰীৰ সহযোগত জিলা ভিত্তিক এখন আলোচনা চক্ৰ আয়োজন কৰা হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা, আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন শিক্ষক শিক্ষা সংসদৰ সচিব প্ৰধান ড: নীলিমা ভাগৱতী। তিনি শতাধিক ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকক উদ্দেশ্যি তেওঁ কয় যে ঋণাত্মক চিন্তাই আমাৰ জীৱনত অত্যন্ত বিৰূপ প্ৰভাৱ পেলায়। আমি প্ৰতিজনে ধনাত্মক হৈ আগবাঢ়িব লাগিব। ঋণাত্মক চিন্তা ই অকল শৈক্ষিক ক্ষেত্ৰত নহয়, শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। আমি প্ৰতিজনে যোগ তথা প্ৰাণায়ামত গুৰুত্ব দিব লাগে। মানসিকভাৱে শক্তিশালী আৰু ধনাত্মক চিন্তা অবিহনে বৰ্তমান সমাজত সুস্থ সবলভাবে বৰ্তি থকা অত্যন্ত কঠিন। অনুষ্ঠানত ছাত্ৰী আৰু অভিভাবকসকলে সমল ব্যক্তিৰ সৈতে মত বিনিময় কৰি অনুষ্ঠানটো মনোগ্ৰাহী কৰি তুলে। উক্ত সভাত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দীপা বৰুৱাই সভাখনত সভাপতিত্ব কৰি সভাখন সুচাৰুৰূপে পৰিচালিত কৰে। বৰপেটাৰ বাপুজী কলেজৰ শিক্ষা বিভাগৰ অধ্যাপিকা, শিক্ষক শিক্ষা সংসদ ,অসম শাখাৰ সচিবপ্ৰধান ড০ গীতাঞ্জলি ভূঞা প্ৰমুখ্যে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে কেইবাজনো শুভাকাংখী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়ায় ।

You might also like